ETV Bharat / bharat

মনীষ ছিছোডিয়াক আদালতৰ সকাহ, সপ্তাহত এবাৰ অসুস্থ পত্নীক লগ পোৱাৰ অনুমতি

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:49 PM IST

Manish Sisodia
আদালতৰ পৰা বৃহৎ সকাহ লাভ মনীষ ছিছোডিয়াৰ

Manish Sisodia: আদালতৰ পৰা বৃহৎ সকাহ পাইছে মনীষ ছিছোডিয়াই। দিল্লীৰ ৰাউজ এভিনিউ আদালতে মনীষ ছিছোডিয়াক সপ্তাহত এবাৰ নিজৰ অসুস্থ পত্নীক লগ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ।

নিউজ ডেস্ক, 5 ফেব্ৰুৱাৰী : আবকাৰী কেলেংকাৰীৰ গোচৰত অভিযুক্ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক ডাঙৰ সকাহ প্ৰদান কৰিছে আদালতে ৷ দিল্লীৰ ৰাউজ এভিনিউ আদালতে তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ সপ্তাহত এদিনৰ বাবে মনীষ ছিছোডিয়াক জিম্মাত পেৰ’ল প্ৰদান কৰিছে ৷ বিশেষ ন্যায়াধীশ এম কে নাগপালে এই নিৰ্দেশ প্ৰদান কৰে ৷ আদালতে কয়- "ছিছোডিয়াই তেওঁৰ অসুস্থ পত্নীক সপ্তাহত এবাৰ আৰক্ষীৰ জিম্মাত লগ কৰিব পাৰে ৷ এই সময়চোৱাত চিকিৎসকেও তেওঁক লগ কৰিব৷" ইফালে আদালতে 12 ফেব্ৰুৱাৰীত ছিছোডিয়াৰ নিয়মীয়া জামিন আবেদনৰ শুনানিৰ নিৰ্দেশ দিছে ৷

সোমবাৰে আদালতে আবকাৰী কেলেংকাৰী সম্পৰ্কীয় চি বি আইৰ গোচৰত অভিযুক্ত ছিছোডিয়াৰ ন্যায়িক জিম্মা 22 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাৰ নিৰ্দেশ দিছে ৷ ছিছ’ডিয়াই নিজৰ অসুস্থ পত্নীক লগ কৰিবলৈ সাপ্তাহিক ভিত্তিত দুদিনৰ জিম্মাত থকা পেৰ’লৰ বাবে আবেদন কৰিছিল ৷ দীৰ্ঘদিন ধৰি তেওঁৰ পত্নী অসুস্থ হৈ আছে ৷ 2023 চনৰ নৱেম্বৰ মাহতে আদালতে ছিছোডিয়াক কেইঘণ্টামানৰ বাবে পত্নীক লগ কৰিবলৈ অনুমতি দিছিল ৷

উল্লেখ্য যে, মনীষ ছিছোডিয়াক চি বি আইয়ে 2023 চনৰ 26 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল ৷ 2022 চনৰ 25 নৱেম্বৰত চি বি আইয়ে প্ৰথমখন অভিযোগনামা দাখিল কৰিছিল ৷ ইয়াৰ পূৰ্বে 2022 চনৰ 15 ডিচেম্বৰত আদালতে অভিযোগনামা সন্দৰ্ভত অৱগত কৰিছিল ৷ ভাৰতীয় দণ্ডবিধিৰ 120 বি ধাৰা আৰু দুৰ্নীতি বিৰোধী আইনৰ 7, 7এ আৰু 8 নং ধাৰাত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আদালতে ৷ প্ৰথমখন অভিযোগনামাত আদালতে বিবেচনা কৰা অভিযুক্ত সকল হৈছে- কুলদীপ সিং, নৰেন্দ্ৰ সিং, বিজয় নায়ৰ, অভিষেক বয়নপল্লী, অৰুণ ৰামচন্দ্ৰ পিল্লাই, মুথু গৌতম আৰু সমীৰ মহেন্দ্ৰ ৷

লগতে পঢ়ক : ৰাজ্যপালৰ ভাষণৰ প্ৰতিলিপি নোপোৱাৰ অভিযোগ উত্থাপন কৰি সদন ত্যাগ বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.