ETV Bharat / bharat

কি হৈছে ৰাজ্যৰ এইখন চৰকাৰী বিদ্যালয়ত ? কেনেকৈ কাটিল একেলগে ৩০-৪০ শিক্ষাৰ্থীৰ হাতত ? - STUDENTS CUT THEIR HAND

সাৱধান! বিদ্যালয়লৈ অহা বা ঘৰতে থকাৰ সময়তো নিজৰ সন্তানটিক অলপ নজৰত ৰাখক৷ কিয়নো আপোনাৰ সন্তানৰ এটা মান্য ভুলে বিপদৰ মুখলৈ ঠেলি দিব পাৰে সিঁহতৰ ভৱিষ্যতক৷

students cut their hand by blades
শিক্ষাৰ্থীৰ হাতত আছে ব্লেডেৰে কটা চিন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 3:37 PM IST

3 Min Read

আমৰেলী : ৰাজ্যৰ এখন চৰকাৰী স্কুল ৷ স্কুলখনত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এজন বা দুজন নহয় স্কুলখনৰ প্ৰায় ৩০ৰ পৰা ৪০জন শিক্ষাৰ্থীৰ হাতত আছে ব্লেডেৰে কটা চিন ৷ একলগে অধিকাংশ শিক্ষাৰ্থীৰ হাতত এই কটা চিন দেখি হতভম্ব হৈ পৰিছে বিদ্যালয়ৰ শিক্ষকসকল ৷

নিজৰ সন্তানৰ এই অৱস্থা দেখি চিন্তিত হৈ পৰিছে অভিভাৱকসকলো ৷ কিয় তেওঁলোকে কাটিছে ব্লেডেৰে কাটিছে হাত ? নিজে কাটিছে নে অন্য কোনো লোকে তেওঁলোকক এই কাৰ্য কৰিবলৈ বাধ্য হৈ পৰিছে ! সকলোৰে মনত উদয় হৈছে ভিন্ন প্ৰশ্নৰ ৷

ইফালে এই চৰকাৰী বিদ্যালয়খনৰ এই অৱস্থাৰ বিষয়ে জানিব পাৰি গাঁওবুঢ়া জয়সুখভায়ে খবৰ দিয়ে শিক্ষা বিভাগৰ লগতে আৰক্ষীৰ লোকক ৷ কেৱল বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাই নহয়, এই সমগ্ৰ বিষয়টো ভালদৰে তদন্ত কৰিবলৈ গাঁওবুঢ়াগৰাকীয়ে আৰক্ষীক আৱেদন দাখিল কৰে ৷

students cut their hand by blades
ঘটনাৰ তদন্ত কৰাৰ অহ্বান (ETV Bharat)

আনহাতে, এই বাতৰি বিয়পি পৰাৰ পাচতে চিন্তিত হৈ পৰিছে অন্য অভিভাৱকসকলো ৷ সন্তানক স্কুললৈ পঠিয়াবলৈয়ো ভয় কৰিছে একাংশ অভিভাৱকে ৷

এতিয়া হয়তো আপোনালোকৰ মনত উদয় হৈছে প্ৰশ্নৰ, ৰাজ্যৰ কোনখন চৰকাৰী স্কুলত সংঘটিত হৈছে এই ঘটনাটো ? আচলতে আমি উল্লেখ কৰা এই ঘটনাটো অসমৰ বিদ্যালয়ত সংঘটিত হোৱা নাই ৷ এই ঘটনাটো সংঘটিত হৈছে গুজৰাটত ৷ গুজৰাটৰ আমৰেলী জিলাৰ মোটা মুঞ্জিয়াসৰ গাঁৱৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কেবাজনো শিক্ষাৰ্থীয়ে চোকা ব্লেডেৰে নিজৰ হাত কটা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

  • ৩০ৰ পৰা ৪০জন ছাত্ৰ-ছাত্ৰীৰ হাতত আছে আঘাতৰ চিন :

একাংশ লোকৰ মতে, এই ঘটনাটো সংঘটিত হোৱাৰ মূল কৰাণটো হৈছে অনলাইন গেমিং ৷ অনলাইন গেমিঙৰ জৰিয়তে কেইটামান পইচা লাভৰ বাবে একাংশ শিক্ষাৰ্থীয়ে নিজকে ফোনত ব্যস্ত কৰি লৈছিল ৷ তাৰ পাচতে অনলাইন গেমিঙত অহা কিছু কিছু নিৰ্দেশনা মানিবলৈ গৈ এই শিক্ষাৰ্থীসকলে নিজে নিজকে আঘাত কৰে ৷

কেৱল আমৰেলীৰ উক্ত বিদ্যালয়খনৰে শিক্ষাৰ্থীসকলে এই পন্থা বাচি লোৱা নাই ৷ ইটিভি ভাৰতৰ গুজৰাটৰ সাংবাদিকে জনোৱা মতে, গাঁওখনৰ প্ৰায়বোৰ ল’ৰা-ছোৱালীৰ হাততে এনে চিন পৰিলক্ষিত হৈছে ৷ যি বৰ্তমান এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে ৷ সেই এই সমগ্ৰ বিষয়টো ভালদৰে তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে গাঁওবুঢ়াগৰাকীয়ে ৷

  • শিক্ষা বিভাগে সমগ্ৰ বিষয়টোৰ তদন্তৰ আশ্বাস দিছে

আমৰেলী জিলা শিক্ষা বিষয়া কিশোৰভাই মায়ানীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘শিক্ষা বিভাগে স্বতন্ত্ৰভাৱে এই সমগ্ৰ বিষয়টোৰ তদন্ত কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ত থকাৰ সময়ত নে আন সময়ত আহত হৈছে সেয়াও তদন্ত কৰা হ’ব ৷ বিদ্যালয়খনৰ সকলো শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু সম্ভৱ হ’লে তেওঁলোকৰ অভিভাৱককো জেৰা কৰা হ’ব ।

‘‘বৰ্তমান শিক্ষা বিভাগে তদন্ত কৰি আছে ৷ তদন্তৰ পিছতহে এই সমগ্ৰ ঘটনাটোৰ আঁৰত কোন জড়িত হৈ আছে সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা যাব ৷’’ তেওঁ কয় ৷

লগতে পঢ়ক : প্ৰশ্নকাকত ফাদিল: নগাঁৱৰ ৩ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে এজাহাৰ শিক্ষা বিভাগৰ

লগতে পঢ়ক : গুৰুকুল কি, কিয় ব্যতিক্ৰম এই বিশেষ বিদ্যালয়খন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.