ETV Bharat / bharat

বিজেপি নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ড; ১৫ দোষীক মৃত্যুদণ্ড

Ranjith Sreenivasan Murder Case : বিজেপি নেতা তথা অধিবক্তা ৰঞ্জিত শ্ৰীনিবাসনৰ নিৰ্মম হত্যাকাণ্ড ২০২১ চনৰ ১৯ ডিচেম্বৰত সংঘটিত হৈছিল । অভিযুক্ত আটাইকেইজন পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া (পিএফআই) আৰু ইয়াৰ ৰাজনৈতিক সংস্থা এছডিপিআইৰ কৰ্মী আছিল ।

বিজেপি নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাাণ্ড; ১৫ দোষীক মৃত্যুদণ্ড
বিজেপি নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাাণ্ড; ১৫ দোষীক মৃত্যুদণ্ড
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 1:49 PM IST

|

Updated : January 30, 2024 at 5:01 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ৩০ জানুৱাৰী : মাভেলিকাৰা অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায় । বিজেপি নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ডত অভিযুক্ত ১৫ জন দোষীৰ আটাইকেইজনকে মৃত্যুদণ্ডৰ আদেশ দিছে আদালতখনে ।

অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ আদালত-১-ৰ ন্যায়াধীশ শ্ৰীদেৱী ভি জিয়ে এই শাস্তিৰ ৰায় ঘোষণা কৰে । অভিযুক্তসকলক আদালতে পূৰ্বতে দোষী সাব্যস্ত কৰিছিল । উল্লেখ্য যে বিজেপি নেতা তথা অধিবক্তা ৰঞ্জিত শ্ৰীনিবাসনৰ নিৰ্মম হত্যাকাণ্ড ২০২১ চনৰ ১৯ ডিচেম্বৰত সংঘটিত হৈছিল ।

অভিযুক্ত আটাইকেইজন পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া (পিএফআই) আৰু ইয়াৰ ৰাজনৈতিক সংস্থা এছডিপিআইৰ কৰ্মী আছিল ।

বিজেপিৰ অ'বিচি মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা এগৰাকী অধিবক্তা ৰঞ্জিতক ২০২১ চনৰ ১৯ ডিচেম্বৰৰ পুৱা আলাপুঝা পৌৰসভাৰ ভেল্লাকিনাৰত থকা তেওঁৰ ঘৰত অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল । মাতৃ, পত্নী আৰু কন্যাৰ সন্মুখতে তেওঁ হত্যা কৰা হৈছিল ।

এই হত্যাকাণ্ডটো আটাইতকৈ বিৰল গোচৰৰ শ্ৰেণীৰ অন্তৰ্গত বুলি পৰ্যবেক্ষণ কৰি ন্যায়াধীশ শ্ৰীদেৱী ভি জিয়ে নাইচাম, আজমল, আনুপ, মহম্মদ আছলাম, আব্দুল কালাম ওৰফে ছালাম, আব্দুল কালাম, চাফাৰুদ্দিন, মানসদ, জাচিব ৰাজা, সমীৰ, নাজিৰ, জাকিৰ, আশ্ৰফ হুছেইন, শ্বাজি পুভাতল শ্বেহৰনা আৰু শ্বেহনীনাক মৃত্যুদণ্ড প্ৰদান কৰে ।

ইফালে এই ৰায় ঘোষণাৰ পিছত ৰঞ্জিতৰ পৰিয়ালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰায়টোক আদৰণি জনায় । গোচৰটোৰ ১৫ জন অভিযুক্তক ২০ জানুৱাৰীত আদালতে ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল ।

অনুসন্ধানকাৰীসকলৰ মতে, ৰঞ্জিতৰ হত্যাকাণ্ড এছডিপিআইৰ ৰাজ্যিক সম্পাদক কে এছ শানৰ মান্নাঞ্চেৰী, আলাপুঝাৰ কুপ্পেঝাম জংচনত হত্যাৰ প্ৰতিশোধকল্পে লোৱা পদক্ষেপ আছিল । এই হত্যাকাণ্ড ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) কৰ্মীসকলে আগদিনা নিশা সংঘটিত কৰাৰ অভিযোগ কৰিছিল । ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত আলাপুঝাৰ ভায়ালাৰত এছডিপিআইৰ লোকৰ দ্বাৰা আৰএছএছ কৰ্মী নন্দুকৃষ্ণক হত্যা কৰাটোও শানৰ হত্যাৰ প্ৰতিশোধ আছিল । এই হাই প্ৰফাইল সাম্প্ৰদায়িকতাৰ ৰং সনা ৰাজনৈতিক হত্যাকাণ্ডৰ ফলত কেৰালাত সাম্প্ৰদায়িক উত্তেজনাৰো আশংকা হৈছিল ।

উল্লেখ্য যে ৰঞ্জিত শ্ৰীনিবাসন হত্যাকাণ্ডৰ গোচৰটো আলাপুঝা ডিএছপি এন আৰ জয়ৰাজৰ নেতৃত্বত এটা বিশেষ দলে তদন্ত কৰিছিল । বিশেষ ৰাজহুৱা অধিবক্তা প্ৰতাপ জি পাদিক্কাল আৰু অধিবক্তা শ্ৰীদেৱী প্ৰতাপ, শিল্পা শিৱান আৰু হৰীশ কাট্টুৰে গোচৰকাৰী পক্ষক প্ৰতিনিধিত্ব কৰে ।

লগতে পঢ়ক :বুধবাৰে ED ৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

Last Updated : January 30, 2024 at 5:01 PM IST