ETV Bharat / bharat

'কা' ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰক সতৰ্কবাণী মমতা বেনাৰ্জীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:50 PM IST

Mamata on CAA implementation : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে কোচবিহাৰত 'কা' ৰূপায়ণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ স্পষ্টকৈ কয় যে 'কা' সন্দৰ্ভত বিজেপিৰ এই প্ৰচাৰ প্ৰকৃততে ভোটৰ ৰাজনীতিহে ।

'কা' ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰক সতৰ্কবাণী মমতা বেনাৰ্জীৰ
'কা' ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰক সতৰ্কবাণী মমতা বেনাৰ্জীৰ

নিউজ ডেস্ক, ২৯ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইনক (কা) লৈ ৰাজনৈতিক উত্তাপ তীব্ৰ বৃদ্ধি পাইছে । কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে এসপ্তাহৰ ভিতৰত 'কা' কাৰ্যকৰী কৰাৰ কথা দৃঢ়তাৰে ঘোষণা কৰাৰ পিছত, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই সকলোবোৰ কেৱল ৰাজনীতিৰ কাৰণে কৰা হৈছে ।

মমতা বেনাৰ্জীয়ে সোমবাৰে কোচবিহাৰত দিয়া ভাষণৰ সময়ত মঞ্চৰ পৰা এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ স্পষ্টকৈ কয় যে 'কা' সন্দৰ্ভত বিজেপিৰ এই প্ৰচাৰ প্ৰকৃততে ভোটৰ বাবে ৰাজনীতিহে ।

মমতা বেনাৰ্জীয়ে কোচবিহাৰত কয়, "বংগত এন আৰ চি নহ'ব বুলি কোনে আন্দোলন আৰম্ভ কৰিছিল ! মই ৰাজবংশী সম্প্ৰদায়ৰ সকলোকে কওঁ যে আপোনালোক সকলো দেশৰ নাগৰিক । যিসকলে এইবোৰ কথা কয় তেওঁলোকে প্ৰকৃততে ভোটৰ ৰাজনীতি কৰি আছে ।"

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ৰাজবংশীসকলৰ বাবে উপলব্ধ প্ৰকল্পসমূহৰ কথাও উল্লেখ কৰে । "তেওঁলোকে ৰেচন, বৃত্তি, কিষাণ বন্ধু শিক্ষাশ্ৰী সকলো আঁচনি লাভ কৰিছে । কিন্তু এগৰাকী নাগৰিক নহ'লে এইবোৰ সুবিধা লাভ কৰাটো সম্ভৱ নেকি ?" মমতাই ব্যঙ্গাত্মক সুৰত কয় ।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে সীমান্ত ৰক্ষী বাহিনীৰ (বিএছএফ) বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ অভিযোগ কৰে যে বিএছএফে সীমান্তত পৃথক পৰিচয়-পত্ৰ জাৰি কৰিবলৈ চেষ্টা কৰি আছে । "বিএছএফে পৃথকে পৰিচয়-পত্ৰ জাৰি কৰি সীমান্ত অঞ্চলৰ ভিতৰত প্ৰৱেশ কৰাই আছে । মই আপোনালোকক কওঁ যে আপোনালোকৰ কোনেও এই পৰিচয়-পত্ৰ গ্ৰহণ নকৰিব । তেওঁলোকক কওঁক, আমাৰ ওচৰত ৰেচন কাৰ্ড আছে, আমাৰ আধাৰ আছে, আমি আপোনালোকৰ দুটা নম্বৰৰ কাৰ্ড নলওঁ ।" পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কয় ।

আনহাতে, মমতাই তেওঁলোকক সতৰ্ক কৰি দিয়ে যে যদি তেওঁলোকে এই কাৰ্ড লয়, তেন্তে তেওঁলোক এন আৰ চিৰ পৰিধিৰ ভিতৰত পৰিব । লগতে মমতাই কয় যে কোনো মানুহ যদি বিপদত পৰে, তেন্তে তেওঁ উপস্থিত হ'ব । বাঘৰ পোৱালিৰ দৰে তেওঁ তেওঁলোকৰ কাষত থাকি ৰক্ষণাবেক্ষণ দিব ।

উল্লেখ্য যে এইটো প্ৰথমবাৰৰ বাবে নহয় যে মমতা বেনাৰ্জীয়ে বাৰে বাৰে কৈছে যে এন আৰ চি আৰু 'কা'ৰ বিষয়ত জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে । "যিসকলে সকলো নাগৰিক সেৱা লাভ কৰে, তেওঁলোকক পৃথক নাগৰিকত্বৰ প্ৰয়োজন নাই । তেওঁলোক সকলোৱে নাগৰিক ।" তেওঁ লগতে কয় ।

মমতাই পূৰ্বতেও এইটো কৈছে যে বিজেপিয়ে প্ৰকৃততে নাগৰিকত্ব দিয়াৰ নামত বিভাজন কৰিবলৈ চেষ্টা কৰি আছে আৰু সেয়েহে তেওঁ পশ্চিমবংগত 'কা' ৰূপায়ণৰ অনুমতি নিদিব ।

উল্লেখ্য যে দেওবাৰে সন্ধিয়া বিজেপি নেতা শান্তনু ঠাকুৰে দক্ষিণ ২৪ পৰগণাত এখন সভাত কয়, "ৰাম মন্দিৰ ইতিমধ্যে উদ্বোধন কৰা হৈছে । আৰু আগন্তুক সাত দিনৰ ভিতৰত ভাৰতত 'কা' কাৰ্যকৰী হ'ব ।"

লগতে পঢ়ক :ED কাৰ্যালয়ৰ বাহিৰত ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.