নতুন দিল্লী: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ লগে লগে ইতিমধ্যে আইনত পৰিণত হৈছে ৱাকফ সংশোধনী বিধেয়ক ২০২৫ । অৱশ্যে এই আইনৰ বিৰোধিতাৰে বিভিন্ন পক্ষই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ।
সেই আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য । উচ্চতম ন্যায়ালয়ে সোমবাৰে কয় যে, যথা সময়ত ৱাকফ সংশোধনী আইন, ২০২৫ ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহ বিবেচনা কৰা হ'ব ।
ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত এক বিচাৰপীঠৰ সন্মুখত আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বাল আৰু এ এম সিংভিয়ে বিষয়টো উত্থাপন কৰিছিল । অধিবক্তাসকলে এইক্ষেত্ৰত শীৰ্ষ আদালতৰ দ্বাৰা জৰুৰীভাৱে শুনানিৰ আবেদন কৰিছিল । কিন্তু ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত বিচাৰপীঠে কয় যে, আবেদনসমূহ যথা সময়ত গ্ৰহণ কৰা হ'ব ।
ৱাকফ সংশোধনী আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই আবেদন
৫ এপ্ৰিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি লাভ কৰা ৱাকফ (সংশোধনী) বিধেয়কৰ বৈধতাক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতত আবেদন দাখিল কৰা হৈছে । কংগ্ৰেছৰ সাংসদ মহম্মদ জাৱেদ, এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইচি আৰু দিল্লীৰ আপৰ বিধায়ক আমানতুল্লা খানে এই সন্দৰ্ভত আবেদন দাখিল কৰিছে ।
জমিয়ত উলেমা-ই-হিন্দেও ৱাকফ (সংশোধনী) আইন, ২০২৫ ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই আদালতত এখন আবেদন দাখিল কৰি দাবী কৰিছে যে, মুছলমানসকলক তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা ৰক্ষা কৰাটো এক বিপদজনক ষড়যন্ত্ৰ ।
আবেদনত জমিয়ত উলেমা-ই-হিন্দে কৈছে যে "এই আইনখন দেশৰ সংবিধানৰ ওপৰত পোনপটীয়া আক্ৰমণ আছিল, যিয়ে কেৱল ইয়াৰ নাগৰিকসকলক সম অধিকাৰ প্ৰদান কৰাই নহয় তেওঁলোকক সম্পূৰ্ণ ধৰ্মীয় স্বাধীনতাও প্ৰদান কৰে" ।
জমিয়তে এক প্ৰেছ বিজ্ঞপ্তিত কৈছে, "এই বিধেয়কখন মুছলমানসকলক তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা প্ৰদান কৰাৰ এক বিপদজনক ষড়যন্ত্ৰ । সেয়েহে আমি উচ্চতম ন্যায়ালয়ত ৱাকফ (সংশোধনী) আইন, ২০২৫ ক প্ৰত্যাহ্বান জনাইছো আৰু জমিয়ত উলেমা-ই-হিন্দৰ ৰাজ্যিক গোটসমূহেও তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ উচ্চ ন্যায়ালয়ত এই আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাব" ।
এছ'চিয়েচন ফৰ প্ৰটেকচন অৱ চিভিল ৰাইটছ আৰু সমস্ত কেৰালা জামিয়থুল উলেমাৰ দৰে সংগঠনেও শীৰ্ষ আদালতত ৰিট আবেদন দাখিল কৰিছে ।
লগতে পঢ়ক : আইনত পৰিণত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ - WAQF ACT
লগতে পঢ়ক :ৱাকফ বিধেয়কৰ বিৰুদ্ধে ছুপ্রিম কোৰ্টত আবেদন; সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান - PLEA AGAINST WAQF BILL