ETV Bharat / bharat

অসমত ৰাহুল গান্ধীৰ নিৰাপত্তা সমস্যা; অমিত শ্বাহলৈ পত্ৰ মল্লিকাৰ্জুন খাৰ্গেৰ

author img

By ANI

Published : Jan 24, 2024, 1:52 PM IST

অমিত শ্বাহলৈ মল্লিকাৰ্জুন খাৰ্গেৰ পত্ৰ
অমিত শ্বাহলৈ মল্লিকাৰ্জুন খাৰ্গেৰ পত্ৰ

Kharge Letter to Amit Shah : অসমত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সন্মুখীন হোৱা নিৰাপত্তা সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ।

নিউজ ডেস্ক, ২৪ জানুৱাৰী : কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ । অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত এই পত্ৰ খাৰ্গেৰ । মঙলবাৰে নিশা খাৰ্গেয়ে লিখা পত্ৰখনত বিগত কেইদিনমানৰ পৰা অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নিৰাপত্তা ব্যৱস্থাৰ বিষয়বোৰ উল্লেখ কৰা হৈছে ।

খাৰ্গেয়ে অমিত শ্বাহলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে যে ১৮ জানুৱাৰীত অসমত যাত্ৰাৰ প্ৰৱেশৰ প্ৰথমদিনা অসম আৰক্ষীয়ে এই যাত্ৰাৰ বাবে সুৰক্ষিত পথ নিশ্চিত কৰাৰ পৰিৱৰ্তে শিৱসাগৰ জিলাৰ আমগুৰিত বিজেপিৰ পোষ্টাৰবোৰহে সুৰক্ষিত কৰা দেখা যায় । আনহাতে, দ্বিতীয়দিনা লখিমপুৰত বিজেপিৰ সৈতে জড়িত দুৰ্বৃত্তই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পোষ্টাৰ আৰু হৰ্ডিংবোৰ বিকৃত কৰা আৰু ফালি-চিৰি পেলোৱা ধৰা পৰে ।

"২১ জানুৱাৰীত অৰুণাচল প্ৰদেশ হৈ অসমলৈ যাত্ৰা উভতি অহাৰ লগে লগে শোণিতপুৰ জিলাৰ যাত্ৰাত আন এক অপমানজনক আক্ৰমণ সংঘটিত হয় । শোণিতপুৰ জিলাৰ স্থানীয় আৰক্ষী অধীক্ষকগৰাকী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ । তেওঁ বিজেপি কৰ্মীসকলে আমাৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া দলটোক আক্ৰমণ কৰা আৰু হাতাহাতি কৰাটো নীৰৱ দৰ্শক হৈ চাই থাকে । জয়ৰাম ৰমেশৰ গাড়ীখনত আক্ৰমণ কৰাৰ লগতে দুৰ্বৃত্তই ভাৰত জোড়ো ন্যায় যাত্ৰা-বিৰোধী শ্লোগান দিয়ে । বাহনখনত থকা ভাৰত জোড়ো ন্যায় যাত্ৰা ষ্টিকাৰ ছিঙি পেলায় আৰু ভিতৰত থকা যাত্ৰীসকললৈ পানী ছটিয়াই দিয়াৰ চেষ্টা কৰে ।" পত্ৰখনত লগতে কোৱা হয় ।

"শোণিতপুৰ জিলাত একেদিনাই বিজেপিৰ জিলা কৰ্মীসকলে ওচৰ চাপি আহি ৰাহুল গান্ধীৰ কনভয় অৱৰোধ কৰে । তাৰ পিছত বিজেপিৰ কৰ্মীসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰে, যাৰ ফলত তেওঁৰ প্ৰচুৰ ৰক্তক্ষৰণ হয় ।" পত্ৰখনত সংযোগ কৰা হৈছে ।

ইয়াৰ উপৰি পত্ৰখনত উল্লেখ কৰা হৈছে যে পিছদিনা সন্ধিয়া বিজেপি কৰ্মীসকলে ৰাহুল গান্ধীৰ কনভয় অৱৰোধ কৰে । তেওঁৰ একেবাৰে ওচৰলৈ আহে আৰু নগাঁও জিলাত এক অত্যন্ত অসুৰক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰে । কংগ্ৰেছ সভাপতিগৰাকীয়ে তেওঁৰ পত্ৰখনত অভিযোগ কৰে যে এই সকলোবোৰ সমস্যাজনক ঘটনাত অসম আৰক্ষীয়ে প্ৰণালীবদ্ধভাৱে কাষত থিয় দিছে আৰু বিজেপি কৰ্মীসকলক ৰাহুল গান্ধীৰ কনভয়ৰ ওচৰলৈ আহিবলৈ অনুমতি দিছে । তেওঁৰ নিৰাপত্তা বেষ্টনী ভংগ কৰিছে আৰু তেওঁ আৰু তেওঁৰ দলটোৰ শাৰীৰিক নিৰাপত্তা বিপদাপন্ন কৰিছে ।

"ওপৰত উল্লেখ কৰা সকলো উদাহৰণ আৰু ৰাজহুৱা ক্ষেত্ৰত পৰ্যাপ্ত প্ৰমাণ উপলব্ধ থকা সত্ত্বেও কোনো দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু বহুক্ষেত্ৰতে তদন্ত আৰম্ভ কৰা হোৱা নাই । বিপদাশংকা বৃদ্ধি হোৱাৰ লগে লগে আৰু যাত্ৰা পৰিকল্পনা অনুসৰি আগবাঢ়ি যোৱাৰ লগে লগে আমি আপোনাৰ হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছোঁ যাতে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানে নিশ্চিত কৰে যে এনে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, যাৰ ফলত ৰাহুল গান্ধী বা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যিকোনো সদস্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে ।" খাৰ্গেয়ে অমিত শ্বাহলৈ লিখা পত্ৰত এই আহ্বান জনায় ।

ইফালে ভাৰতীয় দণ্ডবিধি আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, এনএছইউআইৰ ভাৰপ্ৰাপ্ত বিষয়া কানহাইয়া কুমাৰ আৰু অন্যান্য ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ।

"হিংসাত্মক কাৰ্য, প্ৰৰোচনা, ৰাজহুৱা সম্পত্তিৰ ক্ষতি আৰু কংগ্ৰেছ সদস্যৰ দ্বাৰা আৰক্ষী কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত ৰাহুল গান্ধী, কে চি বেণুগোপাল, কানহাইয়া কুমাৰ আৰু অন্যান্য ব্যক্তিৰ বিৰুদ্ধে পিডিপিপি আইনৰ ১২০(বি)১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আইপিচি আৰ/ডব্লিউ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স পোষ্টত কয় ।

লগতে পঢ়ক :বিজেপিয়ে যিমানেই চেষ্টা নকৰক, কংগ্ৰেছে ভয় নকৰে; অশোক গেহলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.