ETV Bharat / bharat

নীতিশ কুমাৰলৈ নৰেন্দ্ৰ মোদীৰ ফোনকল

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 4:39 PM IST

Bihar political crisis: পদত্যাগ পত্ৰ দাখিল কৰিয়েই I.N.D.I.A. মিত্ৰজোঁটক সমালোচনা নীতিশ কুমাৰৰ ৷ দেওবাৰে সন্ধিয়া 4 বজাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে ।

Nitish Admits Getting Surprise Call From PM Modi
বন্ধুৰ পৰা শত্ৰু, শত্ৰুৰ পৰা আকৌ বন্ধুলৈ : নীতিশলৈ প্ৰধানমন্ত্ৰী মোদীৰ ফোন

নেশ্যনেল ডেস্ক, 28 জানুৱাৰী : বিহাৰৰ ৰাজনীতিয়ে এতিয়া সৰ্বত্ৰে তোলপাৰ লগাইছে ৷ অৱশেষত ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৷ ৰাজভৱনত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে নীতিশ কুমাৰে । ৰাজ ভৱন এৰি যোৱাৰ পিচত নীতিশ কুমাৰে কয়, "আজি মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো আৰু মই ৰাজ্যপালকো ৰাজ্য চৰকাৰখন ভংগ কৰিবলৈ কৈছো । একো ভাল হোৱা নাছিল বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হ’ল ৷ সকলোৰে পৰা মতামত শুনিলো । আজি চৰকাৰ ভংগ কৰা হৈছে ।"

ইয়াৰ পূৰ্বে দেওবাৰে পুৱা নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ বাসভৱনত ভিতৰত তেওঁৰ দলৰ বিধায়কসকলক সম্বোধন কৰে ৷ য'ত তেওঁ কয় যে, আৰজেডিৰ সৈতে কাম কৰাটো অতি কঠিন হৈ পৰিছে ৷ সেয়েহে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

পদত্যাগ কৰাৰ পিছত নীতিশ কুমাৰে কয়, "আৰজেডিৰ সৈতে সূচাৰুৰূপে কামসমূহ চলি থকা নাছিল ৷ আমি দলৰ প্ৰতিজন নেতাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছো ৷"

"আমি I.N.D.I.A. গঠন কৰিছো কিন্তু তেওঁলোকে ইয়াৰ ওপৰত কাম কৰা পৰিলক্ষিত হোৱা নাই ৷ পূৰ্বৱৰ্তী মিত্ৰতাৰ সৈতে কাম কৰাটো সহজ নাছিল । মই নীৰৱে সকলো চাই আছিলো । মই বিহাৰৰ সাধাৰণ লোকসকলৰ বাবে কাম কৰি আছিলো ৷" কুমাৰে লগতে কয় ৷

দেওবাৰে সন্ধিয়া 4 বজাত বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে । শপত গ্ৰহণত উপস্থিত থকাৰ সম্ভাৱনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পিচতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰক শুভেচ্ছা জনায় ৷

ইফালে, শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দেওবাৰে পাটনাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷

লগতে পঢ়ক: ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.