ETV Bharat / bharat

বুধবাৰে ED ৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 12:41 PM IST

Jharkhand CM Hemant Soren news : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে বলবৎকাৰী সঞ্চালকালয়লৈ প্ৰেৰণ কৰা পত্ৰযোগে বুধবাৰে দিনৰ 1 বজাত নিজৰ বাসগৃহত এজেন্সীৰ বিষয়াৰ আগত নিজৰ বক্তব্য আগবঢ়াব বুলি জানিবলৈ দিয়ে । ভূমি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত সোধ-পোছৰ বাবে সোমবাৰৰ নিশা দিল্লীস্থিত ছ’ৰেনৰ বাসগৃহত বিষয়াসকল উপস্থিত হৈছিল যদিও মুখ্যমন্ত্ৰীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে ।

বলবৎকাৰী সঞ্চালকালয়
বলবৎকাৰী সঞ্চালকালয়

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে বলবৎকাৰী সঞ্চালকালয়লৈ প্ৰেৰণ কৰা পত্ৰযোগে বুধবাৰে দিনৰ 1 বজাত নিজৰ বাসগৃহত এজেন্সীৰ বিষয়াৰ আগত নিজৰ বক্তব্য আগবঢ়াব বুলি জানিবলৈ দিয়ে ।

তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ মানি লোৱাৰ সময়তে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে এই সময়ত তেওঁক জেৰা কৰাটো অধিক ৰাজনৈতিক আৰু ইয়াৰ উদ্দেশ্য হৈছে তেওঁৰ চৰকাৰৰ কাম-কাজত ব্যাঘাত জন্মোৱা।

ছোৰেনে ইডি লৈ প্ৰেৰণ কৰা এক পত্ৰত কয়, "আপুনি ভালদৰেই জানে যে বিধানসভাৰ বাজেট অধিবেশন 2024 চনৰ 2-29 ফেব্ৰুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু তলত স্বাক্ষৰ কৰাসকলে পূৰ্বৰ অন্যান্য নিৰ্ধাৰিত চৰকাৰী কাম-কাজৰ লগতে অন্যন্য কাম-কাজৰ বাবে পূৰ্বৰে পৰা ব্যস্ত থাকিব ৷"

ইয়াৰোপৰি, ছোৰেনে চিঠিখনত উল্লেখ কৰিছে, “এই পৰিস্থিতিত 2024 চনৰ 31 জানুৱাৰী বা তাৰ আগতে তলত স্বাক্ষৰকাৰীৰ আৰু এটা বক্তব্য লিপিবদ্ধ কৰিবলৈ আপুনি প্ৰদান কৰা হেঁচাই কু-অভিপ্ৰায়ৰ ইংগিত দিয়ে ৷ ৰাজ্য চৰকাৰৰ কাম-কাজত ব্যাঘাত জন্মা আৰু জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এজন প্ৰতিনিধিক নিজৰ চৰকাৰী কৰ্তব্য পালন কৰাত বাধা দিয়া কাৰ্যই প্ৰকৃততে ৰাজনৈতিক এজেণ্ডা উন্মোচন কৰে ৷ ”

“কাৰ্যবোৰৰ সৈতে কু-অভিপ্ৰায় জড়িত আৰু ৰাজনৈতিকভাৱে প্ৰৰোচিত ৷ তলত স্বাক্ষৰ প্ৰদান কৰাসকলক চমন জাৰি কৰাটো সম্পূৰ্ণৰূপে বিৰক্তিকৰ আৰু বিধিখনে দিয়া ক্ষমতাৰ অপব্যৱহাৰ " পত্ৰখনত লগতে কোৱা হৈছে ।

ভূমি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত সোধ-পোছৰ বাবে সোমবাৰৰ নিশা দিল্লীস্থিত ছোৰেনৰ বাসগৃহত বিষয়াসকল উপস্থিত হৈছিল যদিও মুখ্যমন্ত্ৰীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে ।

ঝাৰখণ্ডৰ মন্ত্ৰী বন্না গুপ্তাই কয়, ” মাননীয় মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ মানুহৰ অন্তৰত আছে । তেওঁ কৈছে যে ইডিয়ে দিয়া সময়সীমা অনুসৰি ইডিৰ সকলো প্ৰশ্নৰ উত্তৰ দিব, সময়সীমা আহিব দিয়ক ৷ ইডি সন্দৰ্ভত মই কোনো মন্তব্য কৰিব নিবিচাৰো, সকলো আহিব মানুহৰ আদালতলৈ, গণতন্ত্ৰত তেওঁলোকেই মূল ৷ কাৰ লগত কি হৈছে আৰু কিয় হৈছে সেই সম্পৰ্কে মানুহে নিৰ্ধাৰণ কৰিব... ৷ ”

ৰাঁচীত ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে কয় যে কোনো লোক আইনৰ উৰ্ধত নহয় আৰু মুখ্যমন্ত্ৰীয়ে আইন মানি চলিব লাগিব ।

লগতে পঢ়ক: সলনি হ’ব নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.