মনোজ শুক্লা হত্যাকাণ্ডত লগত জড়িত 11 জনক আজীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ
Manoj Shukla Murder Case : অযোধ্যৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত গুৰুত্বপূৰ্ণ ৰায় ৷ মনোজ শুক্লা হত্যাকাণ্ডৰ সন্দৰ্ভত 11 জন লোকক আজীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান আদালতৰ ৷

Published : January 25, 2024 at 2:13 PM IST
নিউজ ডেস্ক, 25 জানুৱাৰী : ৰামনগৰী অযোধ্যাৰ মনোজ শুক্লা হত্যাকাণ্ডৰ সন্দৰ্ভত অযোধ্যৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত গুৰুত্বপূৰ্ণ ৰায় ৷ হত্যাকাণ্ডৰ মূল অভিযুক্তসহ 11 জন লোকক আজীৱন কাৰাদণ্ড আৰু জৰিমনা বিহে আদালতে । প্ৰায় আঠ বছৰৰ পিচত মনোজ শুক্লা পৰিয়ালে লাভ কৰিলে ন্যায় ৷ আনহাতে, গোচৰটোৰ অভিযুক্ত মনোজ মেহৰোত্ৰাক নিৰ্দোষ ঘোষণা কৰে আদালতে ৷
ঘটনাৰ সন্দৰ্ভত এ ডি জি চি প্ৰবীণ কুমাৰ সিঙে কয় যে 2019 ৰ 13 জুন তাৰিখে ৰাঘৱেন্দ্ৰ শুক্লাই কোতৱালী নগৰত এটা অভিযোগ দাখিল কৰিছিল ৷ অভিযোগতো উল্লেখ আছিল যে 2019 ৰ 12 জুনৰ নিশা 11 বজাত তেওঁৰ সৰু ভায়েক মনোজ শুক্লাই এখন হোটেলত বীৰেশ সিঙৰ সৈতে নৈশ ভোজন কৰিবলৈ গৈছিল । তাত তেওঁৰ ভায়েকক আশীষ সিঙৰ পুত্ৰ ভিপি সিঙে প্ৰহাৰ কৰিছিল আৰু অপহৰণ কৰিছিল ।
ইফালে আশীষ সিঙে তেওঁৰ সহযোগীসকলৰ সৈতে মিলি অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল মনোজক আৰু অপহৰণ কৰিছিল ৷ ঘটনাটোৰ দুদিন পিচত চুবুৰীয়া জিলা গোণ্ডাৰ মাস্কানৱা অঞ্চলৰ ৰে’লপথত মনোজৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ।
পৰৱৰ্তী সময়ত ঘটনাৰ সৈতে জড়িতৰ সন্দেহত আশীষ সিং, ধৰ্মেন্দ্ৰ সিং, বিনীত কুমাৰ পাণ্ডে, চনু সোনকাৰ, শ্যাম কুমাৰ যাদৱ, শিৱম সিং, বিকাশ তিৱাৰী, মুঞ্জ মেহৰোত্ৰা, অনীশ পাণ্ডে, ৰাণা সিং, শ্ৰৱণ কুমাৰ পাণ্ডেসহ 13 জন অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগপত্ৰ দাখিল কৰিছিল তদন্তকাৰী আৰক্ষীয়ে ৷
আদালতে 11 জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল । আদালতে মূল অভিযুক্ত বিকাশ সিঙকে ধৰি সকলো 11 জন অভিযুক্তৰ ওপৰত 20,000 টকাৰ জৰিমনা আৰোপ কৰে ।
লগতে পঢ়ক : তেলেংগানাত বৃহৎ পৰিমাণৰ ধনৰ সৈতে চৰকাৰী বিষয়াক গ্ৰপ্তাৰ দুৰ্নীতিবিৰোধী ব্যুৰোৰ

