ETV Bharat / bharat

ভাঙৰ নিচাত 2500 ফুট উচ্চতাত বিমানৰ দৰ্জা খোলাৰ চেষ্টা যাত্ৰীৰ - INDIGO FLIGHT BHANG MAN OPEN DOOR

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 7:34 PM IST

MAN OPEN INDIGO DOOR IN MID AIR: ইন্দোৰৰ পৰা হায়দৰাবাদলৈ যোৱা এখন ইণ্ডিগো বিমানত এজন যাত্ৰীয়ে মাজ আকাশত বিমানৰ দৰ্জা খুলিবলৈ চেষ্টা কৰে । আন যাত্ৰীসকল ব্যক্তিজনৰ এই কাৰ্যত আতংকিত হৈ পৰে । ব্যক্তিজনক চম্ভালিবলৈ ক্ৰু মেম্বাৰে বহু কষ্ট কৰিবলগীয়া হয় । ভাং সেৱন কৰি বিমান যাত্ৰা কৰিছিল যাত্ৰীজনে ৷

MAN OPEN INDIGO DOOR IN MID AIR
INDIGO FLIGHT BHANG MAN OPEN DOOR (ETV Bharat)

নিউজ ডেস্ক, ২৬ মে’: বিমান যাত্ৰাৰ সময়ত কিছুমান যাত্ৰীয়ে কৰা কেতবোৰ কাণ্ডই বিমান তথা যাত্ৰীসকলৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে ৷ ভিন্ন সময়ত এনে ঘটনাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে ৷ এইবাৰ পুনৰ তেনে এক ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ মাজ আকাশত উৰন্ত বিমানৰ দৰ্জা খোলাৰ চেষ্টা চলালে এজন যাত্ৰীয়ে ৷ লগে লগে বিমান কৰ্মচাৰী আৰু যাত্ৰীৰ মাজত লাগে হাহাকাৰ ৷ নিৰ্দিষ্ট বন্দৰত বিমান অৱতৰণৰ পিচতেই যাত্ৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

ইন্দোৰ বিমানবন্দৰৰ পৰা হায়দৰাবাদলৈ যোৱা এখন বিমানত এগৰাকী যাত্ৰীয়ে সৃষ্টি কৰিলে হাহাকাৰ পৰিস্থিতিৰ ৷ বিমানত বহি থকা এইজন যাত্ৰীজনে হঠাতে বিমানখনৰ দৰ্জা খুলিবলৈ চেষ্টা কৰে ।

এই ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখন প্ৰায় ২৫ হাজাৰ ফুট উচ্চতাত আছিল আৰু বিমানখনত ২০০ৰো অধিক যাত্ৰী আছিল । এই গোচৰত বিমান পৰিচাৰকসকলে যাত্ৰীজনক কোনোমতে নিয়ন্ত্ৰণ কৰে আৰু বিমানখন হায়দৰাবাদত অৱতৰণ কৰাৰ লগে লগে হায়দৰাবাদ আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।

ভাং সেৱন কৰি বিমান যাত্ৰা

ইণ্ডোৰৰ পৰা হায়দৰাবাদলৈ যাত্ৰা কৰা এখন বিমানত যোৱা ২১ মে’ত সংঘটিত হৈছিল এই ঘটনা ৷ বিমানখন আছিল ইণ্ডিগোৰ এখন বিমান । এই বিমানখনেৰে যাত্ৰা কৰিছিল হায়দৰাবাদৰ গাজুলাৰামৰমৰ চন্দ্ৰগিৰি নগৰৰ এজন ২৯ বছৰীয়া যুৱক । জানিব পৰা গৈছে যে তেওঁ ইন্দোৰ বিমানবন্দৰত প্ৰৱেশৰ পূৰ্বে ভাং সেৱন কৰিছিল আৰু তাৰ পিছত বিমানত উঠিছিল । বিমানখন ইন্দোৰ এৰি যোৱাৰ লগে লগে তেওঁৰ আচৰণ অস্বাভাৱিক হ’বলৈ ধৰে । ইয়াৰ পিছত ক্ৰু মেম্বাৰে তেওঁক আন এখন আসনত বহিবলৈ দিয়ে যদিও কিছু সময়ৰ পাছত তেওঁ বন্ধু-বান্ধৱীৰ সৈতে বহিবলৈ জোৰ দিবলৈ ধৰিলে । তেওঁৰ আচৰণ কিছু স্বাভাৱিক হোৱাৰ পিচত যেতিয়া ক্ৰু মেম্বাৰসকলে আঁতৰি আহে, তেতিয়া তেওঁ এজন যাত্ৰীকো দুৰ্ব্যৱহাৰ কৰে ।

লগতে পঢ়ক: দিল্লীৰ পৰা বেংগালুৰু অভিমুখী বিমানত অগ্নিকাণ্ড; জৰুৰী অৱতৰণ - Fire in Air India Flight

লগতে পঢ়ক: ছিংগাপুৰ এয়াৰলাইনৰ ঘটনা : ভাৰতত হ’লে কেনেকৈ পাব সুৰক্ষা ? - Singapore Airline Incident

উৰন্ত বিমানৰ দৰ্জা খোলাৰ চেষ্টা

কোৱা হৈছে যে যেতিয়া বিমানখন উৰি আছিল, সেই সময়তে কোনো কাৰণ নোহোৱাকৈয়ে তেওঁ বিমানখনত চলা-ফুৰা কৰিবলৈ ধৰিলে । বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পিছতো তেওঁ বিমান কৰ্মীৰ আহ্বানত সন্মতি প্ৰকাশ কৰা নাছিল । তাৰ পিছত ২৫ হাজাৰ ফুট উচ্চতাত বিমানৰ দৰ্জা খুলিবলৈ চেষ্টা কৰে । ইয়াৰ পিছত বিমান সংস্থাৰ কৰ্মচাৰী আৰু যাত্ৰীৰ সহায়ত তেওঁক হাত ভৰি বান্ধি এখন আসনত বহুৱাই থোৱা হয় ৷ হায়দৰাবাদত বিমান অৱতৰণৰ পিচত গোচৰৰ ভিত্তিত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

জামিন লাভ

অভিযুক্ত অনিল পাটিল বন্ধুৰ সৈতে উজ্জয়নীলৈ গৈছিল । ইয়াৰ পিছত তেওঁ ইণ্ডোৰৰ পৰা ইণ্ডিগো বিমানেৰে হায়দৰাবাদলৈ উভতি আহিছিল । এই ঘটনাৰ পিছত তেওঁক হায়দৰাবাদৰ আৰক্ষীৰ হাতত গতাই দিয়া হয় । আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে যদিও তেওঁ সোনকালে জামিন লাভ কৰিলে । জানিব পৰা মতে অভিযুক্তৰ স্বাস্থ্যজনিত সমস্যা আছে । যাৰ নথি-পত্ৰও আৰক্ষীৰ সন্মুখত দাখিল কৰিছিল তেওঁৰ পৰিয়ালে । ইয়াৰ পিছতে অভিযুক্তক জামিন দিয়া হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.