ETV Bharat / bharat

লোকসভা নিৰ্বাচন ২০২৪ : কংগ্ৰেছৰ তৃতীয় প্ৰাৰ্থী তালিকাত অধীৰ ৰঞ্জন চৌধুৰী, প্ৰণীতি শিন্দে - Lok Sabha elections

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 10:29 AM IST

Lok Sabha Elections 2024 : কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তৃতীয় তালিকা ঘোষণা কৰিছে । জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰীক বেহৰামপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । আনহাতে, প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী সুশীলকুমাৰ শিন্দেৰ কন্যা প্ৰণীতি মহাৰাষ্ট্ৰৰ চোলাপুৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ।

কংগ্ৰেছৰ তৃতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ
কংগ্ৰেছৰ তৃতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ

নিউজ ডেস্ক, ২২ মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে বৃহস্পতিবাৰে ৫৭ জন প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰে । এই তালিকা মতে, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীক পশ্চিমবংগৰ বেহৰামপুৰ লোকসভা আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

আনহাতে, কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ জোঁৱায়েক ৰাধাকৃষ্ণই কৰ্ণাটকৰ গুলবাৰ্গা (এছচি) লোকসভা আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী সুশীল কুমাৰ শিন্দেৰ কন্যা প্ৰণীতি শিন্দেয়ে মহাৰাষ্ট্ৰৰ চোলাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

আনহাতে, ৰবীন্দ্ৰ ধনগেকাৰক মহাৰাষ্ট্ৰৰ পুনেৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । কংগ্ৰেছে মহাৰাষ্ট্ৰৰ কোলহপুৰৰ পৰা শ্বাহু শাহাজী ছত্ৰপতিক টিকট প্ৰদান কৰিছে । আনহাতে, বসন্তৰাও চৱনক নান্দেদৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । কংগ্ৰেছে মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ পৰা শ্বাহু শাহাজী ছত্ৰপতিক টিকট দিছে আনহাতে বসন্তৰাও চৱনক নান্দেদৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৱে তেলেংগানাৰ চেকেন্দ্ৰাবাদৰ পৰা দানম নাগেন্দ্ৰক টিকট প্ৰদান কৰিছে । আনহাতে দলটোৱে তেলেংগানাৰ মালকাজগিৰিৰ পৰা সুনীতা মহেন্দ্ৰ ৰেড্ডীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । মল্লিকাৰ্জুন খাৰ্গে নেতৃত্বাধীন কংগ্ৰেছে তৃতীয় তালিকাত ঘোষণা কৰা আন প্ৰাৰ্থীসকলৰ ভিতৰত আছে- সুনীল শৰ্মা (জয়পুৰ), সংগীতা বেনিৱাল (পালি), উমেদা ৰাম বেনিৱাল (বাৰমেৰ), উৰ্মিলা জৈন ভায়া (ঝালাৱাৰ-বাৰণ) আৰু কুলদীপ ইন্দোৰা (গংগানগৰ এছচি) ।

উল্লেখ্য যে, কংগ্ৰেছে অৰুণাচল প্ৰদেশৰ দুয়োজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । নাবাম টুকীয়ে অৰুণাচল পশ্চিমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে, বছিৰাম চিৰামে অৰুণাচল পূবৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

ইয়াৰ উপৰি কংগ্ৰেছে গুজৰাটৰ বাবেও ১১ গৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে । নীলেশ কুম্বানীক চুৰাটৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । আনহাতে, কংগ্ৰেছে পুডুচেৰীৰ পৰা ভে বৈথিলিঙ্গমক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

উল্লেখ্য যে, অহা ১৯ এপ্ৰিলৰ পৰা দেশত মুঠ সাতটা পৰ্যায়ত ২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ১ জুনত অনুষ্ঠিত হ'ব আৰু ৪ জুনত ফলাফল ঘোষণা কৰা হ'ব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে ।

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগ কংগ্ৰেছৰ - Model Code Of Conduct Violation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.