ETV Bharat / bharat

অৰুণাচল প্ৰদেশত ভূমিস্খলন: ক্ষতিগ্ৰস্ত জনজীৱন - Cyclone Remal hits NE

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 9:59 PM IST

Landslide in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ কেবাঠাইতো ভূমিস্খলন ৷ ধাৰাসাৰ বৃষ্টিপাতৰ সৰ্তকবাণী ইটানগৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ৷

Cyclone Remal hits NE
অৰুণাচল প্ৰদেশত ভূমিস্খলন: ক্ষতিগ্ৰস্ত জনজীৱন (Etv bharat assam)

তেজপুৰ, 28 মে': চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ৰেমলৰ ভয়াৱহ প্ৰভাৱ । ৰাজ্যখনৰ কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে বুলি ইটানগৰ বতৰ বিজ্ঞান কেন্দ্ৰই অৰুণাচল প্ৰদেশলৈ এক সতৰ্কবাণী জাৰি কৰিছে । মঙলবাৰে পাপুম পাৰে, পশ্চিম কামেং, কুৰুং কুমে, নামনি সোৱণশিৰী, শ্বিয়োমি, পশ্চিম চিয়াং, লোহিত, চাংলাং, টিৰাপ আৰু লংডিঙত প্ৰচণ্ড বৰষুণ হোৱাৰ লগতে ধুমুহা অহাৰো সম্ভাৱনা আছে বুলি জাননী জাৰি কৰিছে ।

ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ আহ্বান:

এই জাননী জাৰি হোৱাৰ পাচতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । আনহাতে মঙলবাৰৰ পুৱাৰ ভাগত পশ্চিম অৰুণাচল প্ৰদেশৰ ভালুকপুঙৰ টিপিৰ সমীপত ভূমিস্খলনৰ ফলত এখন গাড়ী আৱদ্ধ হৈ পৰে । পাহাৰৰ ওপৰৰ পৰা প্ৰচণ্ড শিল বাগৰি আহি গাড়ীখন আৱদ্ধ কৰি ৰাখে যদিও চালকজনৰ প্ৰাণ কোনোমতে ৰক্ষা পৰে । এই ঘটনাৰ পাচত সমগ্ৰ পথটো বন্ধ হৈ পৰে ।

বিয়লিৰ ভাগত কুৰুং কুমে-কাৰা দাদী, অঞ্চলটোত হোৱা প্ৰৱল বৰষুণৰ বাবে ৰাজ্যৰ বহু অঞ্চলত ভূমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে । ইয়াপাপ হোগুত নামৰ স্থানেৰে যাতায়ত কৰা লোকসকলক যাত্ৰা কৰাৰ সময়ত জিলা প্ৰশাসনে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে । বিভাগীয় কৰ্তৃপক্ষই পৰিস্থিতি সম্পূৰ্ণ নিৰীক্ষণ কৰি সুৰক্ষা নিশ্চিত কৰাৰ লগতে যিকোনো সম্ভাব্য দুৰ্ঘটনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।

উঃপূঃত ৰেমলৰ প্ৰভাৱ:

অৰুণাচলৰ সমান্তৰালভাবে মিজোৰামতো পৰিছে ৰেমল ঘূৰ্ণিৰ প্ৰভাৱ ৷ ভূমিস্খলন আৰু শিলৰ কুৱেৰী খহি পৰাৰ ফলত 21 জন লোকৰ মৃত্যু ঘটিছে ৰাজ্যখনত । ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিয়াললৈ 15 কোটি টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই ।

লগতে পঢ়ক: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভূমিস্খলন; শিল খহি আহত শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.