ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ গুলীচালনা ঘটনা; বিজেপি বিধায়ক গণপত গায়কোৱাড়ক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 12:44 PM IST

Maharashtra Firing Case
বিজেপি বিধায়ক গণপত গায়কোৱাড়ক গ্ৰেপ্তাৰ

Maharashtra Firing Case : শুকুৰবাৰে নিশা বিজেপি বিধায়ক গণপত গায়কোৱাড়ে শিৱসেনা সিন্দে গোটৰ নেতা মহেশ গায়কোৱাড়ৰ ওপৰত গুলীচালনা কৰে । এই ঘটনাত মহেশ গায়কোৱাড় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰৰ গুলীচালনাৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি বিধায়ক গণপত গায়কোৱাড়ক । বিজেপি বিধায়ক গণপত গায়কোৱাড়ে শিৱসেনা সিন্দে গোটৰ নেতাৰ ওপৰত গুলীচালনাৰ অভিযোগ উত্থাপিত হৈছে । জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক অনিল জগতাপে জনাইছে যে বিধায়ক গণপত গায়কোৱাড়ৰ লগতে তেওঁৰ দুজন সহযোগীকো এই গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছে । লগতে এইটোও কোৱা হৈছে যে তিনিওজন অভিযুক্তকে শনিবাৰে আদালতত হাজিৰ কৰোৱা হ'ব ।

আনহাতে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিশে উলহাচনগৰৰ বিজেপি বিধায়ক গণপত গায়কোৱাড়ৰ গুলীচালনাৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ।

উল্লেখ্য যে উলহাচনগৰৰ বিজেপি বিধায়ক গণপত গাইকোৱাড়ে সিন্দে গোটৰ নেতাৰ ওপৰত গুলীচালনাৰ বিষয়টোক লৈ বিৰোধীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে । তাৰ পৰিপ্ৰেক্ষিততে এতিয়া উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিশে বিষয়টোৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়ে ।

শুকুৰবাৰে নিশা বিজেপি বিধায়ক গণপত গায়কোৱাড়ে শিৱসেনা সিন্দে গোটৰ নেতা মহেশ গায়কোৱাড়ৰ ওপৰত গুলীচালনা কৰে । এই ঘটনাত মহেশ গায়কোৱাড় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইয়াৰ পাচতে বিধায়ক গণপত গায়কোৱাড়ক গ্ৰেপ্তাৰ কৰা হয় ।

উল্লেখ্য যে গায়কোৱাড় আৰু এজন সমৰ্থকৰ গাত পাঁচটা গুলী লগা বুলি জানিব পৰা গৈছে । উলহাচনগৰৰ হিল লাইন আৰক্ষী থানাত জ্যেষ্ঠ পৰিদৰ্শক অনিল জগতাপৰ উপস্থিতিত বিজেপি বিধায়ক গণপত গায়কোৱাড় আৰু মহানগৰ প্ৰধান মহেশ গায়কোৱাড়ৰ মাজত হোৱা তৰ্কাতৰ্কিৰ সময়ত এই ঘটনাটো সংঘটিত হয় । গুলীৰ আঘাতত শিৱসেনাৰ নেতাজন বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু থানেৰ জুপিটাৰ চিকিৎসালয়ত তেওঁ চিকিৎসকৰ তত্ত্বাৱধানত আছে ।

"মহেশ গায়কোৱাড় আৰু গণপত গায়কোৱাড়ৰ মাজত কিবা এটা বিষয়ত মতভেদ আছিল আৰু তেওঁলোকে অভিযোগ দিবলৈ আৰক্ষী থানালৈ আহিছিল । সেই সময়ত তেওঁলোকৰ মাজত তৰ্কৰ সৃষ্টি হয় আৰু গণপত গায়কোৱাডে মহেশ গায়কোৱাড় আৰু তেওঁৰ লোকসকলৰ ওপৰত গুলীচালনা কৰে । এই ঘটনাত দুজন লোক আহত হয় । ইয়াৰ তদন্ত চলি আছে ।" ডিচিপি সুধাকৰ পাথাৰে কয় ।

লগতে পঢ়ক :মৃতদেহত চকু নেদেখি হতবাক হৈ পৰে পৰিয়াল, সন্দেহৰ আঙুলি চিকিৎসকলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.