ETV Bharat / bharat

সৈত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে দাখিল কৰা ধন আত্মসাৎ গোচৰৰ শুনানি স্থগিত

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:27 PM IST

Delhi Excise Scam Case: দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঙলবাৰে প্ৰাক্তন মন্ত্ৰী সৈত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ গোচৰৰ শুনানি স্থগিত ৰাখে । ন্যায়াধীশ উপলব্ধ নথকাৰ বাবে শুনানি স্থগিত । ১৭ ফেব্ৰুৱাৰীত হ'ব গোচৰটোৰ পৰৱৰ্তী শুনানি ।

Delhi Excise Scam Case
সৈতেন্দ্ৰ জৈনৰ বিৰুদ্ধে দাখিল কৰা ধন আত্মসাৎ গোচৰৰ শুনানি স্থগিত

নেশ্যনেল ডেস্ক,৩০ জানুৱাৰী : দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঙলবাৰে দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সৈত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ শুনানি স্থগিত ৰাখিছে । দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ধন আত্মসাৎ গোচৰৰ অভিযুক্ত প্ৰাক্তন মন্ত্ৰীগৰাকী । গোচৰটোৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ ৰাকেশ চিয়াল উপস্থিত নথকাৰ বাবে শুনানি স্থগিত ৰখা হৈছে । গোচৰটোৰ পৰৱৰ্তী শুনানি ১৭ ফেব্ৰুৱাৰীত গ্ৰহণ কৰা হ'ব ।

যোৱা বছৰ ২০ ডিচেম্বৰত আদালতে অভিযোগ উত্থাপনৰ ক্ষেত্ৰত আংশিক যুক্তি শুনিছিল । তাৰ পূৰ্বে ১ ডিচেম্বৰত আদালতে সৈত্যেন্দ্ৰ জৈনক নথিপত্ৰবোৰ পৰীক্ষা কৰিবলৈ অনুমতি দিছিল । ২০২৩ চনৰ ১৮ নৱেম্বৰত সৈতেন্দ্ৰ জৈনৰ হৈ নথিপত্ৰৰ পৰীক্ষা বিচাৰি এখন আবেদন দাখিল কৰা হৈছিল । শুনানিৰ সময়ত জৈনৰ অধিবক্তাই কৈছিল যে ইডিয়ে দিয়া তালিকাখন সম্পূৰ্ণ হোৱা নাই ।

২০২২ চনৰ জুলাইৰ পিচত এই গোচৰটোত তেওঁৰ আৰু সহ-অভিযুক্তৰ ভাষ্য গ্ৰহণ কৰা হৈছিল । যাৰ তথ্য এতিয়ালৈকে সংস্থাটোৱে জৈনক দিয়া নাই । তেওঁ কৈছিল যে যদি ২০২২ চনৰ জুলাইৰ পিচত কোনো ভাষ্য গ্ৰহণ কৰা হোৱা নাই, তেন্তে ইয়াক আদালতক অৱগত কৰিব লাগিব । কিয়নো ইডিৰ মতে গোচৰটোৰ তদন্ত এতিয়াও চলি আছে ।

অধিবক্তাই উল্লেখ কৰা মতে সাক্ষীৰ তালিকাত যোগেশ মালিকৰ নাম আছিল । কিন্তু তেওঁলোকক প্ৰদান কৰা তালিকাত যোগেশ মালিকৰ নাম উল্লেখ কৰা নাই । জৈনে দাবী কৰিছিল যে যদি সংস্থাটোৱে অভিযানৰ সময়ত একো জব্দ কৰা নাই, তেন্তে এইটোও প্ৰকাশ কৰিব লাগিব । কাৰণ সৈত্যেন্দ্ৰ জৈনৰ পুৰণি বাসগৃহৰ পৰা কিছুমান বস্তু নাইকীয়া হৈছে ।

সৈত্যেন্দ্ৰ জৈনে আদালতক কৈছিল যে ২০১৬ চনত তদন্ত আৰম্ভ হৈছিল । ৫ বছৰৰ পিচত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । ৮ বাৰকৈ ভাষ্য গ্ৰহণ কৰা হৈছিল । জৈনে ২০০৯-১০ আৰু ২০১০-১১ বৰ্ষত শ্বেল কোম্পানী স্থাপন কৰাৰ অভিযোগ আছে । এই কোম্পানীবোৰৰ ভিতৰত আছে আকিনচান ডেভেলপাৰচ প্ৰাইভেট লিমিটেড, ইণ্ড' মেটাল ইম্পেক্স প্ৰাইভেট লিমিটেড, প্ৰয়াস ইনফো ছলিউচনচ প্ৰাইভেট লিমিটেড, মঙ্গলয়তান প্ৰজেক্টছ প্ৰাইভেট লিমিটেড ।

লগতে পঢ়ক :ইডিৰ কাৰ্যালয়ত তেজস্বী যাদৱক জেৰা, বাহিৰত আৰজেডিৰ বৃহৎ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.