প্ৰশ্নকাকত ফাদিল: নগাঁৱৰ ৩ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে এজাহাৰ শিক্ষা বিভাগৰ
ছীল খোলা অৱস্থাত ওভতাই দিছিল প্ৰশ্নকাকতৰ টোপোলা । বিদ্যালয়সমূহৰ পৰিদৰ্শকে দাখিল কৰিলে এজাহাৰ ।

Published : March 24, 2025 at 10:33 PM IST
নগাঁও: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ সময়তে নগাঁৱৰ তিনিখনকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । বিগত ২১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিত বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ১৯ মাৰ্চতেই ফাদিল হোৱাৰ পাছতেই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল শিক্ষা বিভাগে । কিন্তু তেনে সময়তেই নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ তৎপৰতাৰ বাবেই পোহৰলৈ আহিছিল নগাঁৱৰ তিনিখনকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ অসৎ পন্থা অৱলম্বনৰ তথ্য ।
কিয় এজাহাৰ দাখিল কৰা হ'ল ?
২১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিল হোৱা বুলি বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা লাভ কৰাৰ পাছতেই সকলো শিক্ষানুষ্ঠানলৈ আগতীয়াকৈ প্ৰেৰণ কৰা প্ৰশ্নকাকত ওভতাই বিচাৰি নিৰ্দেশনা দিছিল নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে । শিক্ষানুষ্ঠানসমূহে প্ৰশ্নকাকতৰ টোপোলা ওভতাই দিয়াৰ সময়তেই উন্মোচন হয় তিনিখনকৈ শিক্ষানুষ্ঠানৰ কাণ্ড ।
সোমবাৰে নগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে এই সন্দৰ্ভত ই টিভি ভাৰতৰ সন্মুখত কয়, "উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুযায়ী নগাঁৱৰ শিক্ষানুষ্ঠানসমূহক প্ৰশ্নকাকতৰ টোপোলা ওভতাই দিবলৈ নিৰ্দেশনা দিয়াত নগাঁৱৰ তিনিখনকৈ শিক্ষানুষ্ঠানে প্ৰশ্নকাকতৰ টোপোলাৰ ছীল খোলা অৱস্থাত ওভতাই দিছিল । লগে লগে বিষয়টো কৰ্তৃপক্ষক অৱগত কৰোৱাত কৰ্তৃপক্ষৰ নিৰ্দেশনা মৰ্মে নগাঁৱৰ শিক্ষানুষ্ঠান তিনিখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ।"

৩ ব্যক্তিগত শিক্ষানুষ্ঠান কি কি ?
প্ৰশ্নকাকত ফাদিলৰ অভিযোগত নগাঁৱৰ জুৰীয়াৰ বগুৰিগুৰি এডভান্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু বৰহাহাৰৰ এছ এ এছ ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলিও জানিবলৈ দিয়ে নগাঁৱৰ শিক্ষা বিষয়াগৰাকীয়ে । ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে শিক্ষা বিষয়াগৰাকীয়ে ।
প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত কৰি এনে শিক্ষানুষ্ঠানৰ শিক্ষকে পবিত্ৰ বৃত্তিটোকে কলংকিত কৰা বুলিও মন্তব্য কৰে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে । উল্লেখ্য যে যি সময়ত একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে বিভিন্ন অসৎ পন্থা অৱলম্বন কৰি ছাত্ৰ-ছাত্ৰীৰ উন্নত ফলাফলেৰে একপ্ৰকাৰ চমক দেখুৱাবলৈ সক্ষম হৈছে তেনে সময়তে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ নাম সাঙোৰ খোৱা ঘটনাই চৰ্চা লাভ কৰিছে বিভিন্ন মহলত ।

