ETV Bharat / bharat

ৰাজ্যপালৰ ভাষণৰ প্ৰতিলিপি নোপোৱাৰ অভিযোগ উত্থাপন কৰি সদন ত্যাগ বিৰোধীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 11:18 AM IST

Updated : Feb 5, 2024, 2:10 PM IST

Assam Assembly budget Session : অসম বিধানসভাৰ সোমবাৰে বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ৰাজ্যপালৰ ভাষণৰ প্ৰতিলিপি নোপোৱা বুলি কৈ বিৰোধী বিধায়কসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰি কংগ্ৰেছৰ বিধায়কসকলে সদন আধাতে ত্যাগ কৰে ।

Assam Assembly budget Session
ৰাজ্যপালৰ ভাষণৰ প্ৰতিলিপি নোপোৱা অভিযোগ উত্থাপন কৰি সদন ত্যাগ বিৰোধীৰ

গুৱাহাটী,‌ ৫ ফেব্ৰুৱাৰী : আজিৰ পৰা অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিব অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ অসম বিধানসভাৰ সোমবাৰে বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । ১.২০ মিনিটতে ভাষণ সামৰিবলগীয়া হ’ল ৰাজ্যপালে । ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ভাষণ দি থকাৰ সময়তে বিধানসভাত বিৰোধীয়ে সৃষ্টি কৰে হুলস্থুলীয়া পৰিস্থিতিৰ । প্লে’ কাৰ্ড প্ৰদৰ্শন কৰি ৰাজ্যপালৰ ভাষণ বিৰোধিতা কৰে বিৰোধীয়ে ।

উল্লেখ্য যে, ৰাজ্যপালৰ ভাষণেৰে বিধানসভাৰ বাজেট অধিৱেশন পুৱা ৯.৩০ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয় । ৰাজ্যপালে ভাষণ দিয়া আৰম্ভ কৰাৰ লগে লগে বিৰোধীয়ে সৃষ্টি কৰে হুলস্থুলীয়া পৰিস্থিতিৰ । ৰাজ্যপালৰ ভাষণৰ প্ৰতিলিপি নোপোৱা বুলি কৈ বিৰোধী বিধায়কসকলে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইয়াৰ পিচতে কংগ্ৰেছৰ বিধায়কসকলে সদন আধাতে ত্যাগ কৰে । যাৰ বাবে ৰাজ্যপালে ভাষণ আধাতে সামৰে আৰু বিধানসভাৰ‌ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ কামকাজ ৪৫ মিনিটলৈ স্থগিত ৰাখে ।

ইপিনে সদন ত্যাগ কৰি সদনৰ বাহিৰত কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কাৰ্যসূচীক নেতৃত্ব দিয়া বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই অভিযোগ কৰি কয় যে, বিজেপি চৰকাৰৰ শাসনত অসমীয়া মাধ্যম আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া মাধ্যম নিঃশেষ কৰিব ওলাইছে । লোকসেৱা আয়োগৰ অধীনত অসম অসমাৰিক সেৱাত অসমীয়া নজনা প্ৰাৰ্থীক উত্তীৰ্ণ কৰা‌ হৈছে । টেট শিক্ষকৰ‌ সমস্যা চৰকাৰে সমাধান কৰা নাই। চৰকাৰৰ এই ধৰণৰ‌ অসম বিৰোধী আৰু শিক্ষা বিৰোধী কামৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা‌ হৈছে বুলি তেওঁ অভিযোগ কৰে ।

ইপিনে ৰাজ্যপালৰ ১.২০ মিনিটৰ ভাষণত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই‌ কয় যে এই বাজেট অধিৱেশনৰ জৰিয়তে অসমত শান্তি আৰু প্ৰগতিৰ নতুন যুগৰ সূচনা হ'ব । অসমৰ উন্নয়নৰ ৰোডমেপ তৈয়াৰ‌ কৰা হ'ব । মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম হোৱা উন্নয়নৰ ৰূপৰেখা ৰাজ্যপালগৰাকীয়ে ভাষণত চমুকৈ দাঙি ধৰে ।

লগতে পঢ়ক: ৰাজ্যপালৰ ভাষণৰ মাজতে উত্তপ্ত বিধানসভা, 45 মিনিটৰ কাৰণে স্থগিত সদন

Last Updated : Feb 5, 2024, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.