ETV Bharat / bharat

পুনম পাণ্ডেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো হ’ব গণতান্ত্ৰিক দৰ্শন বিৰোধী কাৰ্য; তথ্য পৰীক্ষা বিশেষজ্ঞ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:38 AM IST

Legal action against Poonam Pandey: দেশখনক স্তম্ভিত কৰি তোলা মডেল পুনম পাণ্ডেৰ শেহতীয়া ষ্টাণ্টত সংবাদ মাধ্যম আৰু ইয়াৰ দৰ্শকৰ বাবে এক প্ৰয়োজনীয় শিক্ষণ আছে । তথ্য পৰীক্ষা বিশেষজ্ঞ মুৰলীকৃষ্ণন চিন্নাদুৰাইয়ে ইটিভি ভাৰতৰ শংকৰানাৰায়ণ সুদলাইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সকীয়াই দিয়ে যে বিশেষকৈ যি সময়ত দেশ নিৰ্বাচনৰ দিশে আগবাঢ়িছে, সেই সময়ত এই কাণ্ডক কেৱল আন এক খবৰ বুলি কিয় আওকাণ কৰিব নোৱাৰি । পুনম পাণ্ডে আৰু তেওঁৰ দলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি কয় মুৰলীকৃষ্ণনে । পুনম পাণ্ডেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাটো গণতান্ত্ৰিক দৰ্শন বিৰোধী হ’ব বুলিও কয় তথ্য পৰীক্ষা বিশেষজ্ঞগৰাকীয়ে ।

Poonam Pandey death
পুনম পাণ্ডে

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী: এগৰাকী অভিনেত্ৰীৰ হঠাৎ মৃত্যু হয়তো চাঞ্চল্যকৰ আৰু সমানেই দৃষ্টি আকৰ্ষণকাৰী । তাতোকৈ আচৰিত কথাটো হ’ল যেতিয়া অভিনেত্ৰীগৰাকীয়ে নিজেই ভুল তথ্যৰ আশ্ৰয় লয় আৰু কেন্সাৰৰ বাবে নিজৰ মৃত্যু হোৱা বুলি মিছাকৈয়ে দাবী কৰে । প্ৰশ্ন উত্থাপন হোৱা কথাটো হ’ল মডেল পুনম পাণ্ডেই নিজৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চাৰ্ভাইকেল কেন্সাৰৰ সজাগতাৰ নাম লৈ নিজৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল ৷ এই ঘটনা আৰু ইয়াক কিয় গুৰুত্বসহকাৰে ল’ব লাগে সেই সন্দৰ্ভত ইটিভি ভাৰতে সাক্ষাৎ কৰিছিল তথ্য পৰীক্ষণ বিশেষজ্ঞ মুৰলীকৃষ্ণন চিন্নাদুৰাইক ৷

global risk report
2024 চনৰ গ্ল’বেল ৰিস্ক ৰিপ’ৰ্ট

ইটিভি : এজন তথ্য পৰীক্ষক হিচাপে আপুনি ছ’চিয়েল মিডিয়াত পুনম পাণ্ডেৰ মৃত্যুৰ ঘটনাটো কেনেদৰে গ্ৰহণ কৰিছে ?

চিন্নাদুৰাই : প্ৰথমে এই খবৰ আহিছিল পাণ্ডেৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজযোগে । এই সন্দৰ্ভত আন ক’তো তথ্য পোৱা নগ’ল । ইনষ্টাগ্ৰাম পেজৰ এই দাবীৰ সমৰ্থনত কোনো চিকিৎসা প্ৰমাণ পোৱা নগ’ল । তিনিদিন পূৰ্বে মুম্বাইত ৰেড কাৰ্পেটত খোজ কাঢ়ি যোৱা ব্যক্তিজনৰ ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰটো মুঠেই পতিয়ন যোগ্য নাছিল ।

অৱশ্যে অফিচিয়েল ইনষ্টাগ্ৰাম পেজত প্ৰকাশ পোৱাৰ বাবে বিভিন্ন সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰে । তথাপিও নথি-পত্ৰ আৰু প্ৰমাণৰ ভিত্তিত তথ্য-পৰীক্ষা কৰিব পৰা গ’লহেঁতেন । তেওঁৰ ‘মৃত্যু’ নিশ্চিত কৰা চিকিৎসা প্ৰতিবেদন আৰু মৃতকৰ মৃতদেহৰ অৱস্থা জানিব নোৱাৰাৰ বাবে তথ্য পৰীক্ষা কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছিল ।

ইটিভি : এই ভুৱা বাতৰিটোৰ প্ৰকৃত সত্য প্ৰকাশ হোৱাত কিয় পলম হ’ল ?

চিন্নাদুৰাই : 2 ফেব্ৰুৱাৰীৰ পুৱা পুনম পাণ্ডেৰ মৃত্যুৰ দাবী কৰি এটা ভুৱা ইনষ্টাগ্ৰাম পোষ্ট অভিনেত্ৰীগৰাকীৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টযোগে পোষ্ট কৰা হয় । কিন্তু এই সন্দৰ্ভত ততাতৈয়াকৈ তেওঁৰ আত্মীয়ৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল । তেওঁৰ বন্ধু মুনাৱাৰ ফাৰুকিয়েও নিজৰ অফিচিয়েল পেজযোগে এই খবৰটো শুনি তেওঁ স্তম্ভিত হৈ পৰিছিল আৰু আৱেগিক হৈ পৰিছে বুলি উল্লেখ কৰিছিল ।

বিয়লি 4 বজালৈকে এই সন্দৰ্ভত কোনো প্ৰমাণ পোৱা নগ’ল বাবে এই বাতৰিৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে তথ্য পৰীক্ষা বিশেষজ্ঞৰ ৰাষ্ট্ৰীয় পেনেলে । এই তথ্য নিশ্চিত কৰিবলৈ মুম্বাইৰ এজন তথ্য পৰীক্ষকে বিভিন্ন পৰ্যায়ত পুনম পাণ্ডেৰ ঘনিষ্ঠ বিভিন্ন লোকৰ সৈতে যোগাযোগ কৰে । তথ্য পৰীক্ষকে এই সিদ্ধান্তত উপনীত হ’ল যে পাণ্ডেৰ মৃত্যুৰ খবৰটো সঁচা নহয় ।

কিন্তু প্ৰমাণৰ ভিত্তিত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ নথকাৰ বাবে ইয়াক আনুষ্ঠানিকভাৱে ভুৱা বুলি উলাই কৰিব পৰা নগ’ল । এই ধৰণৰ ভুৱা বাতৰিক POST TRUTH বুলি ক’ব পাৰি । অৰ্থাৎ সংশ্লিষ্ট ব্যক্তি বা তেওঁলোকৰ পৰিয়ালে অস্বীকাৰ নকৰিলে মিছা বুলি প্ৰতিষ্ঠা কৰাটো কঠিন ।

ইটিভি : ছাৰ্ভাইকেল কেন্সাৰৰ সজাগতা সৃষ্টিৰ বাবে নিজৰ মৃত্যু ঘটা বুলি দাবী কৰে পুনম পাণ্ডেই । এই কথাটো কিয় ইতিবাচকভাৱে ল’ব নোৱাৰি ?

চিন্নাদুৰাই : ইয়াক ইতিবাচক বুলি ধৰিব নোৱাৰি । উদ্দেশ্য যিয়েই নহওক কিয়, এই কৌশল মৌলিকভাৱে ত্ৰুটিপূৰ্ণ । কাৰণ হ’ল মৃত্যুৰ একক ভুল তথ্যই এই ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ইয়াৰ পৰা সুস্থ হৈ উঠাসকলৰ আশাক ভেঙুচালি কৰে । এই মানসিক যুদ্ধৰ প্ৰভাৱৰ পৰা ভুক্তভোগী আৰু তেওঁলোকৰ ঘনিষ্ঠ লোকসকলৰ সুস্থ হৈ উঠাটো ইমান সহজ নহয় । যদি সজাগতাই লক্ষ্য হয়, তেন্তে সৎ পথ বাছি লোৱাটোৱেই হ’ব সমাধান, মিছা তথ্য অভিযানৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে ।

ইটিভি : ভুল তথ্য আৰু ভুল তথ্য অভিযান । দুয়োটাৰ মাজত কি পাৰ্থক্য ? কিমান সময়ত ভুল তথ্য ভুল তথ্য অভিযানত পৰিণত হয়?

চিন্নাদুৰাই : কোনো ব্যক্তিয়ে জানি-বুজি বিয়পাই দিয়া ভুৱা তথ্য হ’ল মিছা তথ্য । ভুল তথ্যৰ সৃষ্টি আৰু প্ৰচাৰৰ বাবে আন্তঃগাঁথনি স্থাপন কৰি অভিযান চলোৱাৰ পদ্ধতিক ভুল তথ্য অভিযান বোলে । এই ভুল তথ্য জনোৱাৰ বাবে পুনম পাণ্ডেৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজে সৃষ্টি কৰা ভুৱা বাতৰিয়ে, এদিনৰ ভিতৰতে বিভিন্ন পৰ্যায়ত আৰু সমগ্ৰ দেশৰ বিভিন্ন সংগঠনৰ মাজত ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।

"সত্য বুলি ভুৱা বাতৰি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে সংবাদ মাধ্যমে । X (পূৰ্বৰ টুইটাৰ)কে ধৰি সামাজিক মাধ্যমৰ বিভিন্ন স্থানত আমি দেখিছিলো যে সেইদিনা #poonampandeydeath হেচটেগটোৰ অধীনত বিভিন্নজনে একেধৰণৰ বৰ্ণনাৰে টুইট পোষ্ট কৰিছিল । ব্যক্তিগত শোকসন্তপ্ত লোকসকলে একে বাক্যাংশ ব্যৱহাৰ কৰিছিল । এই ভুল তথ্য অভিযানৰ তীব্ৰতা বৃদ্ধিৰ বাবে তেওঁলোকে পৰিকল্পনা কৰিছিল আৰু কাৰিকৰী আৰু মানৱ সম্পদ স্থাপন কৰিছিল ।

ছ’চিয়েল মিডিয়া চাইটত কৃত্ৰিম স্বতঃস্ফূৰ্ত টুইটৰো পৰ্যবেক্ষণ কৰা হয় । এই ভুৱা অপপ্ৰচাৰক সঁচা বুলি বিশ্বাস কৰি বহু লোকে শোক প্ৰকাশ কৰে । ইয়াক গুৰুতৰ অপৰাধ বুলি গণ্য কৰি ভুৱা প্ৰচাৰ চলোৱা পুনম পাণ্ডে আৰু তেওঁৰ দলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত ।

ইটিভি : উদ্দেশ্য সঠিক হ’লে অপৰাধমূলক ব্যৱস্থা হ্ৰাস হয় ? আমি কেৱল ভুল তথ্যক আওকাণ কৰিব নোৱাৰোনে ?

চিন্নাদুৰাই : আওকাণ কৰাটো কেতিয়াবা সঠিক আৰু কেতিয়াবা ই সৰ্বোত্তম কৌশল । কিন্তু এই ক্ষেত্ৰত আমি তেনেকৈ ভাবিব নোৱাৰো । শেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক মঞ্চই 2024 চনৰ গ্ল’বেল ৰিস্ক ৰিপ’ৰ্ট দাখিল কৰিছে । এই প্ৰতিবেদনযোগে সমাজক বিঘ্নিত কৰাৰ প্ৰধান কাৰক ভুৱা বাতৰি আৰু ভুল তথ্য ।

বিশ্বজুৰি ভাৰত, আমেৰিকাকে ধৰি 50 শতাংশতকৈও অধিক দেশে এইবাৰ সাধাৰণ নিৰ্বাচনৰ বাবে আগ্ৰহেৰে বাট চাই আছে । বছৰটোৰ গুৰুত্বতালৈ চায় ইয়াক বিশ্ব নিৰ্বাচনৰ বছৰ বুলি কোৱা হয় । এই প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি হোৱা ভুৱা বাতৰি আৰু ডিপ ফেক কিছুমান বৃহৎ বিপদজনক কাৰকৰ ভিতৰত অন্যতম । অধিকাংশ দুৰ্বল দেশৰ তালিকাৰ শীৰ্ষ স্থানত আছে ভাৰত ।

WEF ৰ প্ৰতিবেদন বিবেচনা কৰি পুনম পাণ্ডেৰ ঘটনাক উদাহৰণ হিচাপে লৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনত মানুহক দোলা দিবলৈ পৰিকল্পিত ভুল তথ্য প্ৰচাৰত লিপ্ত হ’ব পাৰে । সেয়েহে পুনম পাণ্ডেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বিবেচনাপূৰ্ণ হ’ব । নহ’লে গণতান্ত্ৰিক দৰ্শন বিৰোধী হ’ব ৷

ইটিভি : নিৰ্বাচন আহিল । বাতৰি সংস্থা আৰু গ্ৰাহকে এনে ভুৱা বাতৰি কেনেকৈ ধৰা পেলাব পাৰে?

চিন্নাদুৰাই : মিডিয়া হাউছে লাভ কৰা বাতৰিসমূহ বিভিন্ন পৰ্যায়ত পৰীক্ষা কৰি নিশ্চিত কৰিব লাগিব । বাতৰি প্ৰকাশ পোৱাৰ আগতে সূত্ৰ হাতত থকা উচিত । ইণ্টাৰনেটত পোৱা সকলো তথ্য নেটিজেনে বিশ্বাস কৰা উচিত নহয় । কোনো তথ্য প্ৰকাশ কৰাৰ আগতে তেওঁলোকে উৎসৰ বিষয়ে পৰীক্ষা কৰিব লাগে । চৰম আৱেগিক অস্থিৰতা সৃষ্টি কৰা যিকোনো বস্তু তৎক্ষণাত প্ৰকাস বা বিশ্বাস নকৰিব । সকলোৱে এনেদৰে কাম কৰিলে আমি নিজকে আৰু আমাৰ সমাজখনক ভুল তথ্য আৰু ভুল তথ্য অভিযানৰ পৰা ৰক্ষা কৰিব পাৰিম ।

লগতে পঢ়ক : পুনম পাণ্ডেৰ বিৰুদ্ধে ক্ষোভ চেলিব্ৰিটিৰ, ক’লে- সস্তীয়াৰ প্ৰচাৰৰো সীমা থাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.