ETV Bharat / bharat

ছত্তীশগড়ত বিজেপি নেতাক কুঠাৰেৰে ঘপিয়াই হত্যা নক্সালবাদীৰ

Naxalites killed Kailash Nag : বস্তাৰত নক্সালবাদীয়ে নিৰন্তৰভাৱে বিজেপি নেতাসকলক হত্যা কৰি আহিছে । পুনৰবাৰ নক্সালবাদীয়ে বিজাপুৰত এক ৰক্তক্ষয়ী ঘটনা সংঘটিত কৰে । মাওবাদীয়ে বিজেপি নেতা কৈলাস নাগক হত্যা কৰে ।

ছত্তীশগড়ত বিজেপি নেতাক কুঠাৰেৰে ঘপিয়াই হত্যা নক্সালবাদীৰ
ছত্তীশগড়ত বিজেপি নেতাক কুঠাৰেৰে ঘপিয়াই হত্যা নক্সালবাদীৰ
author img

By ETV Bharat Assamese Team

Published : March 6, 2024 at 10:34 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ৬ মাৰ্চ : ছত্তীশগড়ত পুনৰ মাওবাদীৰ হত্যাযজ্ঞ । ৰাজ্যখনৰ বিজাপুৰত বিজেপি নেতা কৈলাস নাগক মাওবাদীয়ে হত্যা কৰে । ইয়াৰ উপৰি অগ্নিসংযোগৰ ঘটনাও সংঘটিত কৰে । কৈলাস নাগ বিজেপি ব্যৱসায় কোষৰ মণ্ডল উপ-সভাপতি আছিল । ঘটনাটো জিলাখনৰ কোটমেটা অঞ্চলত সংঘটিত হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে বুধবাৰে সন্ধিয়া বিজাপুৰৰ কোটমেটা অঞ্চলৰ পৰা মাওবাদীয়ে বিজেপি নেতা কৈলাস নাগক অপহৰণ কৰে । তাৰ পিছত তেওঁক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে । বিজেপি নেতাগৰাকী কোটমেটাত বন বিভাগৰ নিৰ্মাণকাৰ্যত নিয়োজিত আছিল । সেই সময়তে তেওঁক প্ৰথমে নক্সালবাদীয়ে অপহৰণ কৰে । অপহৰণৰ পিছত বিজেপি নেতাজনক জেৰা কৰে আৰু তাৰ পিছত তেওঁক নিৰ্মমভাৱে হত্যা কৰে ।

ইয়াৰ পূৰ্বে যোৱা সপ্তাহত শুকুৰবাৰে নিশা নক্সালবাদীয়ে বিজেপি নেতা তিৰুপতি কাটলাক হত্যা কৰে । এই ঘটনাৰ পাঁচ দিন পিছত, ৬ মাৰ্চত নক্সালবাদীয়ে পুনৰ বিজাপুৰত এক ৰক্তক্ষয়ী ঘটনা সংঘটিত কৰে আৰু কৈলাস নাগক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । উল্লেখ্য যে বিজেপি নেতা তিৰুপতি কাটলাক এখন বিয়াত অংশ ল'বলৈ গৈ থকাৰ সময়ত হত্যা কৰা হৈছিল । নক্সালবাদীয়ে তেওঁক ডিঙি আৰু বুকুত আক্ৰমণ কৰিছিল ।

বস্তাৰত নক্সালবাদীয়ে হত্যা কৰা বিজেপি নেতাসকল :

২০২৩ চনৰ ৫ ফেব্ৰুৱাৰীত নক্সালবাদীয়ে বিজাপুৰত নীলকণ্ঠ কাকেমক হত্যা কৰে

২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত নক্সালবাদীয়ে নাৰায়ণপুৰত বিজেপি নেতা সাগৰ চাহুক হত্যা কৰে

১১ ফেব্ৰুৱাৰীত নক্সালবাদীয়ে দান্তেৱাড়াত ৰামধৰ আলামীক হত্যা কৰে

২০২৩ চনৰ ২৯ মাৰ্চত ৰামজী দোদীক মাওবাদীয়ে হত্যা কৰে

2023 চনৰ 21 জুনত বিজেপি নেতা অৰ্জুন কাকাক নক্সালবাদীয়ে হত্যা কৰে

২০২৩ চনৰ ২০ অক্টোবৰত নক্সালবাদীয়ে মহলা মানপুৰত বিজেপি কৰ্মী বিৰজু তাৰমক হত্যা কৰে

২০২৩ চনৰ ৪ নৱেম্বৰত নাৰায়ণপুৰত নক্সালবাদীয়ে বিজেপি নেতা ৰতন ডুবেক হত্যা কৰে

লগতে পঢ়ক :গুনাত বিমান দুৰ্ঘটনাগ্ৰস্ত, গুৰুতৰভাৱে আহত প্ৰশিক্ষাৰ্থী মহিলা পাইলট