ETV Bharat / bharat

শ্ৰীনগৰত ভয়ংকৰ নাও দুৰ্ঘটনা, বহু লোকৰ মৃত্যুৰ আশংকা - Srinagar boat accident

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 11:32 AM IST

Srinagar boat accident
শ্ৰীনগৰত ভয়ংকৰ নাও দুৰ্ঘটনা

Srinagar boat accident: গুণ্ডবল বাটৱাৰা অঞ্চলৰ ঝিলাম নদীত যাত্ৰীবাহী নাও দুৰ্ঘটনাত পতিত । নাওখনত কিমান যাত্ৰী আছিল, সেয়া জানিব পৰা হোৱা নাই । বহু লোক হতাহত হোৱাৰ আশংকা ।

শ্ৰীনগৰত ভয়ংকৰ নাও দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত পুৱাই সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা । শ্ৰীনগৰৰ গুণ্ডবল বাটৱাৰা অঞ্চলৰ ঝিলাম নদীত যাত্ৰীবাহী এখন নাও দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাটোত বহু যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে । স্থানীয় লোকসকলৰ মতে, এই দুৰ্ঘটনাত ৩ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে ।

এছডিআৰএফ আৰু আৰক্ষী বিষয়াসকল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । এই দুৰ্ঘটনাটোক লৈ অঞ্চলটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে । স্থানীয় লোকসকলৰ মতে গুণ্ডবলক শ্ৰীনগৰৰ সৈতে সংযোগ কৰিবলৈ এখন দলং যোৱা এক দশক ধৰি নিৰ্মাণাধীন হৈ আছে । যাৰ বাবে স্থানীয় লোকসকলে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে । ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰে এই দলংখন সঠিক সময়ত নিৰ্মাণ কৰা হ'লে আজি এনে দুৰ্ঘটনা নহ'লহেঁতেন ।

লক্ষণীয়ভাৱে দুৰ্ঘটনাত পতিত নাওখনত কিমান যাত্ৰী আছিল, সেই তথ্য এতিয়াও জানিব পৰা হোৱা নাই । ঘটনাটোৰ ঠিক পিচতে এছডিআৰএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । কাশ্মীৰ উপত্যকাত যোৱা কিছু দিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আছে । যাৰ ফলত ঝিলাম নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি হৈছে । যাৰ বাবে উদ্ধাৰ অভিযানত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই নাও দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে । এক্সৰ এটা পোষ্টত তেওঁ কৈছে যে শ্ৰীনগৰৰ সমীপৰ লাচজানত ঝিলাম নদীত নাও দুৰ্ঘটনাৰ খবৰে উদ্বিগ্ন কৰি তুলিছে । যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :উৰণ সেতুৰ পৰা তলত পৰিল যাত্ৰীবাহী বাছ, ৫ জন নিহত - Odisha Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.