ৰঙিয়া: ৰঙিয়াত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিত প্ৰশ্নকাকতৰ ছীল পৰীক্ষাৰ এদিন পূৰ্বেই খোলাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান চিমবায়’ছিছ একাডেমীৰ বিৰুদ্ধে এই অভিযোগ উঠিছে । এই ঘটনাই ৰঙিয়াৰ লগতে অসমৰ শিক্ষাক্ষেত্ৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উত্থাপিত অভিযোগ মতে, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধীনত পৰীক্ষা কেন্দ্ৰ হিচাপে নিৰ্ধাৰিত চিমবায়’ছিছ একাডেমীত এই অনিয়ম সংঘটিত হৈছে । ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কুমাৰ কলিতাৰ অভিযোগ অনুসৰি, একাডেমীৰ অধ্যক্ষ অশোকা দত্তই পৰীক্ষাৰ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই গণিতৰ প্ৰশ্নকাকতৰ ছীল খুলি চৰকাৰী নিয়ম উলংঘা কৰিছে । এই কাৰ্যৰ জৰিয়তে পৰীক্ষাৰ পবিত্ৰতা আৰু গোপনীয়তা উলংঘা হৈছে ।
এই সন্দৰ্ভত ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কুমাৰ কলিতাই কয়, "যোৱা ২০ মাৰ্চৰ দিনা আবেলিৰ ভাগত মই উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ পৰা এটা অভিযোগ পাওঁ যে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্ন কাকতখন ফাদিল হৈছে । গতিকে সিদিনাখনেই সন্ধিয়া পাঁচ বজাৰ ভিতৰত প্ৰশ্নকাকতসমূহ ওভতাই দিব লাগে । সেয়েহে মই প্ৰশ্নকাকত ওভতাই বিচাৰি চিমবায়’ছিছ একাডেমী আৰু প্ৰাগমেটিক একাডেমীৰ লগত যোগাযোগ কৰো । প্ৰাগমেটিক একাডেমীৰ কাকতখিনি ছীলসহ জমা দিয়ে যদিও চিমবায়’ছিছ একাডেমীৰ প্ৰশ্নকাকত খিনি খোলা অৱস্থাত মোৰ ওচৰলৈ আহে । মই চিমবায়’ছিছ একাডেমীৰ অধ্যক্ষ অশোকা দত্তক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, ডাক্টৰৰ ওচৰত যাব লাগে বাবে এদিন আগতে তেওঁ প্ৰশ্নকাকতসমূহ মিলাই থৈছিল । মই চিমবায়’ছিছ একাডেমীৰ কাকতখিনি গ্ৰহণ নকৰি তেওঁকো মোৰ লগতে লৈ যাওঁ আৰু শিক্ষা বিষয়াক সমগ্ৰ ঘটনা অৱগত কৰো" ৷

ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে এই গুৰুতৰ বিষয়টোক লৈ ইতিমধ্যে ৰঙিয়া আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ।

তেওঁৰ ভাষ্য অনুসৰি, চিমবায়’ছিছ একাডেমীৰ অধ্যক্ষই এনে কাৰ্যৰ জৰিয়তে শিক্ষা ব্যৱস্থাৰ নিয়মৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাইছে । এই ঘটনাই এতিয়া স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে শিক্ষা বিভাগৰ দায়িত্বশীল কর্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছে । পৰীক্ষাৰ নিৰপেক্ষতা আৰু স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত এনে অনিয়মে গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে ইতিমধ্যে এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।