ETV Bharat / bharat

১২৩ গৰাকী অনাথ শিশুৰ অভিভাৱক শংকৰ বাবা পাপলকাৰক পদ্মশ্ৰী সন্মান

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 4:27 PM IST

Padma award to Shankar Baba Papalkar: মহাৰাষ্ট্ৰত অনাথ শিশুসকলৰ বাবে বিগত প্ৰায় ২৫ বছৰ ধৰি এখন আশ্ৰম চলাই আছে শংকৰ বাবা পাপলকাৰে । এতিয়ালৈ ৩০ গৰাকী শিশুক ডাঙৰ দীঘল কৰি বিয়াও পাতি দিছে পাপলকাৰে । মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু অন্ধ অনাথ শিশুৰ পুনৰ্সংস্থাপনৰ বাবে চৰকাৰক আইন প্ৰস্তুত কৰিবলৈ নিৰন্তৰ দাবী জনাই আহিছে পাপলকাৰে ।

Padma Award 2024
১২৩ গৰাকী অনাথ শিশুৰ অভিভাৱক শংকৰ বাবা পাপলকাৰক পদ্মশ্ৰী সন্মান

নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী : মহাৰাষ্ট্ৰৰ সমাজসেৱক শংকৰ বাবা পাপলকাৰক পদ্মশ্ৰী বঁটা প্ৰদানৰ ঘোষণা চৰকাৰৰ । অমৰাৱতীৰ ভাজাৰত থকা এখন আশ্ৰমৰ গৰাকী শংকৰ বাবা পাপলকাৰ । শংকৰ বাবা পাপলকাৰৰ আশ্ৰমত ১২৩ টা শিশু আছে । শংকৰ বাবা পাপলকাৰৰ এই আশ্ৰমত থকা শিশুসকল বিশেষভাৱে সক্ষম । কোনোৱাজন যদি অন্ধ, কোনোৱাজন আকৌ বিকলাঙ্গ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত । তেওঁৰ কৰ্মক সন্মানিক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদানৰ ঘোষণা কৰে ।

স্বৰ্গীয় অম্বাদাস পন্ত বৈদ্য মাটিমাণ্ড হৈছে সাতপুৰা পৰ্বতমালাৰ পাদদেশত অৱস্থিত ভাজাৰৰ সমীপৰ এখন সৰু গাঁৱত থকা আশ্ৰম । শংকৰ বাবা পাপলকাৰে বৃদ্ধ বয়সতো অনাথ আৰু বিশেষভাৱে সক্ষম শিশুসকলৰ যত্ন লোৱাত ব্যস্ত হৈ আছে ।

ভাজাৰৰ আশ্ৰমত থকা অনাথ শিশুসকলৰ যত্ন লোৱাৰ লগতে তেওঁলোকক নিজৰ ভৰিত থিয় দিয়াৰ বাবে সমৰ্থন দিয়াত ব্যস্ত হৈ আছে শংকৰ বাবা পাপলকাৰে । আনকি এতিয়ালৈকে আশ্ৰমৰ ৩০ গৰাকী শিশুক ডাঙৰ দীঘল কৰি বিয়া পাতি দিছে আৰু সমাজত পুনৰ্বাসিত কৰিছে । শংকৰ বাবা পাপলকাৰে নিজেই এই শিশুসকলৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লয়, দাঁত ব্ৰাছ কৰাৰ পৰা তেওঁলোকক গা ধোৱালৈকে, তেওঁলোকক শৌচাগাৰলৈ লৈ যোৱা ইত্যাদি সকলো কামতে তেওঁ সহায় কৰে । মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলৰ বাবে শংকৰ বাবা পাপলকাৰে যি কাম কৰে কোনো সাধাৰণ ব্যক্তিয়ে সেই কাম কৰিবলৈ সাহস নকৰে । যিসকলে তেওঁৰ সেৱা দেখিছে তেওঁলোকে পাপলকাৰক প্ৰশংসা কৰিছে ।

যোৱা ২৫ বছৰ ধৰি তেওঁ অনাথ, বিকলাঙ্গ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলৰ যত্ন লৈ আহিছে । এই শিশুসকলৰ জৰিয়তে তেওঁ আশ্ৰমখনত সেউজীয়া অৰণ্যৰো সৃষ্টি কৰিছে । ভাজাৰৰ এই অৰণ্যত চেগুন, আমলখি, ৰক্তচন্দন,সীতাফলকে ধৰি বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছ আছে । শংকৰ বাবাই ভেষজ ফুল আৰু ফল বিক্ৰী কৰি এই আশ্ৰমৰ সন্তানৰ বাবে জীৱিকা অৰ্জন কৰিবলৈ চেষ্টা কৰি আছে ।

শংকৰ বাবা এই আশ্ৰমৰ এটা সাধাৰণ জুপুৰিত বাস কৰে । আমোদজনকভাৱে তেওঁ আনকি জীৱিতকালতে তেওঁৰ মৃত্যুৰ পিছত সমাধিস্থ কৰিবলৈ এটা কবৰ খান্দি থৈছে । এই কবৰৰ স্থানত এখন ফলকো লগোৱা আছে য'ত লিখা আছে 'মোৰ মৃত্যুৰ পিচত মোৰ শৰীৰটো মোৰ মানসিকভাৱে বিকাৰগ্ৰস্ত অনাথসকলে এই কবৰত সমাধিস্থ কৰিব লাগে' ।

নিয়ম অনুসৰি ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ পিচত, মানসিকভাৱে বিকাৰগ্ৰস্ত অন্ধ শিশুসকলক শিশুগৃহত ৰাখিব নোৱাৰে । শংকৰ বাবা পাপলকাৰে চৰকাৰক নিৰন্তৰ প্ৰশ্ন কৰি আহিছে যে ১৮ বছৰৰ পিচত অনাথ মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু অন্ধ শিশুসকলৰ ভৱিষ্যত কি হ'ব ? চৰকাৰে এই শিশুসকলৰ পুনৰ্সংস্থাপনৰ বাবে এক বিশেষ আইন প্ৰস্তুত কৰাৰ দাবীৰে শংকৰ বাবা পাপলকাৰে নিৰন্তৰ যুঁজ দি আহিছে ।

ইটিভি ভাৰতৰ সন্মুখত পাপলকাৰে কয়, "প্ৰকৃততে, মই এতিয়ালৈকে এক নিস্বাৰ্থ মনোভাৱেৰে কৰা সকলো কামৰ উদ্দেশ্য হৈছে অনাথ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলক ন্যায় প্ৰদান কৰা । এতিয়াও মোৰ দাবী হৈছে যে চৰকাৰে এখন আইন প্ৰস্তুত কৰিব লাগে যাতে অনাথ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলে সঠিকভাৱে জীয়াই থকাৰ অধিকাৰ লাভ কৰে । এইটো মোৰ দাবী । বঁটাটোৰ জৰিয়তে মোৰ যুঁজ শক্তিশালী হ'ব । মই বিশ্বাস কৰো যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাথ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত শিশুসকলৰ পুনৰ্সংস্থাপনৰ বাবে এই আইন কাৰ্যকৰী কৰিব ।"

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে টাইৱানৰ ব্যক্তিক পদ্মভূষণ সন্মান প্ৰদান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.