ETV Bharat / bharat

আইনত পৰিণত ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫

সংসদৰ বাজেট অধিৱেশনৰ সময়ত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ত সন্মতি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

WAQF ACT
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (Etv Bharat)
author img

By ANI

Published : April 6, 2025 at 8:29 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ত অনুমোদন জনায় । এই সপ্তাহতে সংসদত গৃহীত হোৱা মুছলিম ৱাকফ (বাতিল) বিধেয়ক ২০২৫ৰ প্ৰতিও ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মতি প্ৰদান কৰিছে । শনিবাৰে জাৰি কৰা আইন মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে দুয়োখন বিধেয়কত সন্মতি দিছে । ইতিমধ্যে সংসদৰ দুয়োখন সদনত গৃহীত হৈছে বিধেয়ক দুখন ।

অধিসূচনাত কোৱা হৈছে যে সংসদৰ তলত দিয়া আইনখনে ২০২৫ চনৰ ৫ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে আৰু সাধাৰণ তথ্যৰ বাবে প্ৰকাশ কৰা হৈছে: ৱাকফ (সংশোধনী) আইন-২০২৫ ।

WAQF ACT
আইন মন্ত্ৰালয়ৰ অধিসূচনা (Etv Bharat)

শুকুৰবাৰে সংসদে এই বিধেয়কখন অনুমোদন জনাইছিল । ১৩ ঘণ্টাৰো অধিক সময় ধৰি চলা বিতৰ্কৰ অন্তত ৰাজ্যসভাই এই বিধেয়কখনক অনুমোদন জনাইছিল ।

কিন্তু আলোচনাৰ সময়ত বিৰোধী দলসমূহে বিধেয়কখনক ‘মুছলমান বিৰোধী’ আৰু ‘অসাংবিধানিক’ বুলি অভিহিত কৰি এই সন্দৰ্ভত তীব্ৰ আপত্তি উত্থাপন কৰিছিল । চৰকাৰে উত্তৰ দিছিল যে এই ঐতিহাসিক সংস্কাৰে সংখ্যালঘু জনগোষ্ঠীক উপকৃত কৰিব ।

ৰাজ্যসভাই দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ৯৫টা ভোটৰ বিপৰীতে ১২৮টা ভোটত ৱাকফ সংশোধনী বিধেয়ক, ২০২৫ত অনুমোদন জনাইছিল ।

এই বিধেয়ক সন্দৰ্ভত চৰকাৰে দাবী কৰে যে এইখন গৃহীত হ’লে দেশৰ দৰিদ্ৰ আৰু পাছমাণ্ডা মুছলমানসকলৰ লগতে এই সম্প্ৰদায়ৰ মহিলাসকলৰ অৱস্থা উন্নত কৰাত সহায়ক হ’ব।

এই বিধেয়কখন বৃহস্পতিবাৰে লোকসভাত গৃহীত হয়, য’ত ২৮৮ জন সদস্যই সমৰ্থন কৰাৰ বিপৰীতে ২৩২ জন সদস্যই বিৰোধিতা কৰে ।

WAQF ACT
আইন মন্ত্ৰালয়ৰ অধিসূচনা (Etv Bharat)

ইয়াৰ উপৰিও সংসদে মুছলিম ৱাকফ (বাতিল) বিধেয়কতো অনুমোদন জনাইছে, যিখন বিধেয়ক ৰাজ্যসভাইও অনুমোদন জনাইছে । অৱশ্যে লোকসভাই ইতিমধ্যে এই বিধেয়কত অনুমোদন জনাইছে । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত এইখন বিধেয়কো আইনত পৰিণত হৈছে ।

লগতে পঢ়ক: উভয় সদনতে ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত: ঐতিহাসিক মুহূৰ্ত আখ্যা প্ৰধানমন্ত্ৰীৰ

শীঘ্ৰে পৰিণত হ'ব আইনলৈ: লোকসভাৰ পাছত ৰাজ্যসভাতো গৃহীত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক

ৱাকফ বিধেয়কৰ বিৰুদ্ধে ছুপ্রিম কোৰ্টত আবেদন; সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান