ETV Bharat / bharat

কেপিএছচি পৰীক্ষাৰ ফলাফলত বিলম্ব, বেংগালুৰুৰ পেৰেড গ্ৰাউণ্ডত মুখ্য়মন্ত্ৰীৰ সন্মুখতেই উজাৰিলে ক্ষোভ

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 8:12 PM IST

Manekshaw Parade Ground :জোঁৱাইৰ কেপিএছচি পৰীক্ষাৰ ফলাফল পলম হোৱাত শহুৰে প্ৰকাশ কৰিলে ক্ষোভ । মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ ওচৰলৈ আৰক্ষীয়ে যাবলৈ নিদিয়াত নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি পেৰেড গ্ৰাউণ্ডত প্ৰৱেশ ।

security lapse in Manekshaw Parade Ground
মানেকশ্ব পেৰেড গ্ৰাউণ্ডত নিৰাপত্তা বেষ্টনী

নিউজ ডেস্ক, ২৬ জানুৱাৰী :বেংগালুৰু চহৰৰ মানেকশ্ব পেৰেড গ্ৰাউণ্ডত আজি গণৰাজ্য় দিৱসৰ পৰিপ্ৰেক্ষিতত আয়োজিত কাৰ্যসূচীত নিৰাপত্তাৰক্ষীৰ বেহু ভেদ কৰি পেৰেড গ্ৰাউণ্ডত প্ৰৱেশ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানটোত এজন লোকে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেদি পেৰেড গ্ৰাউণ্ডত প্ৰৱেশ কৰে ।

এই লোকজনে পেৰেড গ্ৰাউণ্ডত প্ৰৱেশ কৰিয়েই লংপেন্টৰ পকেটৰ পৰা এখন গোহাৰি পত্ৰ উলিয়াই মুখ্যমন্ত্ৰীৰ গেলেৰীলৈ দলিয়াই দিলে । খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত আৰক্ষী কৰ্মীয়ে চিএম গেলেৰীৰ ফালে দৌৰি অহা লোকজনক গ্ৰেপ্তাৰ কৰে । ইতিমধ্য়ে এই অভিযুক্তজনক মহীশূৰৰ বাসিন্দা পৰাচুৰাম বুলি চিনাক্ত কৰা হৈছে ।

গোহাৰি পত্ৰ এখন লৈ মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা পৰাচুৰামক আৰক্ষীয়ে লগে লগে জিম্মাত লয় । উল্লেখ্য় যে অভিযুক্ত পৰশুৰাম দৰ্শক গেলেৰীত বহি আছিল আৰু কাৰ্যসূচীৰ মাজতে পেৰেড গ্ৰাউণ্ডত জঁপিয়াই পৰে । আৰক্ষীয়ে প্ৰাথনিক তদন্তৰ পিচতে কয় যে অভিযুক্তজনৰ জোঁৱায়ে কেপিএছচি পৰীক্ষা অৱতীৰ্ণ হৈছে আৰু ফলাফল এতিয়াও প্ৰকাশ নকৰাত হতাশাৰ বাবে এনে কৰিছে ।

কেপিএছচিৰ ফলাফল পলম হোৱাৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন কৰিবলৈ অহা পৰশুৰামে হঠাতে এনেদৰে প্ৰৱেশ কৰিবলৈ চেষ্টা চলায় । তেওঁ পেৰেডৰ মাজত এখন গোহাৰি পত্ৰ প্ৰদৰ্শন কৰে । ইয়াৰ পিচতেই আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা কৰি আছে । তেওঁ গোহাৰি পত্ৰখন দেখুৱাই ক্ষোভেৰে কয় "কেপিএছচি নিযুক্তিত বিলম্বিত হৈছে । এই বিষয়ে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মোক অনুমতি দিয়া হোৱা নাই ।" আৰক্ষীয়ে তেওঁক মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাবলৈ নিদিয়া বাবে এই কাৰ্য সংঘটিত কৰা বুলি তেওঁ কয় ।

ইপিনে, আৰক্ষীয়ে আনকি পুৰস্কাৰ বিজয়ীসকলক প্ৰৱেশৰ অনুমতি দিয়া নাছিল । গণৰাজ্য় দিৱসৰ অনুষ্ঠানত আৰক্ষীয়ে পিল্লানা গাৰ্ডেন বিবিএমপি জুনিয়ৰ কলেজৰ অধ্যক্ষ আৰু সাবিত্ৰীবা পুলে ডান্স কোৰিঅ'গ্ৰাফাৰক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাছিল । অধ্যক্ষ আৰু কোৰিঅ'গ্ৰাফাৰে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁলোকে প্ৰথম পুৰস্কাৰ পোৱা স্বত্বেও সেয়া গ্ৰহণ কৰিবলৈও অনুমতি দিয়া নাই ।

লগতে পঢ়ক:১২৩ গৰাকী অনাথ শিশুৰ অভিভাৱক শংকৰ বাবা পাপলকাৰক পদ্মশ্ৰী সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.