ETV Bharat / bharat

ভাৰতৰ পৰা হাজাৰ হাজাৰ শ্ৰমিকক ৰপ্তানি কৰিব ইজৰাইলে

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:26 AM IST

Israel labour shortage : উত্তৰ প্ৰদেশৰ পৰা ইজৰাইললৈ যাব ভাৰতৰ হাজাৰ হাজাৰ শ্ৰমিক ৷ আই টি আই আলিগঞ্জত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদৰ সহযোগত ইজৰাইল চৰকাৰৰ এটা দলৰ উপস্থিতিত সপ্তাহজোৰা শ্ৰমিকৰ বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হৈছিল ৷

israel has been facing a labour shortage
ভাৰতৰ পৰা হাজাৰ হাজাৰ শ্ৰমিকক ৰপ্তানি কৰিব ইজৰাইলে

নিউজ ডেস্ক, 31 জানুৱাৰী : নিজৰ জীৱনকো তুচ্ছা জ্ঞান কৰি যুদ্ধ জৰ্জৰ ইজৰাইললৈ যাব ভাৰত 5,020 জন শ্ৰমিক ৷ কেৱল পেটৰ তাড়নাত ইজৰাইললৈ যাব হাজাৰ হাজাৰ শ্ৰমিক ৷ বিশ্বৰ শীৰ্ষ পাঁচখন ৰাষ্ট্ৰৰ ভিতৰত ভাৰত এখন হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দাবীৰ কৰাৰ সময়তে কামৰ সন্ধানত ভাৰতৰ হাজাৰ হাজাৰ শ্ৰমিক ইজৰাইললৈ যাবলৈ সাজু হৈছে ৷ উল্লেখ্য যে, ইজৰাইল-হামাছৰ যুদ্ধৰ বাবে ইজৰাইলত শ্ৰমিকৰ নাটনি হৈছে ৷ সেয়ে ইজৰাইল চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তিৰ অংশ হিচাপে যুদ্ধবিধ্বস্ত ইজৰাইললৈ 5,020 জন শ্ৰমিক ভাৰতৰ পৰা যাব ৷

ইফালে 7,094 জন প্ৰাৰ্থীৰ পৰা প্ৰায় 5,020 জন দক্ষ শ্ৰমিকক ইজৰাইললৈ প্ৰেৰণ কৰা হৈছে ৷ আই টি আই আলিগঞ্জত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদৰ সহযোগত ইজৰাইল চৰকাৰৰ এটা দলৰ উপস্থিতিত সপ্তাহজোৰা শ্ৰমিকৰ বাচনি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল ৷ নিৰ্বাচিত শ্ৰমিকসকলে প্লাষ্টাৰিং আৰু চিৰামিক টাইলিঙৰ লগতে অন্যান্য কামৰ বাবে শ্ৰমিক হিচাপে কাম কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে ৷

এই ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ শ্ৰমিক আৰু সঞ্চালক বিশেষ সচিব, প্ৰশিক্ষণ আৰু নিযুক্তিৰ বিষয়া কুনাল চিলকুৰ উপস্থিতিত শ্ৰমিকৰ পৰীক্ষা কৰা হৈছিল ৷ চিলকুৱে কয়, "মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি উত্তৰ প্ৰদেশত এই অভিযান চলোৱা হৈছিল ৷ ইজৰাইলৰ বাবে 5000 তকৈও অধিক শ্ৰমিক বাছনি কৰা হৈছে ৷ মই তেওঁলোকৰ সফলতা কামনা কৰো ৷ ভাৰত চৰকাৰ আৰু ইজৰাইল চৰকাৰৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ পিছত এই নিযুক্তি অভিযান চলোৱা হৈছিল ৷’’

‘‘আই টি আই আলিগঞ্জত ইজৰাইলী দলটোৰ উপস্থিতিত শ্ৰমিকসকলৰ দক্ষতা পৰীক্ষা 23-30 জানুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছিল ৷ উক্ত শ্ৰমিকসকলে মাহে 1.37 লাখ টকা দৰমহা লাভ কৰিব" এই দৰে আই টি আই আলিগঞ্জৰ অধ্যক্ষ ৰাজ কুমাৰ যাদৱে কয়।

লগতে পঢ়ক : ইজৰাইলৰ অভিযোগ, ইজৰাইলৰ আক্ৰমণত হামাছক সহায় কৰিছিল ৰাষ্ট্ৰসংঘৰ কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.