ETV Bharat / bharat

ইডিৰ কাৰ্যালয়ত তেজস্বী যাদৱক জেৰা, বাহিৰত আৰজেডিৰ বৃহৎ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:03 PM IST

Land for Job Scam: পাটনাস্থিত ইডিৰ কাৰ্যালয়ত তেজস্বী যাদৱক জেৰা । কাৰ্যালয়ৰ বাহিৰত শ শ আৰজেডি কৰ্মী আৰু সমৰ্থকে প্ৰতিবাদ অব্যাহত ৰাখিছে । কেন্দ্ৰীয় চৰকাৰে সংস্থাসমূহক অপব্যৱহাৰ কৰাৰ অভিযোগ ।

Land for Job Scam
ইডিৰ কাৰ্যালয়ত তেজস্বী যাদৱক জেৰা

নেশ্যনেল ডেস্ক,৩০ জানুৱাৰী : ভূমিৰ বিনিময়ত নিযুক্তি কেলেংকাৰী গোচৰত পিতৃ লালু প্ৰসাদ যাদৱৰ পিচত এইবাৰ পুত্ৰ তেজস্বী যাদৱক ইডিৰ জেৰা । ৪ ঘণ্টাৰো অধিক সময় ধৰি আৰজেডিৰ নেতা তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ইডিয়ে জেৰা অব্যাহত ৰাখিছে । একে সময়তে ইডিৰ কাৰ্যালয়ৰ বাহিৰত নেতাগৰাকীৰ বৃহৎ সংখ্যক সমৰ্থককো দেখা গৈছে । পুৱা তীব্ৰ প্ৰতিবাদৰ মাজেৰে তেজস্বীয়ে ইডিৰ কাৰ্যালয়ত প্ৰৱেশ কৰে । নেতাগৰাকীৰ সমৰ্থকসকলে বিজেপি তথা ইডিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আৰজেডিৰ সাংসদ মনোজ ঝা, মিছা ভাৰতীকে ধৰি কেইবাজনো নেতাই ইডি কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ কৰা দেখা গৈছে । তেওঁলোকৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰে সংস্থাসমূহৰ অপব্যৱহাৰ কৰি আছে ।

ইডিৰ বিষয়াসকলে তেজস্বী যাদৱক জেৰা চলাই থকাৰ সময়তে প্ৰতিবাদস্থলীত জ্যেষ্ঠ ভাতৃ তেজ প্ৰতাপ যাদৱ উপস্থিত হয় । ইয়াৰ পিচত ভগ্নী মিছা ভাৰতীয়ো প্ৰতিবাদত অংশগ্ৰহণ কৰে ।

সূত্ৰৰ মতে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱক পুৱা ১১:৩০ বজাৰ পৰা ইডিয়ে সোধা-পোছা কৰি আছে । ইডিৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰা নেতা তথা সমৰ্থকসকলে দাবী কৰা মতে তেজস্বী যাদৱ ওলাই নহালৈকে তেওঁলোকে প্ৰতিবাদস্থলী এৰি নাযায় ।

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধে ইডিৰ তদন্ত সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে ইডিয়ে সোমবাৰে লালু প্ৰসাদ যাদৱক সোধা-পোছা কৰিছিল আৰু মঙলবাৰে তেজস্বী যাদৱক সোধা-পোছা কৰিছে । য'ত দুৰ্নীতি আছে তালৈ ইডি যায় । তেওঁৰ মতে বিজেপিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা । যেতিয়া পশুখাদ্য কেলেংকাৰীৰ গোচৰটো চিবিআইক দিয়া হৈছিল কোন শাসনত আছিল বুলিও তেওঁ প্ৰশ্ন কৰে । এজাহাৰ দাখিলৰ সময়ত শাসনত কংগ্ৰেছ আছিল, তেন্তে বিজেপিক কিয় দোষ দিয়া হৈছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

লগতে পঢ়ক :তেজস্বী যাদৱক জেৰা ইডিৰ; ইডি কাৰ্যালয়ৰ বাহিৰত সমৰ্থকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.