ETV Bharat / bharat

১৫,০০০ ফুট উচ্চতাত এটা ভোটকেন্দ্ৰ : কেৱল এটা পৰিয়ালৰ বাবে - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 3:29 PM IST

Updated : Apr 26, 2024, 4:03 PM IST

Ladakh unique polling Station: দেশৰ প্ৰতিটো প্ৰান্ততে কোনো ভোটাৰ যাতে ভোটদানৰ পৰা বঞ্চিত নহয় তাৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন পদক্ষেপ লৈছে । দূৰৱৰ্তী অঞ্চলবোৰত তীব্ৰ প্ৰত্যাহ্বান নেওচি আয়োগে ১০০ শতাংশ ভোটদানৰ বাবে প্ৰচেষ্টা চলাইছে । লাডাখত ১৫,০০০ ফুট উচ্চতাত স্থাপন কৰা হৈছে ভোটকেন্দ্ৰ ।

Ladakh unique polling Station
লাডাখত এটা পৰিয়ালৰ বাবে এটা ভোটকেন্দ্ৰ

নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল : দেশত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে । ৭ টা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে । আনহাতে বাকী ৫ টা পৰ্যায়ৰ বাবে নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰাখিছে । সৰ্বাধিক ভোটদানৰ লক্ষ্যৰে নিৰ্বাচন আয়োগে দূৰৱৰ্তী অঞ্চলবোৰতো স্থাপন কৰিছে ভোটকেন্দ্ৰ ।

তাৰ অংশ হিচাপে নিৰ্বাচন আয়োগে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ লেহ জিলাৰ নুব্ৰা মহকুমাৰ ভিতৰত অৱস্থিত দূৰৱৰ্তী গাওঁ ৱাৰ্চীত কেৱল এটা পৰিয়ালৰ বাবে স্থাপন কৰিছে এটা ভোটকেন্দ্ৰ । লাডাখৰ মুখ্য নিৰ্বাচনী বিষয়া য়েতিন্দ্ৰ এম মৰলকাৰে উন্মোচন কৰা এই ভোটকেন্দ্ৰটো নিৰ্বাচন আয়োগৰ দৃষ্টিভংগীৰে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে । ৩৫.০৬৪১৩২৫৮ অক্ষাংশ আৰু ৭৭.৩৩৭৪২৫৩৫ দ্ৰাঘিমাংশত অৱস্থিত তম্বুৰে নিৰ্মাণ কৰা ভোটকেন্দ্ৰটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

মৰলকাৰৰ মতে, এই ভোটকেন্দ্ৰটোৱে নিৰ্বাচন আয়োগৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব । য'ত কেৱল ৫ জনীয়া সদস্যৰ এটা পৰিয়ালে ভোটদান কৰিব । তেওঁলোকৰ ভিতৰত দুজন পুৰুষ আৰু ৩ গৰাকী মহিলা । পৰিয়ালৰ মুৰব্বী এজন কৃষক আৰু তেওঁৰ প্ৰথমা পত্নীৰ সৈতে তেওঁ পৰিয়ালটো চলাই আহিছে ।

আনহাতে নিৰ্বাচন আয়োগে ১৫,০০০ ফুট উচ্চতাত আন এটা ভোটকেন্দ্ৰ এনলী ফ'-২৯৬ স্থাপন কৰিছে । ই লাডাখৰ সৰ্বোচ্চ ভোটকেন্দ্ৰসমূহৰ ভিতৰত অন্যতম । এইটোও এটা তম্বুৰে নিৰ্মিত ভোটকেন্দ্ৰ ।

পাহাৰীয়া আৰু দূৰৱৰ্তী লাডাখৰ মুখ্য কাৰ্যবাহী বিষয়াই শেহতীয়াকৈ কাৰজুৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি সাধাৰণ নিৰ্বাচনৰ বাবে লাডাখত নিৰাপত্তা কৰ্মী নিয়োজিত আৰু ব্যৱস্থা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিছিল । লাডাখত ২০ মে'ত একমাত্ৰ আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব । পূৰ্বে এই সমষ্টিটো জম্মু আৰু কাশ্মীৰৰ অধীনত আছিল । ২৬ এপ্ৰিলত লাডাখ লোকসভা আসনৰ বাবে অধিসূচনা জাৰি কৰা হয় । ৩ মে'ৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব পাৰিব । আনহাতে ৬ মে'ৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।

লেহ আৰু কাৰ্গিল জিলাক সামৰি লোৱা লাডাখ লোকসভা সমষ্টিটো মাটিকালি হিচাপত ভাৰতৰ সৰ্ববৃহৎ সমষ্টি । পাকিস্তান আৰু চীনৰ সীমান্তত এই সমষ্টিটো অৱস্থিত । মুঠ ভোটাৰ হৈছে ১,৮২,৫৭১ গৰাকী । তাৰ ভিতৰত ৯১,৭০৩ জন পুৰুষ আৰু ৯০,৮৬৭ গৰাকী মহিলা ভোটাৰ । লাডাখ প্ৰশাসনে ৫৭৭ টা ভোটকেন্দ্ৰ স্থাপন কৰিছে । পিক এণ্ড ড্ৰপ, হুইলচেয়াৰ আদিৰ দৰে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰা হৈছে । লক্ষণীয়ভাৱে, লাডাখ সমষ্টিত ২০১৯ ৰ নিৰ্বাচনত ভোটদানৰ হাৰ ৭৬.৪ শতাংশ আছিল ।

লগতে পঢ়ক :অনিশ্চয়তাত ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা

Last Updated : Apr 26, 2024, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.