ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বস্তাৰত আই ই ডি উদ্ধাৰ - PM Bastar visit

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 3:22 PM IST

PM Bastar visit
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বস্তাৰত আইইডি উদ্ধাৰ

PM Bastar visit: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্তাৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । তাৰ পূৰ্বে উত্তৰ বস্তাৰত মাওবাদীয়ে স্থাপন কৰা আই ই ডি উদ্ধাৰ । নিৰাপত্তা বাহিনীয়ে আই ই ডিটো নিস্ক্ৰিয় কৰে ।

নেশ্যনেল ডেস্ক,৮ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ কেইবাটাও স্থানত মাওবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । তাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰৰ বাবে ছত্তীশগড়ত উপস্থিত হয় । বস্তাৰত তেওঁ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যখনত মাওবাদীয়ে কেইবাটাও ঘটনা সংঘটিত কৰিছে ।

উত্তৰ বস্তাৰৰ কাঙ্কেৰ জিলাৰ কোয়লিবেদা অঞ্চলৰ গাট্টাকালৰ অৰণ্যত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি মাওবাদীয়ে আই ই ডি স্থাপন কৰিছিল । অৱশ্যে নিৰাপত্তা বাহিনীয়ে সেই আই ই ডিটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় ।

নিৰাপত্তা বাহিনীয়ে কোয়লিবেদাৰ গাট্টাকাল গাঁৱৰ সমীপত মাওবাদীয়ে আই ই ডি স্থাপন কৰাৰ এক গোপন তথ্য লাভ কৰে । তাৰ পিচতে বি এছ এফ আৰু বি ডি এছ বাহিনীয়ে অঞ্চলটোত অভিযান আৰম্ভ কৰে । অভিযানৰ সময়ত দলটোৱে ঘটনাস্থলীত আই ই ডিটো উদ্ধাৰ কৰে । তাৰ পিচত আই ই ডিটো নিষ্ক্ৰিয় কৰা হয় ।

উত্তৰ বস্তাৰৰ কাঙ্কেৰ জিলাত প্ৰায়ে মাওবাদীয়ে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে । আৰক্ষীৰ সূত্ৰ মতে ৩ বছৰত আই ই ডি বিস্ফোৰণৰ ফলত ১২ জনতকৈও অধিক সেনা আহত হৈছে । ইয়াৰ লগতে এগৰাকী সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে । কোয়লিবেদা আৰু অন্তগড় খণ্ডৰ বনাঞ্চল আৰু পথৰ সমীপৰ পৰা সৰ্বাধিক সংখ্যক আই ই ডি উদ্ধাৰ কৰা হৈছে । তাৰ ভিতৰত টিফিন বোমা আৰু পাইপ বোমা উদ্ধাৰ কৰা হৈছে । প্ৰাপ্ত খবৰ অনুসৰি ২০২০ চনত সৰ্বাধিক ৮৮ টা আই ই ডি উদ্ধাৰ কৰা হৈছিল । ২০২১ চনত এই সংখ্যা ৩০ লৈ হ্ৰাস পাইছিল । ২০২২ চনত মাত্ৰ ৯ টা আই ই ডি উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়ক :বিশেষ সুৰক্ষা গোটৰ প্ৰতিষ্ঠা দিৱস - SPG Rising Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.