ETV Bharat / bharat

জনকল্যাণৰ বাবে ৱাকফ ভূমিৰ ব্যৱহাৰ নিশ্চিত কৰিবলৈ নতুন আইন: কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া - SCINDIA ON WAQF ACT

বৰ্তমান ৱাকফ ভূমি জনকল্যাণৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু মুছলমান সম্প্ৰদায়কে ধৰি সমগ্ৰ সমাজৰ এয়াই হৈছে আদৰ্শ । সিন্ধিয়াই কয় ।

Scindia on Waqf Act
কোন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া (PTI)
author img

By PTI

Published : April 9, 2025 at 12:39 PM IST

3 Min Read

গোৱালিয়ৰ : অৱশেষত বহু বিতৰ্ক আৰু জল্পনা-কল্পনাৰ অন্তত মঙলবাৰৰ পৰা কাৰ্যকৰী হৈছে ৱাকফ সংশোধনী আইন । এই সন্দৰ্ভত কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে অধিসূচনা জাৰি কৰি নতুন আইনখন কাৰ্যকৰী কৰে ।

আনহাতে, নতুন আইনখন কাৰ্যকৰী হোৱাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে নতুন ৱাকফ আইনে সম্পত্তিৰ অপব্যৱহাৰ প্ৰতিহত কৰিব আৰু ৱাকফ ভূমি মানুহৰ বিকাশৰ বাবে ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব ।

উল্লেখ্য যে সংসদৰ দুয়োখন সদনত মাৰাথন বিতৰ্কৰ পিছত যোৱা সপ্তাহত লোকসভা আৰু ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত হয় । আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে বিধেয়কখনত সন্মতি প্ৰদান কৰে ।

এই আইনখনৰ উদ্দেশ্য হৈছে ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা (ধৰ্মীয় বা দাতব্য উদ্দেশ্যৰ বাবে মুছলমানসকলে স্থায়ীভাৱে দান কৰা সম্পত্তি) আৰু ঐতিহ্যবাহী স্থানবোৰ সুৰক্ষিত কৰা আৰু সমাজৰ কল্যাণৰ ব্যৱস্থা কৰা ।

এই আইনখনে সম্পত্তি ব্যৱস্থাপনাত স্বচ্ছতা বৃদ্ধি কৰি, ৱাকফ বোৰ্ড আৰু স্থানীয় কৰ্তৃপক্ষৰ মাজত সমন্বয় সুশৃংখল কৰি আৰু অংশীদাৰসকলৰ অধিকাৰ সুৰক্ষিত কৰি শাসন উন্নত কৰিব বিচাৰে বুলি উল্লেখ কৰা হৈছে ।

"বিৰোধীৰ চিন্তা আৰু আদৰ্শ হৈছে ৱাকফৰ (বোৰ্ড) কাম-কাজ একচেটিয়াভাৱে চলোৱা আৰু বস্তুবোৰৰ (সম্পত্তি) অপব্যৱহাৰ কৰা । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি আৰু চৰকাৰে সেইবোৰ উন্মোচিত কৰিছে ।" সিন্ধিয়াই মঙলবাৰে তেওঁৰ লোকসভা সমষ্টি গুণালৈ যোৱাৰ পথত গোৱালিয়ৰত সাংবাদিকৰ আগত কয় ।

তেওঁ কয়, "বৰ্তমান ৱাকফ ভূমি মানুহৰ বিকাশৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু মুছলমান সম্প্ৰদায়কে ধৰি সমগ্ৰ সমাজৰ এয়াই হৈছে আদৰ্শ ।"

ৱাকফ বিধেয়কে ন্যস্ত স্বাৰ্থজড়িত আৰু আনকি মুছলমান সম্প্ৰদায়ৰ কল্যাণৰ বাবেও সম্পত্তি ব্যৱহাৰ কৰিব নিবিচৰা লোকসকলৰ একচেটিয়া অধিকাৰৰ অৱসান ঘটাইছে । সিন্ধিয়াই লগতে কয় ।

তেওঁ আৰু কয়, "এতিয়া ইয়াক সম্পূৰ্ণ স্বাধীনতাৰ সৈতে সম্প্ৰদায়টোৰ বিকাশৰ বাবে আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হ'ব ।"

গুজৰাটত চলি থকা কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (চি ডব্লিউ চি) বৈঠক আৰু সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ (এ আই চি চি) অধিৱেশনৰ বিষয়ে সোধাত সিন্ধিয়াই কয়, "কংগ্ৰেছে কেৱল অধিৱেশনৰ বিষয়েহে আলোচনা কৰিব পাৰিব, কিন্তু নিৰ্বাচনী ৰণনীতি আৰু পৰিৱেশ ৰাইজে সৃষ্টি কৰে । আমাৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কামৰ ভিত্তিত এই পৰিৱেশ সৃষ্টি কৰে । অৱশ্যে গণতন্ত্ৰত প্ৰতিটো দলৰে অধিৱেশন অনুষ্ঠিত কৰাৰ অধিকাৰ আছে ।" তেওঁ কয় ।

ইয়াৰ পূৰ্বে সিন্ধিয়াই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ নৰেন্দ্ৰ সিং টোমৰৰ সৈতে ভাৰ্চুৱেলী গোৱালিয়ৰ চহৰত এখন ৰে'লৱে অভাৰব্ৰীজ আৰু দুখন হোষ্টেল উদ্বোধনত অংশগ্ৰহণ কৰে।

আনুমানিক ১,৩০০ কোটি টকা ব্যয়েৰে চহৰখনৰ পশ্চিম বাইপাছৰ অনুমোদনেৰে গোৱালিয়ৰৰ উন্নয়ন আৰু অধিক বৃদ্ধি পাব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ৱাকফ আইনৰ বৈধতাক প্ৰত্যাহ্বান; আবেদনবোৰ যথা সময়ত গ্ৰহণ কৰিব আদালতে - WAQF AMENDMENT ACT 2025
লগতে পঢ়ক :আইনত পৰিণত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ - WAQF ACT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.