ETV Bharat / bharat

গণতন্ত্ৰক হত্যা, আমি হতভম্ব; চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন সন্দৰ্ভত উচ্চতম ন্যায়ালয়

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:41 PM IST

Chandigarh Mayor Election Row : উচ্চতম ন্যায়ালয়ে সোমবাৰে মূল ৰেকৰ্ড সংৰক্ষণৰ নিৰ্দেশ দিয়ে । কিয়নো আপে বিজেপিৰ মনোজ কুমাৰ সোনকাৰে জয়লাভ কৰা চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনক প্ৰত্যাহ্বান জনাইছে । ন্যায়ালয়ে কয় যে এয়া স্পষ্ট যে ৰিটাৰ্ণিং বিষয়াই বেলট পেপাৰ বিকৃত কৰিছে । লগতে কয় যে ই 'গণতন্ত্ৰক হত্যা' আৰু 'গণতন্ত্ৰৰ উপহাস'ৰ দৰে, 'আমি বিস্মিত' । সুমিত চাক্সেনাৰ এক প্ৰতিবেদন ৷

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন সন্দৰ্ভত উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী : সোমবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত তিনিজনীয়া বিচাৰপীঠে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই আম আদমী পাৰ্টীৰ কাউন্সিলাৰ কুলদীপ কুমাৰৰ এখন আবেদনৰ শুনানি গ্ৰহণ কৰে । আপে এই নিৰ্বাচনৰ ফলাফলত স্থগিতাদেশ প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যদিও ন্যায়ালয়ে ফলাফলত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে । এগৰাকী বিজেপি প্ৰাৰ্থীক চণ্ডীগড় পৌৰ নিগমৰ মেয়ৰ হিচাপে ঘোষণা কৰাৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

শুনানি গ্ৰহণ কৰি মুখ্য ন্য়ায়াধীশে জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিং আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয় যে এইটো স্পষ্ট যে ৰিটাৰ্ণিং বিষয়াই বেলট পেপাৰ বিকৃত কৰিছে আৰু তেওঁৰ বিৰুদ্ধে মোকৰ্দমা চলাব লাগে । আনহাতে, মেহতাই আদালতক ঘটনাটোৰ সম্পূৰ্ণ ভিডিঅ' পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে ৰিটাৰ্ণিং বিষয়াই আপ-কং মিত্ৰজোঁটৰ আঠটা ভোট বাতিল কৰা প্ৰক্ৰিয়াটোৰ কঠোৰ সমালোচনা কৰি মুখ্য ন্যায়াধীশে কয় যে ৰিটাৰ্ণিং বিষয়াই বেলট বিকৃত কৰা দেখা গৈছে আৰু এই কাৰ্যৰ বিৰুদ্ধে মোকৰ্দমা চলাব লাগে ।

"তেওঁ কেমেৰালৈ কিয় চাই আছে... এয়া গণতন্ত্ৰৰ উপহাস... ৰিটাৰ্ণিং বিষয়াজনে গণতন্ত্ৰক হত্যা কৰি আছে, আমি বিস্মিত ।" আপৰ কাউন্সিলাৰে ৰেকৰ্ড কৰি অনা এটা ভিডিঅ' পৰীক্ষা কৰাৰ পিছত মুখ্য ন্যায়াধীশে কয় । আনহাতে, বিচাৰপীঠে মেহতা আৰু সিঙক প্ৰশ্ন কৰে যে এয়াই ৰিটাৰ্ণিং বিষয়াৰ আচৰণ নেকি । লগতে কয়, "অনুগ্ৰহ কৰি ৰিটাৰ্ণিং বিষয়াক কওঁক যে উচ্চতম ন্যায়ালয়ে তেওঁক লক্ষ্য কৰি আছে ।" জ্যেষ্ঠ অধিবক্তা এ এম সিংভি আৰু শাদন ফাৰাষ্টে আপৰ কাউন্সিলাৰগৰাকীক প্ৰতিনিধিত্ব কৰে ।

উল্লেখ্য যে যোৱা সপ্তাহত বিজেপিয়ে জালিয়াতিৰে জয়লাভ কৰা আৰু আঠটা ভোট প্ৰত্যাখ্যান কৰি জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰা কুমাৰৰ আবেদনৰ ওপৰত উচ্চ ন্যায়ালয়ে কেৱল জাননী জাৰি কৰে আৰু তিনি সপ্তাহৰ পিছত বিষয়টো শুনানিৰ বাবে তালিকাভুক্ত কৰে । কংগ্ৰেছ-আপ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰে লাভ কৰা ১২ টা ভোটৰ বিপৰীতে ১৬ টা ভোট লাভ কৰাৰ পিছত মঙলবাৰে বিজেপিৰ মনোজ সোনকাৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয় । এই প্ৰক্ৰিয়াটোত আঠটা ভোট অবৈধ বুলি নাকচ কৰা হয় ।

কিন্তু উচ্চ ন্যায়ালয়ৰ শুনানিৰ পিছত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে কয় তেওঁলোকে বিষয়টোৰ আগতীয়া শুনানিৰ বাবে শীৰ্ষ আদালতলৈ যাব । তাৰেই পৰিপ্ৰেক্ষিতত কুমাৰে সোমবাৰে শীৰ্ষ আদালতত আবেদন কৰে ।

আনহাতে, কুমাৰে উচ্চ ন্যায়ালয়ত উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্ত্বাৱধানত মুক্ত আৰু নিৰপেক্ষভাৱে নতুন নিৰ্বাচনৰ নিৰ্দেশনা বিচাৰে । আবেদনখনত অভিযোগ কৰা হৈছিল যে প্ৰথা আৰু নিয়মসমূহ সম্পূৰ্ণৰূপে ভৰিৰে মোহাৰি প্ৰিজাইডিং বিষয়াই দলসমূহে মনোনীত কৰি দিয়া ব্যক্তিসকলক ভোট গণনা নিৰীক্ষণ কৰিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক :মনীষ ছিছোডিয়াক আদালতৰ সকাহ, সপ্তাহত এবাৰ অসুস্থ পত্নীক লগ পোৱাৰ অনুমতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.