ETV Bharat / bharat

দিল্লীৰ শ্বাহদাৰাত ভয়ংকৰ অগ্নিকাণ্ড, নিহত চাৰিজন

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 8:40 AM IST

Massive fire breaks out at Shahdara in Delhi
শ্বাহদাৰাত ভয়ংকৰ অগ্নিকাণ্ড

Fire Incident In Delhi: শুকুৰবাৰে দেশৰ ৰাজধানী দিল্লীৰ শ্বাহদাৰা জিলাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । শ্বাহদাৰাৰ ৰামনগৰ অঞ্চলৰ এটা চাৰিমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাই চাৰিজনে । এবছৰীয়া শিশু আৰু দুগৰাকী মহিলা আৰু এটি কিশোৰে প্ৰাণ হেৰুৱাই অগ্নিকাণ্ডত ।

নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী: ৰাজধানী দিল্লীত অগ্নিকাণ্ডৰ ঘটনা । শ্বাহদাৰা জিলাৰ ৰামনগৰ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । শুকুৰবাৰে সন্ধিয়া অঞ্চলটোৰ এটা চাৰিমহলীয়া অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাই চাৰিজনে । প্ৰাণ হেৰুৱাই এটি এবছৰীয়া শিশু, দুগৰাকী মহিলা আৰু এটি ১৭ বছৰীয়া কিশোৰে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

ঘটনা সন্দৰ্ভত শ্বাহদাৰাৰ আয়ুক্ত সুৰেন্দ্ৰ চৌধুৰীয়ে জনাই যে, অট্টালিকাটোত আৱদ্ধ হৈ থকা ছয়জন লোকক সংকটজনক অৱস্থাত জিটিবি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । য'ত চিকিৎসকে চাৰিজন লোকক মৃত ঘোষণা কৰে । মৃত মহিলা দুগৰাকীক গৌৰী আৰু ৰচনা বুলি চিনাক্ত কৰা হৈছে ।

স্থানীয় লোকে জনোৱা অনুসৰি সন্ধিয়া প্ৰায় ৫:৩০ বজাত ৰামনগৰৰ চাৰিমহলীয়া অট্টালিকাটোত সংঘটিত হয় অগ্নিকাণ্ড । অট্টালিকাৰ তলৰ মহলাত সুত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ । তলৰ মহলাটোত ৱাইপাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় । ইয়াৰ পৰা ওলোৱা জুই আৰু ধোঁৱাই গোটেই ভৱনটো আগুৰি ধৰে । প্ৰথম আৰু দ্বিতীয় মহলাত কোনো লোক নাছিল যদিও তৃতীয় মহলাৰ লোকসকল জুইৰ মাজত আৱদ্ধ হৈ পৰিছিল ।

অগ্নিকাণ্ডৰ ফলত এগৰাকী বৃদ্ধা মূৰ্ছা গৈছিল । চুবুৰীয়াসকলে অট্টালিকাটোত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ প্ৰয়াস কৰে । অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰু ভৱনটোত আৱদ্ধ লোকসকলক স্থানান্তৰ কৰি তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে কয় যে জুইলগাৰ কাৰণ বৰ্তমানো স্পষ্ট হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰে ।

লগতে পঢ়ক: বিশ্বনেতাসকললৈ প্ৰধানমন্ত্ৰী মোদীয়ে জনালে কৃতজ্ঞতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.