ETV Bharat / bharat

লক্ষ্ণৌ ত্ৰিপল মাৰ্ডাৰ ঘটনা : পাকিস্তানৰ লগত যোগসূত্ৰ আছে দুই অভিযুক্তৰ

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:44 PM IST

Updated : Feb 4, 2024, 2:22 PM IST

Lucknow triple murder : লক্ষ্ণৌত ত্ৰিপল মাৰ্ডাৰ ঘটনাত অভিযুক্ত লালন খান আৰু পুত্ৰ ফাৰাজৰ বিষয়ে নতুন নতুন তথ্য পোহৰলৈ আহিছে ৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত জানিব পৰা অনুসৰি, অভিযুক্ত লালনৰ পাকিস্তানৰ লগত সংযোগ আছে ৷

Lucknow triple murder
পাকিস্তানৰ লগত যোগসূত্ৰ আছে দুই অভিযুক্তৰ

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ মালিহাবাদ অঞ্চলৰ মহম্মদনগৰ গাঁৱত শুকুৰবাৰে এটা পৰিয়ালৰ তিনিজন সদস্য নিহত হয় । ভূমি বিবাদৰ বাবে লালন খান আৰু তেওঁৰ পুত্ৰ ফাৰাজ খানে ভতিজাক ফৰিদ খানৰ পত্নী ফাৰহিন খানৰ সৈতে হানজালা খান আৰু তাজ খানক গুলীয়াইছিল । তাৰ পিচতে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত অভিযুক্ত লালন ওৰফে চিৰাজৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ তথ্য লাভ কৰিছে ।

ইয়াৰোপৰি আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত অভিযুক্ত চালকজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, আৰক্ষীয়ে দুয়োকে আটক কৰাৰ পূৰ্বেই লালন আৰু তেওঁৰ পুত্ৰ ফাৰাজে আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰিছিল ৷

জানিব পৰা মতে, তেওঁ পোলেণ্ডৰ পৰা নিষিদ্ধ প্ৰজাতিৰ কুকুৰ চোৰাংকৈ সৰবৰাহ কৰাৰ খবৰ লাভ কৰিছে ৷ এই অবৈধ সৰবাৰহৰ বাবে তেওঁ নেপালৰ পথ বাছনি কৰিছিল । লালনে ক'লা ব্যৱসায়ৰ বাবে নেপালত কেইবাটাও গোপন ঠাইত অৱস্থান কৰা বুলিও আৰক্ষীৰ অভিযানত জানিব পৰা গৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে লালনৰ পুৰণি অপৰাধমূলক কাৰ্য কলাপৰ সন্দৰ্ভত অনুসন্ধান কৰি আছে ।

ইয়াৰ সমান্তৰালকে লালনৰ পাকিস্তানৰ সৈতে সম্পৰ্ক পোহৰলৈ অহাৰ পিচতে, চোৰাংচোৱা সংস্থাসমূহে লালনে দেশ বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত আছিল নেকি তাৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ৷

ইফালে জানিব পৰা মতে, লালন খান সৰুৰে পৰাই জেদী মনোভাৱৰ আছিল ৷ তিনিজন ভাতৃ আৰু পাঁচগৰাকী ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু আছিল লালন । তেওঁ মালিহাবাদত থকা তেওঁৰ পৈতৃক ঘৰ এৰি ডুবগাত ঘৰ নিৰ্মাণ কৰি বেলেগকৈ বসবাস কৰিছিল ৷ বহু দশক ধৰি লালনৰ এটা ৰাজনৈতিক দলৰ সৈতেও অতি ঘনিষ্ঠ সম্পৰ্ক আছিল ।

ইয়াৰ বাবে, লালনে কেতিয়াও অপৰাধ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল । 1979 চনত লালনে কাকোৰীৰ বাসিন্দা হাবিব নামৰ এজন লোকক হত্যা কৰি মৃতদেহটো ইটাৰ ভাটাত পেলাই দিছিল ৷

লগতে পঢ়ক : 9 বছৰীয়া সন্তানক মৰিয়াই মৰিয়াই হত্যা কৰিলে মাহী মাকে

Last Updated : Feb 4, 2024, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.