ETV Bharat / bharat

অৰুণাচলৰ ওপৰত চীনৰ দাবী হাস্যকৰ বিষয় : এছ জয়শংকৰ - China Arunachal issue

author img

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 1:24 PM IST

China Arunachal issue
অৰুণাচলৰ ওপৰত চীনৰ দাবী হাস্যকৰ বিষয়

China Arunachal issue : অৰুণাচল প্ৰদেশৰ ওপৰত চীনা প্ৰশাসনে কৰা দাবীক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ছিংগাপুৰৰ পৰা চীনক পুনৰ এবাৰ সকীয়াই দিয়ে । চীনৰ এই দাবীক হাস্যকৰ আখ্যা জয়শংকৰৰ ।

নেশ্যনেল ডেস্ক, ২৪ মাৰ্চ : উত্তৰ-পূৱৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ শেহতীয়া দাবীক হাস্যকৰ বুলি উল্লেখ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । মন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে যে অৰুণাচল ৰাজ্যখন ভাৰতৰে অংশ । বেইজিঙৰ দাবী সন্দৰ্ভত এছ জয়শংকৰে কয় যে অৰুণাচল প্ৰদেশ যে ভাৰতৰে এটা অংশ সেই কথা কেৱল ভাৰতেই নহয় আন দেশেও স্বীকাৰ কৰে ।

ত্ৰিদেশীয় ভ্ৰমণৰ অংশ হিচাপে তেওঁ 'হোৱাই ভাৰত মেটাৰ্ছ' নামৰ গ্ৰন্থখনৰ ওপৰত ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ দক্ষিণ এছিয়ান অধ্যয়ন প্ৰতিষ্ঠানত ভাষণ প্ৰদান কৰাৰ সময়তে এই মন্তব্য কৰে । অনুষ্ঠানটোৰ সময়ত এক প্ৰশ্নৰ উত্তৰ দি জয়শংকৰে কয় যে এয়া কোনো নতুন বিষয় নহয় ।

চীনে পূৰ্বেও অৰুণাচলৰ ওপৰত দাবী সাব্যস্ত কৰি আহিছে । দাবীবোৰ আৰম্ভণিতে হাস্যকৰ আছিল আৰু আজিও হাস্যকৰ হৈয়ে আছে । মন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে তেওঁ নিজৰ স্থিতিত অটল আছে । এই বিষয়টো সীমান্তৰ আলোচনাৰ অংশ হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি জয়শংকৰে চীনক ২০২০ চনৰ সীমান্ত অচলাৱস্থাৰ সৈতে সীমান্তত 'সন্তুলন'ৰ ভেটি বিঘ্নিত কৰাৰ বাবে সমালোচনা কৰে । তেওঁ কয় যে চীনৰ সৈতে সীমান্তৰ অচলাৱস্থা এক বৃহৎ সমস্যা হিচাপে দেখা দিছে আৰু সীমান্তত শান্তি বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ অধিক জোৰ দিয়ে ।

উল্লেখ্য যে, শেহতীয়াকৈ চীনে অৰুণাচল প্ৰদেশৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি বিভিন্ন দাবী উত্থাপন কৰিছে । ৰাজ্যখনক জাংনান বুলি সম্বোধন কৰি ইয়াক চীনৰ ভূখণ্ডৰ অংশ বুলি দাবী কৰিছে । ভাৰতে ইয়াক অবৈধভাৱে স্থাপন কৰি তথাকথিত অৰুণাচল প্ৰদেশ নাম দিছে বুলিও চীনে অভিযোগ কৰে ।

অৱশ্যে ভাৰতে পূৰ্বৰ দৰেই এই দাবী অযৌক্তিক আৰু ভিত্তিহীন বুলি দাবী কৰিছে । ভাৰতে স্পষ্ট কৰি দিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংশ আছিল, আছে আৰু থাকিব ।

লগতে পঢ়ক : আমেৰিকায়ো বিশ্বাস কৰে অৰুণাচল ভাৰতৰে অংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.