ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে গুগলৰ বিশেষ ডুডল
Googles doodle on 75th R Day : শিল্পী বৃন্দা ঝাভেৰীয়ে প্ৰস্তুত কৰিছে ডুডলৰ ডিজাইন । য'ত এনালগ টেলিভিছনৰ পৰা স্মাৰ্টফোনলৈ এই পৰিৱৰ্তনৰ সময়ত দেশৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ দৃশ্য দেখুওৱা হৈছে ।

Published : January 26, 2024 at 1:21 PM IST
নেশ্যনেল ডেস্ক, ২৬ জানুৱাৰী : আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস । দেশজুৰি ব্যাপকভাৱে গণতন্ত্ৰৰ এই মুহূৰ্ত উদযাপন কৰা দেখা গৈছে । ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে বিশ্বৰ সৰ্ববৃহৎ চাৰ্ছ ইঞ্জিন গুগলেও বিশেষ পদক্ষেপ লৈছে । গুগলে ভাৰতৰ ৭৫ সংখ্য়ক গণৰাজ্য দিৱস উপলক্ষে এক বিশেষ ডুডল মুকলি কৰিছে, য'ত এনালগ টেলিভিছনৰ পৰা স্মাৰ্টফোনলৈ দেশৰ যাত্ৰা দেখুওৱা হৈছে ।
ডুডল হৈছে এক প্ৰকাৰৰ স্কেচ যিয়ে আটাইতকৈ ডাঙৰ ঘটনা বা বিষয়বোৰ সৰল ধৰণে উপস্থাপন কৰে । আজিৰ গুগল ডুডলত বিগত কেইটামান দশকত ৰাজধানী দিল্লীত গণৰাজ্য দিৱসৰ কুচকাৱাজ কেনেদৰে পৰ্দাত দেখুওৱা হৈছে তাক আলোকপাত কৰিব বিচাৰিছে ।
১৯৪৭ চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিচত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত হৈছিল । বিগত বছৰবোৰত, আমি কেথ'ড ৰে টিউবৰ ডাঙৰ টেলিভিছন ছেটৰ পৰা সৰু টিভিলৈ আৰু তাৰ পিচত স্মাৰ্টফোনৰ পৰিৱৰ্তন দেখিছো । ডুডলত দুটা টিভি ছেট আৰু এটা মোবাইল ফোন দেখুওৱা হৈছে য'ত গুগলৰ 'G' আখৰটো বাওঁফালে প্ৰথম এনালগ টেলিভিছন ছেটৰ ওপৰত লিখা আছে আৰু দুটা টিভি স্ক্ৰীণ দুটা 'O' আখৰ হিচাপে দেখুওৱা হৈছে ।
'GOOGLE' শব্দটোৰ বাকী তিনিটা ইংৰাজী আখৰ 'GLE' সোঁফালে এটা ম'বাইল হেণ্ডছেটৰ স্ক্ৰীণত লিখা আছে । প্ৰথম টিভি স্ক্ৰীণত পেৰেডৰ এটা দৃশ্য ব্লেক এণ্ড হোৱাইটত দেখুওৱা হৈছে, দ্বিতীয় ৰঙীণ পৰ্দাত প্ৰযুক্তিৰ যাত্ৰাক আলোকপাত কৰিবলৈ উটৰ যাত্ৰা দেখুওৱা হৈছে ।
শিৰোনামটোত লিখা হৈছে যে ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে এই বিশেষ ডুডলটো সৃষ্টি কৰা হৈছে । যিয়ে ১৯৫০ চনৰ সেই দিনটোৰ কথা মনত পেলাই দিছে যেতিয়া ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ৰাষ্ট্ৰই নিজকে সাৰ্বভৌম, গণতন্ত্ৰ আৰু গণৰাজ্য বুলি ঘোষণা কৰিছিল । লগতে লিখা হৈছে যে অতিথি শিল্পী বৃন্দা ঝাভেৰীৰ দ্বাৰা এই ডুডলটো প্ৰস্তুত কৰা হৈছে । য'ত বিগত দশকবোৰত বিভিন্ন পৰ্দাত দেখিবলৈ পোৱা গণৰাজ্য দিৱসৰ কুচকাৱাজ দেখুওৱা হৈছে ।
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে টাইৱানৰ ব্যক্তিক পদ্মভূষণ সন্মান প্ৰদান ভাৰতৰ

