খাদ্য ৰান্ধোতে আপুনিও ব্যৱহাৰ কৰে নেকি এইসমূহ মছলা ? সাৱধান হওক... - FSSAI On MDH And Everest Samples

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 10:20 PM IST

MDH MASALA
FSSAI ON MDH AND EVEREST SAMPLES ()

FSSAI on MDH and EVEREST samples: হংকং আৰু ছিংগাপুৰত এম ডি এইচ আৰু এভাৰেষ্টৰ মছলা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ইয়াৰ পিচত ভাৰতীয় খাদ্য সুৰক্ষা মানক প্ৰাধিকৰণ (FSSAI) সক্ৰিয় হৈছে । বিষয়াসকলক ঘৰুৱা বজাৰত পোৱা সকলো মছলাৰ নমুনা সংগ্ৰহ কৰিবলৈ কৈছে । যদি কোনো কোম্পানীয়ে মিশ্ৰণৰ কামত জড়িত বুলি ধৰা পৰে তেন্তে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

নিউজ ডেস্ক, ২৩ এপ্ৰিল: ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে ইয়াৰ সকলো খাদ্য সুৰক্ষা বিষয়াক সমগ্ৰ ভাৰতৰ পৰা এমডিএইচ, এভাৰেষ্ট আৰু অন্যান্য সকলো মছলাৰ নমুনা সংগ্ৰহ কৰি মছলা প্ৰস্তুত কৰা কোম্পানীসমূহে মানক পদ্ধতি মানি চলিছে নে নাই সেইটো নিশ্চিত কৰিবলৈ কয় । হংকঙে অভিযোগ কৰে যে এই কোম্পানীসমূহৰ কেইবাটাও মছলাৰ মিশ্ৰণত গ্ৰহণযোগ্য সীমাৰ অধিক কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড থকাৰ অনুমান কৰা হৈছে ।

যোৱা সপ্তাহত ছিংগাপুৰেও এভাৰেষ্টৰ বিৰুদ্ধে একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । ই টিভি ভাৰতক এই কথা প্ৰকাশ কৰি এগৰাকী শীৰ্ষ বিষয়াই সংবাদদাতাক কয় যে ভাৰতৰ ২৩৯ টা মাইক্ৰ’ বায়’লজিকেল আৰু ৩০০টা এফএছএছআইৰ লেবত মছলাৰ সংগ্ৰহ কৰা সকলো নমুনা পৰীক্ষা কৰা হ’ব ।

এম ডি এইচ আৰু এভাৰেষ্ট মছলা বিক্ৰীত নিষেধাজ্ঞা

নাম প্ৰকাশ নকৰাকৈয়ে বিষয়াগৰাকীয়ে কয় যে অহা ১৫-২০ দিনৰ ভিতৰত এফ এছ এছ এ আইয়ে ফলাফল লাভ কৰিব । মছলা উৎপাদনত যদি কিবা অনিয়ম পোৱা যায় তেন্তে কোম্পানীটোৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থাই গ্ৰুপ ১ কাৰ্চিনোজেন হিচাপে শ্ৰেণীভুক্ত কৰা ইথিলিন অক্সাইডে স্তন কেন্সাৰৰ আশংকাকে ধৰি স্বাস্থ্যজনিত গুৰুতৰ বিপদৰ সৃষ্টি কৰে । এই বিষয়ত মছলা ব’ৰ্ডলৈও সতৰ্কবাণী জাৰি কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । দুয়োটা মছলা সামগ্ৰী কোম্পানী (এমডিএইচ আৰু এভাৰেষ্ট)কো তেওঁলোকৰ সামগ্ৰীৰ নমুনা প্ৰদান কৰিবলৈ কোৱা হৈছে ।

এফ এছ এছ এ আইৰ তদন্তৰ নিৰ্দেশ

বিষয়াগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি ২০২২-২৩ চনত এফ এছ এছ এআইয়ে ১,৭৭,৫১ টা ফল-মূল আৰু শাক-পাচলিৰ সামগ্ৰী বিশ্লেষণ কৰি ৰাসায়নিক মিশ্ৰণ পৰীক্ষা কৰিছিল । বিশ্লেষণ কৰা মুঠ নমুনাৰ ভিতৰত ৪৪,৬২৬টা নমুনা অসংগতিপূৰ্ণ বুলি পোৱা গৈছে । য’ত ৬,৫৭৯ টা অসুৰক্ষিত; ২১,৯১৭টা অমান্য আৰু ১৬,১৩০টা লেবেলিঙৰ দোষ আৰু বিভ্ৰান্তিকৰ বুলি কোৱা হৈছে । একে বছৰতে উৎপাদকসকলৰ বিৰুদ্ধে ৩৮,০৯৬টা দেৱানী গোচৰ ৰুজু হোৱাৰ ফলত ২৮,৪৬৪ জন লোকক দোষী সাব্যস্ত কৰা হয় আৰু তেওঁলোকৰ বিৰুদ্ধে ৩৩.২৩ কোটি টকাৰ জৰিমনা বিহা হয় ।

কেৱল এয়াই নহয়, একে বছৰতে ৪৮১৮টা অপৰাধমূলক গোচৰ ৰুজু হোৱাৰ লগতে শাস্তিৰ উপৰিও ১১৮৮ জন লোকৰ বিৰুদ্ধে ২.৭৫ কোটি টকাৰ জৰিমনা বিহা হয় ।

তথ্য অনুসৰি এফ এছ এছ এ আইয়ে বিভিন্ন মছলাৰ শিতানত ৩৮,৬৬১টা নমুনা, হালধি গুড়িৰ ৪৭৯ টা নমুনা আৰু মিশ্ৰিত মছলাৰ ৩৪৭৮টা নমুনাও সংগ্ৰহ কৰে । বৰ্তমান খাদ্য সামগ্ৰীৰ শ্ৰেণী (মছলা)ৰ অধীনত মুঠ ৫৬১৮৮ টা কেন্দ্ৰীয় অনুজ্ঞাপত্ৰ, ৰাজ্যিক অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন প্ৰদান কৰা হৈছে । ইফালে, নেচলে বিতৰ্কৰ কথা উল্লেখ কৰি বিষয়াগৰাকীয়ে কয় যে এফ এছ এছ এ আইৰ পৰীক্ষাগাৰৰ দ্বাৰা সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় শিশু খাদ্য সামগ্ৰীৰ ওপৰত একেধৰণৰ পৰীক্ষা কৰা হ’ব ।

লগতে পঢ়ক: ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিল সন্ধিয়া ৫ বজালৈকে ড্রাই ডে' - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.