ETV Bharat / bharat

আজি উচ্চতম ন্যায়ালয়ত হেমন্ত ছোৰেনৰ অগ্নি পৰীক্ষা

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 9:57 AM IST

Updated : Feb 2, 2024, 10:11 AM IST

ED arrests Hemant Soren : ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । আজি আদালতে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব । শুনানিৰ বাবে তিনিজনীয়া বিচাৰপীঠ গঠন কৰা হৈছে ।

ED arrests Hemant Soren
আজি উচ্চতম ন্যায়ালয়ত হেমন্ত ছোৰেনৰ অগ্নি পৰীক্ষা

নেশ্যনেল ডেস্ক, ২ ফেব্ৰুৱাৰী : ইডিৰ অভিযানে ঝাৰখণ্ডৰ ৰাজনীতি ওলট-পালট কৰি দিছে । মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে হেমন্ত ছোৰেনে । কেৱল এয়াই নহয় বিভিন্ন গোচৰত ইডিয়ে ছোৰেনক গ্ৰেপ্তাৰো কৰিছে । আজি উচ্চতম ন্যায়ালয়ত তেওঁ গ্ৰেপ্তাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰা হ'ব ।

ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই ছোৰেনৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত বিষয়টো বিবেচনাৰ বাবে আবেদন জনাইছিল । উচ্চতম ন্যায়ালয়ে আবেদন গ্ৰহণ কৰি আজি শুনানি গ্ৰহণৰ বাবে সন্মত হৈছে । উচ্চতম ন্যায়ালয়ে হেমন্ত ছোৰেনৰ আবেদনৰ শুনানিৰ বাবে তিনিজনীয়া বিশেষ বিচাৰপীঠ গঠন কৰিছে ।

মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে বিশেষ বিচাৰপীঠখন গঠন কৰিছে । বিচাৰপীঠখনত ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদী আছে । আবেদনখনৰ শুনানি পুৱা ১০.৩০ বজাত অনুষ্ঠিত হ'ব । বুধবাৰে ভূমি কেলেংকাৰীৰ গোচৰত সোধা-পোছাৰ পিচত হেমন্ত ছোৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ।

তেওঁ বৰ্তমান ন্যায়িক জিম্মাত ৰাঁচীৰ কাৰাগাৰত আছে । এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে হেমন্ত ছোৰেনৰ হৈ এখন আবেদন দাখিল কৰা হৈছিল । প্ৰথম আবেদনখন ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল ।

হেমন্ত ছোৰেণৰ অধিবক্তা কপিল চিব্বালে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ আদালতত বিষয়টো উত্থাপন কৰিছিল । তেওঁ কৈছিল যে ঝাৰখণ্ড উচ্চ ন্যায়ালয়তো এই সন্দৰ্ভত শুনানি চলি আছে ৷ কিন্তু সেই আবেদন প্ৰত্যাহাৰ কৰা হ'ব । তাৰ পিচতে আদালতে আজিৰ শুনানিৰ বাবে হেমন্ত ছোৰেনৰ আবেদন তালিকাভুক্ত কৰে ।

তাৎপৰ্যপূৰ্ণভাৱে, বুধবাৰে ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিচতে হেমন্ত ছোৰেনে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰা হৈছিল । বিষয়টো বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত শুনানি হৈছিল ।

এতিয়া উচ্চতম ন্যায়ালয় বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কি সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ প্ৰতি সকলো দৃষ্টি নিবদ্ধ হৈ আছে । হেমন্ত ছোৰেণৰ ভৱিষ্যৎ কি হ'ব, সেয়া এই শুনানিতে স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক : শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত হ'ব হেমন্ত ছোৰেনৰ আবেদনৰ শুনানি

Last Updated : Feb 2, 2024, 10:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.