ETV Bharat / bharat

ED কাৰ্যালয়ৰ বাহিৰত ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ তীব্ৰ প্ৰতিবাদ

author img

By ANI

Published : Jan 29, 2024, 1:22 PM IST

Land for Job scam case: ভূমি কেলেংকাৰীৰ সন্দৰ্ভত ED কাৰ্যালয়ত লালু যাদৱ ৷ ইয়াৰ বিৰোধিতা কৰি আৰজেডি সমৰ্থকসকলে ইডি কাৰ্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদৰ সাব্যস্ত কৰিছে ৷

Land for Job scam case
ED কাৰ্যালয়ৰ বাহিৰত ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ তীব্ৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী : প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়ৰ বাহিৰত ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ তীব্ৰ প্ৰতিবাদ ৷ আজি অৰ্থাৎ সোমবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়ত RJD ৰ অধ্যক্ষ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱে ভূমি কেলেংকাৰীৰ সন্দৰ্ভত সোধা পোছাৰ বাবে হাজিৰ হোৱাৰ কথা আছে ৷

ইয়াৰ পিচতে আজি কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰেহি সমৰ্থকসকলে ৷ তাৰ পিচতে ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মীসকলে কয় যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ নেতাক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ বাধা দিয়াৰ হেতুকে হাৰাশাস্তি কৰিছে ৷

"লালু যাদৱক যিমানে হাৰাশাস্তি কৰা হ'ব, দলটোৰ কৰ্মচাৰীসকল সিমানেই শক্তিশালী হৈ উঠিছে । আমি কোনেও ভয় নকৰো ৷" আৰজেডিৰ সমৰ্থকসকলে কয়।

ইফালে, আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝাই ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) চৰকাৰী সংস্থাক ব্যৱহাৰ কৰি ৰাজনৈতিকভাবে ইয়াৰ প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ লগতে তেওঁ কয়, "এয়া ইডিৰ আহ্বান নহয়, বিজেপিৰ আহ্বান... এইটো 2024 চনলৈকে চলিব, তেতিয়ালৈকে অনুগ্ৰহ কৰি ইডিয়ে চমন বুলি কৈ আমাক বিভ্ৰান্তি নকৰিব ৷ আমি কিয় ভয় কৰিব লাগে ?"

ইফালে এই সন্দৰ্ভত নতুনকৈ শপতগ্ৰহণ কৰা ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয়, "... দেশৰ ৰাইজে জানে যে এইসকল (লালু যাদৱ) দুৰ্নীতিগ্ৰস্ত লোক। দুৰ্নীতি তেওঁলোকৰ বাবে এটা গহনা... মই তেজস্বী যাদৱক বিহাৰৰ যুৱসকলক ডেৰ বছৰৰ ভিতৰত কেনেকৈ কোটিপতি হ'ব লাগে তাৰ উপায় ক'বলৈ অনুৰোধ জনাইছো ৷"

2004-2009 চনৰ ভিতৰত লালু যাদৱ ৰে’লমন্ত্ৰী হৈ থাকোতে এই ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক: লালু আৰু তেজস্বীক পুনৰ ইডিৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.