ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে টাইৱানৰ ব্যক্তিক পদ্মভূষণ সন্মান প্ৰদান ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:58 AM IST

Padma Bhushan to Young Liu : বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান ফক্সকনৰ মুখ্য কাৰ্যবাহী বিষয়া ইয়ং লিউক ভাৰতে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে । চীন আৰু টাইৱানৰ সংঘৰ্ষৰ মাজতে ভাৰতৰ এই পদক্ষেপে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শেহতীয়াকৈ টাইৱানৰ প্ৰতিষ্ঠানটোৱে বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে ।

Padma Bhushan to Young Liu
প্ৰথমবাৰৰ বাবে টাইৱানৰ ব্যক্তিক পদ্মভূষণ সন্মান প্ৰদান ভাৰতৰ

নেশ্যনেল ডেস্ক, ২৬ জানুৱাৰী : আজি গণৰাজ্য দিৱস । দেশজুৰি এই বিশেষ দিনটো উদযাপন কৰা দেখা গৈছে । এই বিশেষ দিনটোতে কেন্দ্ৰীয় চৰকাৰে টাইৱানৰ শীৰ্ষ প্ৰযুক্তি প্ৰতিষ্ঠান ফক্সকনৰ মুখ্য কাৰ্যবাহী বিষয়া ইয়ং লিউক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে । চীনলৈ এক বাৰ্তা প্ৰেৰণ কৰি ভাৰতে প্ৰথমবাৰৰ বাবে টাইৱানৰ এগৰাকী ব্যক্তিক সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে । ফক্সকন হৈছে বিশ্বৰ সৰ্ববৃহৎ ইলেক্ট্ৰনিক্স নিৰ্মাতা আৰু টাইৱানৰ বাহিৰত অৱস্থিত এক আগশাৰীৰ গোলকীয় বিজ্ঞান আৰু প্ৰযুক্তি সমাধান প্ৰদানকাৰী । চীন আৰু টাইবানৰ মাজত বিবাদ চলি থকাৰ মাজতে ভাৰতৰ এই পদক্ষেপে বিশ্বজুৰি চৰ্চাৰ সৃষ্টি কৰিছে ।

ফক্সকনৰ অফিচিয়েল ৱেবছাইট অনুসৰি, লিউ হৈছে ৪ দশকতকৈও অধিক উদ্যোগৰ অভিজ্ঞতা থকা এগৰাকী স্বীকৃত উদ্যোগী আৰু উদ্ভাৱক । এক্সৰ এটা পোষ্টত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বঁটা বিজয়ীসকলক অভিনন্দন জনাই কয় যে ভাৰতে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অৱদান স্বীকাৰ কৰিছে ।

শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰি আহিছে আৰু চীনৰ পৰা যোগান শৃংখলা বন্ধ কৰাৰ বাবে আমেৰিকা আৰু ইয়াৰ মিত্ৰশক্তিৰ আকুল প্ৰচেষ্টাৰ মাজত ভাৰতক এছিয়াৰ পৰৱৰ্তী উৎপাদন কেন্দ্ৰ হিচাপে চিত্ৰিত কৰাৰ প্ৰয়াস কৰিছে । তেনে এক সময়তে ভাৰতে টাইৱানৰ এগৰাকী ব্যক্তি এই সন্মান প্ৰদান কৰা দেখা গৈছে ।

  • Had a good meeting with Mr. Young Liu. Our discussions covered various topics aimed at enhancing India’s tech and innovation eco-system. https://t.co/a2hgQtKvjG

    — Narendra Modi (@narendramodi) March 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা বছৰ মাৰ্চত ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰা লিউৱে কয় যে কোম্পানীটোৱে ভাৰতত এক পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা অব্যাহত ৰাখিব যিয়ে আমাৰ সকলো অংশীদাৰক সহযোগিতা আৰু বিকাশৰ অনুমতি দিব । কোম্পানীটোৱে শেহতীয়াকৈ কৈছিল যে ই এইচচিএল গ্ৰুপৰ সৈতে ভাৰতত এটা চিপ পেকেজিং আৰু পৰীক্ষা কাৰখানা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে ।

যোৱা বছৰ, আমেৰিকান এপলৰ এক আগশাৰীৰ যোগানকৰ্তা ফক্সকনে চীনৰ পৰা আঁতৰি বৈচিত্ৰতা আনিবলৈ ভাৰতত ১.৬ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ বিনিয়োগৰ কথা ঘোষণা কৰিছিল ।

লিউৱে তিনিটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল - ১৯৮৮ চনত এটা মাডাৰবোৰ্ড কোম্পানী যাক ইয়ং মাইক্ৰ' চিষ্টেম বুলি জনা যায়; ১৯৯৫ চনত এটা নৰ্থব্ৰিজ আৰু চাউথব্ৰিজ আইচি ডিজাইন কোম্পানী, ১৯৯৭ চনত পিচি চিপছেট আৰু এটা আইটিই টেক আৰু এডিএছএল আইচি ডিজাইন কোম্পানী । ফক্সকন ৱেবছাইট অনুসৰি লিউৱে ১৯৮৬ চনত চাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত এমএছ ডিগ্ৰী আৰু ১৯৭৮ চনত টাইৱানৰ নেচনেল চিয়াও টুং বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰফিজিক্সত বিএছ ডিগ্ৰী লাভ কৰিছিল ।

লগতে পঢ়ক : ৭৫ সংখ্যক গণৰাজ্য দিৱসত বীৰত্ব বঁটা আৰু সেৱা পদকেৰে সন্মানিত হ’ব ১১৩২ জন কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.