ETV Bharat / bharat

দেশৰ কেইবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰৱাহৰ সতৰ্কবাণী - IMD Heatwave alert

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 1:14 PM IST

IMD Heatwave alert : গ্ৰীষ্মপ্ৰৱাহৰ কৱলত পৰিব মহাৰাষ্ট্ৰ, উত্তৰ গোৱা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু পশ্চিমবংগ । দিল্লী, পাঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানত বজ্ৰপাত আৰু বৰষুণৰ সম্ভাৱনা । অসমকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত পাতলৰ পৰা ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ।

IMD Heatwave alert
দেশৰ কেইবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰৱাহৰ সতৰ্কবাণী

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে মহাৰাষ্ট্ৰ, উত্তৰ গোৱা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু পশ্চিমবংগকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে । আইএমডিৰ মতে মহাৰাষ্ট্ৰৰ থানে, মুম্বাই আৰু ৰায়গড়ৰ দৰে চহৰসমূহৰ বাবে এক পৃথক গ্ৰীষ্মপ্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে ।

ৰাষ্ট্ৰীয় ৰাজধানী আৰু অন্যান্য এনচিআৰ চহৰসমূহত এই সপ্তাহত পশ্চিমীয়া বতাহৰ বাবে প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে । ১৬ এপ্ৰিলত বতৰ বিজ্ঞান বিভাগে ৰাষ্ট্ৰীয় ৰাজধানীত ২০ ৰ পৰা ২৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত তীব্ৰ বতাহৰ সৈতে ডাৱৰীয়া আকাশৰ আগজাননী দিছে । এনে সময়ত দিল্লীত সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ৩৫ আৰু ২২ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে ।

যিহেতু যোৱা সপ্তাহৰ শেষৰফালে দিল্লীত শীতল বতাহ আৰু বৰষুণ হৈছিল । পৰৱৰ্তী দুদিনো একেধৰণৰ বতৰৰ সম্ভাৱনা আছে । ইয়াৰ লগতে দিল্লীকে ধৰি এনচিআৰ অঞ্চল যেনে নয়ডা, গুৰুগ্ৰাম, ফৰিদাবাদ আৰু গাজিয়াবাদত পাতলীয়া বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ১৮-২১ এপ্ৰিলত পাঞ্জাব, হাৰিয়ানা-চণ্ডিগড়-দিল্লী, পশ্চিম উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা আছে ।

১৮ এপ্ৰিলত জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফ্ফৰাবাদ আৰু হিমাচল প্ৰদেশ আৰু ১৮-১৯ এপ্ৰিলত উত্তৰাখণ্ডত শিলাবৃষ্টিৰ সম্ভাৱনা আছে । একেদৰে আইএমডিয়ে অহা সপ্তাহত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ আগজাননী দিছে ।

আইএমডিৰ মতে ১৬-২২ এপ্ৰিলৰ ভিতৰত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ত বজ্ৰপাত আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । কিছু অঞ্চলত তুষাৰপাতৰো সম্ভাৱনা আছে । ইয়াৰ উপৰিও উত্তৰ পূবৰ এই ৰাজ্য কেইখনত ১৬, ১৭, ১৯ আৰু ২০ এপ্ৰিলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

আইএমডিৰ মতে পৰৱৰ্তী সপ্তাহৰ বাবে গোৱা, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত গ্ৰীষ্মপ্ৰৱাহৰ আগজাননী দিছে । বিভাগৰ মতে ১৬-২০ এপ্ৰিলত ওড়িশাৰ কিছু অঞ্চল, ১৭-২০ এপ্ৰিলত পশ্চিমবংগ, ১৬ এপ্ৰিলত উত্তৰ কোঙ্কন, ১৬-১৮ এপ্ৰিলত উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু য়ানাম আৰু ১৭-১৮ এপ্ৰিলত তেলেংগানাত গ্ৰীষ্মপ্ৰৱাহৰ সম্ভাৱনা আছে ।

১৬-১৮ এপ্ৰিললৈ তামিলনাডু, পুডুচেৰী আৰু কৰাইকাল, কেৰালা আৰু মাহে, ৰয়ালসীমাত গৰম আৰু আৰ্দ্ৰতা অব্যাহত থাকিব । একেদৰে পশ্চিমবংগ, ওড়িশা, কোংকন আৰু গোৱা, গুজৰাটৰ উপকূলীয় অঞ্চল আৰু উপকূলীয় কৰ্ণাটকত ১৬ এপ্ৰিলক একেধৰণৰ বতৰ দেখা যাব বুলি বতৰ বিজ্ঞান বিভাগে জনাইছে ।

লগতে পঢ়ক :শ্ৰীনগৰত ভয়ংকৰ নাও দুৰ্ঘটনা, বহু লোকৰ মৃত্যুৰ আশংকা - Srinagar Boat Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.