ETV Bharat / bharat

বিশ্বনেতাসকললৈ প্ৰধানমন্ত্ৰী মোদীয়ে জনালে কৃতজ্ঞতা

author img

By ANI

Published : Jan 27, 2024, 7:09 AM IST

Modi expresses gratitude to world leaders: ভাৰতৰ 75 সংখ্যক গণৰাজ্য দিৱসৰ দিনটোত ভাৰতলৈ শুভেচ্ছা জনোৱা প্ৰতিগৰাকী বিশ্বনেতালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে । X যোগে বিশ্বনেতাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

Modi expresses gratitude to world leader

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ 75 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে বিশ্ব নেতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে । নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালক ভাৰতক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে নেপালৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্ব বৰ্তায় ৰখাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব ।

'X' যোগে প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "আপোনাৰ গণৰাজ্য দিৱসৰ শুভেচ্ছাৰ বাবে @PM_nepal_ ধন্যবাদ। ভাৰতে নেপালৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্বক অগ্ৰাধিকাৰ প্ৰদান কৰিব ।"

নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল- "ভাৰতৰ 75 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ভাৰত চৰকাৰ তথা বন্ধু ভাৱাসম্পন্ন জনসাধাৰণ প্ৰধানমন্ত্ৰী @narendramodi জীলৈ সুস্বাস্থ্য, শান্তি আৰু সমৃদ্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো ৷ আমাৰ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক বৃদ্ধি পাব ।"

মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জুগনাউথৰ জনোৱা শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-মৰিচাছৰ দ্বিপাক্ষিক অংশীদাৰিত্ব অবিৰতভাৱে শক্তিশালী হোৱাৰ বাবে তেওঁ আগ্ৰহী বুলি উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "প্ৰধানমন্ত্ৰী @KumarJugnauth লৈ আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ । আমাৰ শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ অবিৰত শক্তিশালীকৰণৰ বাবে সদায়ে আগ্ৰহী ।"

মৰিচাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে X যোগে কৈছিল, "ভাৰতৰ 75 সংখ্যক গণৰাজ্য দিৱসৰ গৌৰৱময় সময় উপলক্ষে প্ৰধানমন্ত্ৰী মোদী জী @narendramodi আৰু আমাৰ ভাৰতীয় ভগ্নী-ভাইসকললৈ আন্তৰিক অভিনন্দন ।"

ভাৰতৰ গণৰাজ্য দিৱস উদযাপনত যোগদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক ধন্যবাদ জ্ঞাপন কৰে- "আমাৰ গণৰাজ্য দিৱস উদযাপনত যোগদান কৰাৰ বাবে ৰাষ্ট্ৰপতি @EmmanuelMacron লৈ ধন্যবাদ । আপোনাৰ উপস্থিতিয়ে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কত অনন্য গতি প্ৰদান কৰিব ।"

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল: "মোৰ প্ৰিয় বন্ধু @NarendraModi, আপোনালোকৰ গণৰাজ্য দিৱসত ভাৰতীয় জনসাধাৰণলৈ মোৰ আন্তৰিক শুভেচ্ছা । আপোনালোকৰ লগত থাকিবলৈ পাই সুখী আৰু গৌৰৱান্বিত । আহক আমি উদযাপন কৰোঁ !"

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "আমাৰ গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি @EmmanuelMacron লৈ ধন্যবাদ । আপোনাৰ উপস্থিতিয়ে ভাৰত-ফ্ৰান্সৰ সম্পৰ্কত এক গতি প্ৰদান কৰিব ।"

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও বিশ্বৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক: কৰ্তব্য পথত ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.