ETV Bharat / bharat

মুছলমানসকল আমাৰ সৈতে আছে: উদ্ধৱ ঠাকৰে

Uddhav Thackeray slams BJP: বিজেপিৰ হিন্দুত্ববাদৰ নীতিক দেওবাৰে তীব্ৰ সমালোচনা শিৱসেনাৰ ইউবিটিৰ নেতা উদ্ধৱ ঠাকৰেৰ ৷ তেওঁ দৃঢ়তাৰে কয় যে, মুছলমানসকল তেওঁলোকৰ দলৰ সৈতে সংযুক্ত হ’ব ৷

Uddhav Thackeray
মুছলমানসকল আমাৰ সৈতে আছে: উদ্ধৱ ঠাকৰে
author img

By ETV Bharat Assamese Team

Published : February 11, 2024 at 10:52 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : শিৱসেনাৰ (উদ্ধৱ বালাচাহেব ঠাকৰে) মুৰব্বী উদ্ধৱ ঠাকৰেই দেওবাৰে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ দাবী কৰে যে, মুছলমানসকলে তেওঁলোকৰ দলত অতি শীঘ্ৰেই যোগদান কৰিব ৷ দেওবাৰে এক সমাৱেশত অংশগ্ৰণ কৰি উদ্ধৱ ঠাকৰেই কয়, "মুছলমান সম্প্ৰদায় আমাৰ সৈতে আহি আছে। মই শিৱসেনাৰ দলৰ মুৰব্বী আৰু 'হিন্দুৰ হৃদয়ৰ সম্ৰাট'ৰ পুত্ৰ ।"

"মই মুছলমান লোকসকলক সুধিছিলো যে আপোনালোকে মোক এজন কট্টৰ হিন্দু বুলি জনাৰ পিচতো কিয় আমাৰ দলত যোগদান কৰিব বিচাৰিছিল ৷ তেতিয়া তেওঁলোকে কৈছিল যে, আপোনাৰ 'হিন্দুত্ব' আৰু বিজেপিৰ 'হিন্দুত্ব'ৰ মাজত পাৰ্থক্য আছে । আপোনাৰ 'হিন্দুত্ব'ই আমাৰ ঘৰৰ ষ্টোভ জ্বলায় আৰু বিজেপিৰ 'হিন্দুত্ব'ই আমাৰ ঘৰ জ্বলায় ৷ (প্ৰভু) ৰাম আমাৰ হৃদয়ত আছে ৷ আমি কামত বিশ্বাসী, এয়া হৈছে আমাৰ 'হিন্দুত্ব' আৰু আমি দেশপ্ৰেমী হিন্দু ৷" উদ্ধৱ ঠাকৰেই বিজেপিক সমালোচনা কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে ঠাকৰেই শেহতীয়াকৈ পাঁচজন ব্যক্তিক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰাৰ সিদ্ধান্তক লৈ কেন্দ্ৰক আক্ৰমণ কৰি কয়, "'ভাৰতৰত্ন' প্ৰদান কৰাৰ এক প্ৰকাৰৰ নিয়ম আছিল । এতিয়া এইটো (প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ) মোদীৰ ইচ্ছা আৰু আকাংক্ষা অনুসৰিহে হোৱা দেখিছো । মই এইটো ভুল বুলি কোৱা নাই । কিন্তু যেতিয়া সেই ব্যক্তিসকল জীয়াই আছিল, আপুনি (বিজেপি)য়ে তেওঁলোকৰ বিৰোধিতা কৰিছিল ৷"

"মই (বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) কৰ্পুৰী ঠাকুৰৰ উদাহৰণ দিবলৈ বিচাৰিছো । কৰ্পুৰী ঠাকুৰে ১৯৭৮-৭৯ চনত চৰকাৰী সেৱাত অ'বিচিসকলৰ বাবে ২৬ শতাংশ আসন সংৰক্ষণ কৰিছিল । জনসংঘই কৰ্পুৰী ঠাকুৰৰ বিৰুদ্ধেই প্ৰতিবাদ কৰি আৰু ৰাজপথলৈ ওলাই আহিছিল ৷" উদ্ধৱ ঠাকৰেই পুৰণি কথা স্মৰণ কৰি কয় ।

মহাৰাষ্ট্ৰত কংগ্ৰেছ আৰু এনচিপিৰ (শাৰদ পাৱাৰ)ৰ সৈতে মিত্ৰতা গঢ়ি তোলাৰ পিচৰে পৰা উদ্ধৱ ঠাকৰেই বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাৰম্বাৰে সমালোচনাৰ লক্ষ্য কৰি লৈছে ৷

লগতে পঢ়ক: হালদৱানী হিংসা, প্ৰায় ৫০০০ লোকক গ্ৰেপ্তাৰ