ETV Bharat / bharat

পুনেত সাংবাদিকৰ বাহনত বিজেপি কৰ্মীৰ আক্ৰমণ

author img

By ANI

Published : Feb 10, 2024, 11:13 AM IST

Journalist Nikhil Wagle: মহাৰাষ্ট্ৰত এইবাৰ সাংবাদিকৰ ওপৰত বিজেপিয়ে আক্ৰমণ কৰিছে । শুকুৰবাৰে সন্ধিয়া একাংশ কৰ্মীয়ে সাংবাদিক নিখিল ৱাগলেৰ বাহনত আক্ৰমণ কৰে । ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সাংবাদিকগৰাকীৰ ।

Journalist Nikhil Wagle
পুনেত সাংবাদিকৰ বাহনত বিজেপি কৰ্মীৰ আক্ৰমণ

নেশ্যনেল ডেস্ক,১০ ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰৰ পুনেত বিজেপি কৰ্মীৰ গুণ্ডাগিৰি । বিজেপি কৰ্মীয়ে ভাঙি চুৰমাৰ কৰিলে সাংবাদিকৰ বাহন । আক্ৰমণৰ ঘটনাৰ ভিডিঅ' ভাইৰেল । দেশজুৰি ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি ।

জানিব পৰা মতে এই ঘটনাটো শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় । সাংবাদিক নিখিল ৱাগলেয়ে পুনেলৈ ভ্ৰমণ কৰি আছিল । সেই সময়তে বিজেপিৰ একাংশ কৰ্মীয়ে তেওঁলৈ লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে আৰু তেওঁৰ বাহনৰ খিৰিকী ভাঙি চূৰমাৰ কৰে । ঘটনাটোৰ এটা ভিডিঅ'ত দেখা গৈছে যে বিজেপি কৰ্মীসকলে বাহনখনৰ চাৰিওফালে চিয়াঁহী নিক্ষেপ কৰিছে আৰু বাহনখনৰ খিৰিকীবোৰ ৰডেৰে ভাঙিছে । লোকসকলক 'জয় শ্ৰী ৰাম' ধ্বনি দিয়াও শুনা গৈছিল ।

ইফালে, ৱাগলেয়ে এক্সৰ এটা পোষ্টত লিখিছে যে যিয়ে নহওঁক সভা অনুষ্ঠিত হ'ব । তেওঁ জনাইছে যে তেওঁৰ দলটো বৰ্তমান জ্যেষ্ঠ আৰক্ষী বিষয়াৰ কাষ চাপিছে । ৱাগলেয়ে শুকুৰবাৰে আন এটা পোষ্টত পুনেৰ নিলু ফুলে প্ৰেক্ষাগৃহত এক টক-শ্ব'ৰ বিষয়ে লিখিছিল য'ত অভিনেতা তথা ছবি নিৰ্মাতা অমল পালেকাৰ, অসীম চাৰোদে, ৰেশ্মা ৰামচন্দ্ৰৰ দৰে বিশিষ্ট বক্তাসকলে অংশগ্ৰহণ কৰাৰ কথা আছিল ।

ইফালে পুৱাই বিজেপি কৰ্মীসকলে পুনেত ৱাগলেৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছিল । আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটকো কৰিছিল । প্ৰতিবাদকাৰীসকলক বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপক্ষে শ্ল'গান দিয়া শুনা গৈছিল ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী এল কে আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক :হালদৱানী হিংসা, প্ৰায় ৫০০০ লোকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.