ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ইণ্টাৰনেট নিষেধাজ্ঞাৰ ওপৰত পুনৰীক্ষণ আদেশ প্ৰকাশৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

JK Internet Restriction Plea : উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত ইণ্টাৰনেট নিষেধাজ্ঞা সন্দৰ্ভত পুনৰীক্ষণ আদেশ প্ৰকাশ কৰিবলৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক নিৰ্দেশ দিয়ে ।

জম্মু-কাশ্মীৰৰ ইণ্টাৰনেট নিষেধাজ্ঞাৰ ওপৰত ছুপ্ৰিম কোৰ্ট
জম্মু-কাশ্মীৰৰ ইণ্টাৰনেট নিষেধাজ্ঞাৰ ওপৰত ছুপ্ৰিম কোৰ্ট
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 2:17 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ৩০ জানুৱাৰী : উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু-কাশ্মীৰত ইণ্টাৰনেট নিষেধাজ্ঞা সন্দৰ্ভত পুনৰীক্ষণ আদেশবোৰ আলমাৰীত ভৰাই থোৱাৰ কথা নহয়, বৰঞ্চ সেইবোৰ প্ৰকাশ কৰা উচিত ।

জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এএছজি) কে এম নটৰাজে ন্যায়াধীশ বি আৰ গাভাই আৰু সঞ্জয় কাৰোলক লৈ গঠিত এখন বিচাৰপীঠৰ সন্মুখত উল্লেখ কৰে যে আবেদনকাৰীয়ে জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত ইণ্টাৰনেট নিষেধাজ্ঞা সম্পৰ্কীয় পুনৰীক্ষণ আদেশৰ সন্দৰ্ভত আলোচনাৰ তথ্য প্ৰকাশ কৰিব বিচাৰে । ন্যায়াধীশ গাভায়ে নটৰাজক কয়, "ব্যাখ্যাৰ কথা পাহৰি যাওক, আপুনি আদেশবোৰ প্ৰকাশ কৰক...পুনৰীক্ষণ আদেশ প্ৰকাশ কৰা হ'ব বুলি আপুনি বিবৃতি দিছে নেকি ?" ইয়াৰ উত্তৰত নটৰাজে কয় যে তেওঁ বিষয়টোৰ ওপৰত নিৰ্দেশনা লাভ কৰিব লাগিব ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত ইণ্টাৰনেট নিষেধাজ্ঞা সম্পৰ্কীয় পুনৰীক্ষণ আদেশ প্ৰকাশৰ বাবে ফাউণ্ডেচন অব মিডিয়া প্ৰফেচনেলৰ দ্বাৰা কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছে । আবেদনকাৰীক প্ৰতিনিধিত্ব কৰি অধিবক্তা শাদান ফাৰাছাটে কয় যে পুনৰীক্ষণ আদেশসমূহ আইনখনৰ অধীনত গৃহীত হ'ব লাগিব আৰু সেয়েহে সেইবোৰ প্ৰকাশ কৰিবই লাগিব ।

আনহাতে, কৰ্তৃপক্ষই কৈছে যে বিশেষ সমিতিৰ প্ৰতিবেদন প্ৰকাশ কৰিব নালাগে । ফাৰাছাটে কয় যে তেওঁ সেই বিষয়টোত প্ৰতিদ্বন্দ্বিতা কৰা নাই । ইয়াত ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণ থাকিব পাৰে । কিন্তু পুনৰীক্ষণ আদেশটো এক বিধিবদ্ধ আদেশ আৰু শীৰ্ষ ন্যায়ালয়ে স্পষ্টভাৱে কয় যে মূল আদেশ আৰু পুনৰীক্ষণ প্ৰকাশ কৰিবই লাগিব ।

আনহাতে, নটৰাজে কয় যে এই সকলোবোৰ বিষয় নিয়ন্ত্ৰণৰ সময়ত (অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত) উদ্ভৱ হৈছিল আৰু সেই সকলো নিৰ্দেশনা পালন কৰা হৈছিল, আনকি অৱমাননাও খাৰিজ কৰা হৈছিল । নটৰাজে কয় যে এতিয়া আবেদনকাৰীয়ে এক নতুন আবেদন লৈ আহিছে (আদালতৰ দ্বাৰা গৃহীত হ'বলগীয়া নিৰ্দেশনা সম্পৰ্কে) ।

ইফালে শীৰ্ষ ন্যায়ালয়ৰ অনুৰাধা ভাছিন ৰায়ত ফাৰাছাটে উল্লেখ কৰা অনুচ্ছেদসমূহৰ উদ্ধৃতি দি বিচাৰপীঠে কয়, "পুনৰীক্ষণৰ আদেশবোৰ আলমাৰীত ৰাখিব নালাগে...।" নটৰাজে কয় যে আবেদনকাৰীৰ অধিবক্তাই সেই সকলোবোৰ পৰামৰ্শ বিচাৰিছে । এই ক্ষেত্ৰত ন্যায়াধীশ গাভাই কয় যে আবেদনকাৰীয়ে পুনৰীক্ষণৰ আদেশ প্ৰকাশ কৰাটো বিচাৰে আৰু নটৰাজক পুনৰীক্ষণ আদেশ প্ৰকাশ কৰাটো প্ৰয়োজনীয় নহয় বুলি প্ৰমাণ কৰিবলৈ কয় ।

শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰে যে ফাৰাছাটে কৈছিল যে অনুৰাধা ভাছিন গোচৰৰ ৰায়ত শীৰ্ষ ন্যায়ালয়ে কৈছে যে আনকি পুনৰীক্ষণ আদেশো প্ৰকাশ কৰাৰ প্ৰয়োজন আছে আৰু জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলতো সেইটো কৰা হোৱা নাই । এএছজিয়ে দাবী কৰে যে আদালতৰ আদেশে দেখুৱাইছে যে আলোচনাবোৰ প্ৰকাশ কৰাৰ প্ৰয়োজন নাই ।

"আলোচনাবোৰ প্ৰকাশ কৰাৰ প্ৰয়োজন নহ'বও পাৰে । অৱশ্যে পুনৰীক্ষণৰ বাবে গৃহীত আদেশবোৰ প্ৰকাশ কৰিব লাগিব । নটৰাজে এই সন্দৰ্ভত নিৰ্দেশনা ল'বলৈ দুসপ্তাহৰ সময় বিচাৰে ।" বিচাৰপীঠে নিজৰ নিৰ্দেশত কয় ।

লগতে পঢ়ক :মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী, প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ শীৰ্ষ নেতাৰ শ্ৰদ্ধাঞ্জলি