ETV Bharat / bharat

হাৰিছ ফাৰুকীৰ নিৰ্দেশত ক’ত ক’ত প্ৰস্তুত হৈছে ISIS ৰ নেটৱৰ্ক ? - Haris Farooqi connections with AMU

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 2:16 PM IST

Haris Farooqi has connections with AMU : ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীসহ তেওঁৰ সহযোগী পানীপথৰ অনুৰাগ সিং ৷ জানিব পৰা মতে, হাৰিছ ফাৰুকী আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সৈতে সংযোগ থকাৰ কথা পোহৰলৈ আহিছে ৷ ইতিমধ্যে তদন্তকাৰী সন্থাসমূহে আৰম্ভ কৰিছে তদন্ত ৷

গ্ৰেপ্তাৰ ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকী
গ্ৰেপ্তাৰ ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকী

নেশ্যনেল ডেস্ক, ২১ মাৰ্চ : ইতিমধ্যে সকলোৰে জ্ঞাত যে, বুধবাৰে অসম আৰক্ষীয়ে ভাৰত-বাংলা সীমান্তৱৰ্তী ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰে ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীসহ তেওঁৰ সহযোগী পানীপথৰ অনুৰাগ সিং ওৰফে ৰেহানক ৷ শেহতীয়া তথ্য অনুসৰি, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সৈতে সন্ত্ৰাসবাদী সংগঠন ISIS ৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীৰ সংযোগ থকাৰ কথা পোহৰলৈ আহিছে ৷ বহু সময়ৰ পৰাই ধৃত হাৰিছ ফাৰুকীয়ে ISIS ৰ কাৰ্যসমূহ আগুৱাই লৈ গৈ আছিল ।

যুৱক-যুৱতীসকলক জেহাদী মতাদৰ্শৰ দিশে লৈ গৈছিল :

হাৰিছে আলিগড় মুছলিম বিশ্ববিদ্যালয় (AMU) ৰ ছাত্ৰ-ছাত্ৰীৰ নামত এটা সংগঠন গঠন কৰিছিল । AMU ৰ ছাত্ৰ-ছাত্ৰীক হোৱাটছএপ গ্ৰুপৰ জৰিয়তে সংযোগ স্থাপন কৰিছিল । হাৰিছে এই হোৱাটছএপ গ্ৰুপৰ নেতৃত্ব দিছিল । হাৰিছৰ নিৰ্দেশতহে ISIS ৰ নেটৱৰ্ক প্ৰস্তুত কৰা হৈছিল ।

এই নেটৱৰ্কত অধিক সংখ্যক মুছলমান যুৱক জড়িত হৈ আছিল । পৰিকল্পনা অনুসৰি ISIS ৰ উদ্দেশ্যে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰা হৈছিল । হাৰিছে যুৱক-যুৱতীসকলক জেহাদী মতাদৰ্শৰ দিশে আগুৱাই লৈ আছিল । লগতে জেহাদৰ বাবে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিছিল হাৰিছে ।

ইতিমধ্যে UPATS, দিল্লী পুলিচ, NIA ৰ দৰে সংস্থাই এই বিষয়ত তদন্ত চলাই আছে । লগতে তদন্তকাৰী সংস্থাসমূহে তেওঁলোকৰ নেটৱৰ্কৰ তদন্ত কৰি আছে । অনাগত দিনত এই গোচৰত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সন্দেহ কৰা হৈছে ।

তদন্তকাৰী সংস্থাসমূহেও ISIS ৰ বাবে কাম কৰা শ্লীপাৰ চেল তথা বিশেষ কোষৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আছে । কাৰণ হাৰিছে যুৱক-যুৱতীসকলক ISIS ৰ সৈতে সংযোগ কৰাৰ বাবে অহৰহ চেষ্টা চলাই আহিছিল ।

লগতে পঢ়ক : 'নিয়া'ই বিচাৰি ফুৰা ISIS ৰ দুই দুধৰ্ষ শীৰ্ষ নেতা ধৰা পৰিল ধুবুৰীত

ঘন জংঘলত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি আছিল :

পুনেত বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ শ্লীপাৰ চেলে হাৰিছ ফাৰুকীক গ্ৰেপ্তাৰ কৰিছে । শ্বাহনৱাজ আৰু ৰিজৱানৰ সৈতে হাৰিছৰ যোগাযোগ আছিল । একে সময়তে তেওঁ আলিগড়ত কোচিং চলোৱা অধ্যাপক ৱাজিহুদ্দিনকো অবিৰতভাৱে নিৰ্দেশনা দি আছিল ।

জানিব পৰা মতে, উত্তৰাখণ্ডৰ ঘন অৰণ্যত জেহাদী মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিছিল হাৰিছ ফাৰুকীয়ে । তথ্য সঅনুসৰি, হাৰিছ ফাৰুকী উত্তৰাখণ্ডৰ ডেৰাডুনৰ বাসিন্দা । যোৱা ১০ বছৰে ঘৰলৈ যোৱা নাই হাৰিছে ।

লগতে পঢ়ক : মৌলবাদীৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আৰু আমাৰ মাটিৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিম: মুখ্যমন্ত্ৰী - ISIS India head Haris Farooqi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.