ETV Bharat / bharat

ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ ৩ সেনা জোৱান; আহত ১০

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 8:14 PM IST

Naxalite attack in Bijapur : বিজাপুৰ আৰু সুকমা সীমান্তৰ তেকালগুডেমত সংঘৰ্ষত তিনিগৰাকী সেনা জোৱান শ্বহীদ হয় । সংঘৰ্ষটোত ১০ জনতকৈও অধিক জোৱান আহত হয় । আহত জোৱানসকলক এখন হেলিকপ্টাৰেৰে ৰায়পুৰলৈ লৈ যোৱা হৈছে । বস্তাৰৰ আইজি পি সুন্দৰাজে এই এনকাউণ্টাৰ নিশ্চিত কৰিছে ।

ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত শ্বহীদ ৩ সেনা জোৱান

নিউজ ডেস্ক, ৩০ জানুৱাৰী : মঙলবাৰে ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এক সংঘৰ্ষৰ ঘটনা সংঘটিত হয় । এই এনকাউণ্টাৰত তিনিগৰাকী সেনা জোৱান শ্বহীদ হয় । আনহাতে, আঘাতপ্ৰাপ্ত জোৱানসকলক উন্নত চিকিৎসাৰ বাবে ৰায়পুৰলৈ লৈ যোৱা হৈছে । বস্তাৰৰ আইজি পি সুন্দৰৰাজে এই এনকাউণ্টাৰৰ কথা নিশ্চিত কৰিছে ।

আইজিয়ে লগতে কয় যে এনকাউণ্টাৰটোত 10 জনৰো অধিক জোৱান আহত হৈছে । অৱশ্যে তেওঁলোকৰ অৱস্থা ঠিক সুস্থিৰ আৰু তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বিমানেৰে লৈ যোৱা হৈছে । কিন্তু এনকাউণ্টাৰটোত কিমানজন নক্সালবাদী নিহত বা আহত হৈছে বৰ্তমান সেয়া জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে যিটো স্থানত সংঘৰ্ষটো সংঘটিত হয় সেয়া হৈছে জোনাগুড়া আৰু আলিগুড়াৰ মধ্যৱৰ্তী এলেকা । সোনা জোৱানসকলে প্ৰতিদিনৰ দৰে তেকালগুডেম শিবিৰৰ পৰা নক্সালবাদীৰ সন্ধানত ওলাই গৈছিল । সেনা জোৱানৰ দলটো জোনাগুড়া আৰু আলিগুড়াৰ মাজত উপস্থিত হোৱাৰ লগে লগে ইতিমধ্যে তাত উপস্থিত থকা নক্সালবাদীয়ে হঠাতে আক্ৰমণ কৰে । বস্তাৰৰ আইজিপি সুন্দৰৰাজে কয় যে যি ঠাইত সংঘৰ্ষ হয় উক্ত স্থানটুকুৰা ঘন অৰণ্যৰে আৱৰা । ২০২১ চনতো নক্সালবাদীয়ে এই একেটা অঞ্চলতে আক্ৰমণ চলাই ২৩ জন জোৱানক হত্যা কৰিছিল ।

মাওবাদীৰ মনোবল ভাঙিবলৈ আৰু তেওঁলোকৰ মুক্ত চলাচল বন্ধ কৰিবলৈ তেকালগুডেমত সেনাবাহিনীৰ এটা শিবিৰ স্থাপন কৰা হয় । উক্ত শিবিৰটো নিৰ্মাণ হোৱাৰ পিছৰে পৰা নক্সালবাদী ক্ষোভিত হৈ আছিল । বস্তাৰ আইজিৰ মতে, নক্সালবাদীক নিয়ন্ত্ৰণ কৰিবলৈ এটা শিবিৰ স্থাপন কৰা হৈছিল । এই শিবিৰটোৱে সেনা জোৱানসকলক লাভান্বিত কৰি আছিল । শিবিৰটো নিৰ্মাণ হোৱাৰ পিছৰে পৰা নক্সালবাদী ভয়ত আছিল । শিবিৰটো নিৰ্মাণ হোৱাৰ পৰা জোৱানসকলে জোনাগুড়া আৰু আলিগুড়া অঞ্চললৈ যাবলৈ আৰম্ভ কৰিছিল । এই অঞ্চলবোৰ নক্সালবাদীৰ এলেকা আছিল ।

মঙলবাৰে এছটিএফ আৰু ডিআৰজি জোৱানসকল নিয়মীয়া তালাচী অভিযানত ওলাই গৈছিল । সেই সময়তে নক্সালবাদীয়ে জোৱানসকলৰ ওপৰত আক্ৰমণ চলায় । আনহাতে, জোৱানসকলেও নক্সালবাদীক যোগ্য প্ৰত্যুত্তৰ দিয়ে । কিন্তু নক্সালবাদীৰ আক্ৰমণ হঠাতে সংঘটিত হোৱাত জোৱানকেইগৰাকীয়ে নিজক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিলে । ফলত এনকাউণ্টাৰটোত তিনিগৰাকী সেনা জোৱান শ্বহীদ হয় আৰু ১০ জনতকৈ অধিক আহত হয় ।

উল্লেখ্য যে ২০২১ চনৰ এপ্ৰিলতো নক্সালবাদীয়ে তেকালগুডেমত ২৩ জন জোৱানক আক্ৰমণ কৰি হত্যা কৰিছিল । জোনাগুড়া আৰু আলিগুড়া অঞ্চলত নক্সাল-বিৰোধী অভিযানৰ অধীনত বাহিনীটোৱে তালাচী অভিযান চলাই আছিল । আৰক্ষীয়ে সূত্ৰ অনুসৰি, সেই সময়ত হোৱা এনকাউণ্টাৰত ২৩ গৰাকী সেনা শ্বহীদ হয় । আনহাতে, নক্সালবাদীয়ে জোৱানসকলৰ অস্ত্ৰ-শস্ত্ৰও লুটি লৈ যায় । সেই সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই তদানীন্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ সৈতে কথা পাতে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে । ইয়াৰ উপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত চিআৰপিএফৰ সঞ্চালক প্ৰধানে নিজেই তদন্তৰ বাবে গৈ ছত্তীশগড়ত উপস্থিত হয় ।

লগতে পঢ়ক :বিজেপি নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ড; ১৫ দোষীক মৃত্যুদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.