নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : দিল্লীৰ নেব চৰাই অঞ্চলত উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী যুৱতীক নিৰ্মম নিৰ্যাতন কৰা ঘটনা পোহৰলৈ আহিছে । এজন যুৱকে চাকৰি আৰু বিয়াৰ প্ৰলোভনেৰে যুৱতীগৰাকীক ধৰ্ষণ কৰে । আনহাতে, যেতিয়া যুৱতীগৰাকীয়ে তেওঁক বিয়া কৰাবলৈ হেঁচা দিয়ে, তেতিয়া অভিযুক্তই তেওঁক লোহাৰ ৰডেৰে বেয়াকৈ প্ৰহাৰ কৰে ।
কেৱল সেয়াই নহয়, যুৱতীগৰাকীৰ গাত গৰম দাইলো ঢালি দিয়ে অভিযুক্ত । যাৰ ফলত যুৱতীগৰাকীৰ মুখ আৰু হাত জ্বলি যায় । কেৱল সিমানেই নহয়, অভিযুক্তই তেওঁক কোঠাটোত বন্দী কৰি থৈ সেই স্থানৰ পৰা পলায়ন কৰে । জানিব পৰা মতে, যুৱতীগৰাকী ছিকিমৰ বাসিন্দা ।
যুৱতীগৰাকী প্ৰায় চাৰি-পাঁচ ঘণ্টা ধৰি কোঠাটোত চটফটাই আছিল । চুবুৰীয়াই এই কথা জানিব পাৰি আৰক্ষীক খবৰ দিয়ে। তাৰ পিচত নেব চৰাই আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ যায় । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ৷ লগতে অভিযুক্তক চাটব্ৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে । অভিযুক্তই দিল্লীৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । যুৱতীগৰাকীৰ শৰীৰৰ বিছটা স্থানত আছে আঘাতৰ চিন ।
ঘটনাৰ বিৱৰণী মতে, উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীগৰাকীৰ ফেচবুকৰ জৰিয়তে দিল্লীত বাস কৰা পাৰস নামৰ এজন যুৱকৰ সৈতে বন্ধুত্ব গঢ়ি উঠে । তাৰ পিচত যুৱতীগৰাকীয়ে তেওঁৰ বাবে এটা চাকৰি যোগাৰ কৰিবলৈ কয় অভিযুক্ত পাৰসক । পাৰসে তেওঁক চাকৰিৰ বাবে দিল্লীলৈ আহিবলৈ কয় ।
১০ জানুৱাৰীত দিল্লীলৈ আহে যুৱতীগৰাকী আৰু খানপুৰত পাৰসৰ সৈতে থাকিবলৈ আৰম্ভ কৰে । তাৰ পিচত পাৰসে তেওঁৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন কৰে । দুয়োৱে আনকি বিয়াৰ বিষয়েও কথা পাতিবলৈ আৰম্ভ কৰে । কিন্তু ৩০ জানুৱাৰীত যেতিয়া যুৱতীগৰাকীয়ে তেওঁক বিয়া কৰাবলৈ হেঁচা দিয়ে, তেতিয়া পাৰসে তেওঁক লোহাৰ ৰডেৰে প্ৰহাৰ কৰে আৰু গৰম দাইল তেওঁৰ গাত ঢালি দিয়ে । ফলত যুৱতীগৰাকীৰ হাত আৰু মুখ জ্বলি যায় ।
ইয়াৰ পিচত পাৰসে তেওঁক তেনে অৱস্থাতে এৰি কোঠাটো বন্ধ কৰি পলাই যায় । কোঠাটোৰ ভিতৰত তেওঁ প্ৰায় পাঁচ ঘণ্টা ধৰি কষ্ট ভোগ কৰি থাকে । কিন্তু কেনেবাকৈ এই কথা জানিব পাৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে । তাৰ পিচত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় ৷
লগতে পঢ়ক :কুৱেইটৰ পৰা মুম্বাইলৈ অহা নাৱত ৩ সন্দেহযুক্ত ব্যক্তিক আটক মুম্বাই আৰক্ষীৰ