ETV Bharat / bharat

ঝাৰখণ্ডত মাওবাদীৰ ভোটদান ব্যাহত কৰাৰ চেষ্টা; গছ কাটি পথ অৱৰোধ, নিৰ্বাচন বৰ্জনৰ আহ্বান - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:13 PM IST

Naxalites blocked road in Saranda : মাওবাদী অধ্যুষিত ঝাৰখণ্ডত ভোটদান প্ৰক্ৰিয়া ব্যাহত কৰাৰ চেষ্টা । লোকসভা নিৰ্বাচনত গাঁওবাসীক ভোটদানত অংশগ্ৰহণ কৰাত বাধা দিবলৈ মাওবাদীয়ে সাৰাণ্ডাত গছ কাটি এটা পথ অৱৰোধ কৰে । ইয়াৰ উপৰি ভোট বৰ্জনৰ আহ্বান জনাই পোষ্টাৰো লগায় ।

Naxalites blocked road in Saranda
ঝাৰখণ্ডত মাওবাদীৰ ভোটদান ব্যাহত কৰাৰ চেষ্টা (Etv Bharat file photo)

নিউজ ডেস্ক, ১৩ মে' : দেশৰ ৯ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত ৰাজ্যত সোমবাৰে অনুষ্ঠিত হৈছে ২০২৪ চনৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন । ইয়াৰে ভিতৰত এখন ৰাজ্য হৈছে মাওবাদী অধ্যুষিত ঝাৰখণ্ড । ঝাৰখণ্ডত মাওবাদীয়ে সোমবাৰে ভোটদান প্ৰক্ৰিয়া ব্যাহত কৰাৰ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে । ঝাৰখণ্ডৰ সাৰাণ্ডা জিলাত মাওবাদীয়ে ভোটদান ব্যাহত কৰাৰ চেষ্টা চলায় । গাঁওবাসীক ভোটদানৰ পৰা বঞ্চিত কৰিবলৈ মাওবাদীয়ে গছ কাটি পথ অৱৰোধ কৰে ।

এই ঘটনাটো ৰাজ্যখনৰ ছোটানাগাৰা আৰক্ষী থানাৰ অন্তৰ্গত সাৰাণ্ডা বনাঞ্চল আৰু দীঘা পঞ্চায়তৰ হাটানাবুৰু-মাৰাংপোঙ্গাৰ মাজৰ মুখ্য গ্ৰাম্য পথত সংঘটিত হয় । তাত নক্সালবাদীয়ে দুঠাইত গছ কাটি পথ অৱৰোধ কৰে । লগতে নিৰ্বাচন বৰ্জন কৰিবলৈ আহ্বান জনাই বোনাৰো আঁৰি দিয়ে ।

আনহাতে, মাওবাদীয়ে গছ কাটি পথৰ ওপৰত পেলাই দিয়াৰ ফলত যান-বাহন চলাচল সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰে । এই ঘটনাত গাঁওবাসীয়ে ভয় খায় । এজোপা গছ এনে এঠাইত কটা হয় যে তাত ৰাস্তাৰ এফালে এখন ওখ পাহাৰ আৰু আনফালে এটা গভীৰ খাদ আৰু নদী আছে । যাৰ ফলত আনকি মটৰচাইকেলেৰেও ৰাস্তা পাৰ হ'ব নোৱাৰি । ইয়াৰ উপৰি অহা-যোৱা কৰাৰ আন কোনো উপায়ো তাত নাই ।

যিটো পথত মাওবাদীয়ে এই ঘটনা সংঘটিত কৰিছে উক্ত পথটোৰে মাৰাংপোঙ্গা, দিকপংগা, উছৰুইয়া, হোলোঙ্গাউলি, বালিবা, কুমদিহ, কুডালিয়াবাদ, কোলায়বুৰু আদি গাঁৱৰ গাঁওবাসীয়ে সোনাপীস্থিত ভোটকেন্দ্ৰলৈ ভোট দিবলৈ যায় । ফলত পথৰ পৰা গছ আঁতৰ নকৰা পৰ্যন্ত এই ৰাস্তা পাৰ হৈ মটৰচাইকেল বা চাৰিচকীয়া বাহনেৰে ভোটকেন্দ্ৰত উপস্থিত হোৱাটো অতি কঠিন । এনে পৰিস্থিতিত শ শ গাঁওবাসী ভোটদানৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক :10 ৰাজ্যৰ 96 টা সমষ্টিত ভোটগ্ৰহণ; নিৰ্ণয় হ’ব কেবাগৰাকী ৰথী-মহাৰথীৰ ভাগ্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.