ETV Bharat / bharat

ইডিৰ জিম্মাৰ পৰা ওলাব পৰা নাই হেমন্ত ছোৰেন; তিনি দিনলৈ ম্যাদ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 9:10 PM IST

Hemant Soren ED remand: প্রাক্তন মুখ্যমন্ত্রী হেমন্ত ছোৰেনৰ জিম্মাৰ সময়সীমা পুনৰ বৃদ্ধি । ইডিৰ বিশেষ আদালতে আৰু তিনিদিনৰ বাবে হেমন্ত ছোৰেনক জিম্মাত লোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে ।

Hemant Soren ED remand
ED arrested Hemant Soren

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী: ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জিম্মাৰ ম্য়াদ আৰু তিনিদিন বৃদ্ধি । ভূমি জালিয়াতিৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৩১ জানুৱাৰীত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল ছোৰেনক । যোৱা ২ ফেব্ৰুৱাৰীত ৰাঁচীৰ বিশেষ PMLA (Prevention of Money Laundering Act) আদালতে তেওঁক ৫ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে । পিচত আদালতে ৭ ফেব্ৰুৱাৰীত ধন সৰবৰাহৰ গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ইডিৰ জিম্মাৰ ম্যাদ ৫ দিনৰ বাবে বৃদ্ধি কৰিছিল ।

ইফালে, সোমবাৰে ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ে ইডিৰ বিৰুদ্ধে ছোৰেনে দাখিল কৰা আবেদনৰ শুনানি ২৭ ফেব্ৰুৱাৰীলৈ স্থগিত ৰাখিছে । সেইদিনা আদালতে পুনৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব । ইয়াত ফেডাৰেল এজেন্সীক একত্ৰিত শপতনামা দাখিল কৰিবলৈ কোৱা হৈছে । মহাধিবক্তা ৰাজীৱ ৰঞ্জনে কয় যে তেওঁলোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছে আৰু উচ্চ ন্যায়ালয়ে তেওঁলোকৰ সংশোধিত আবেদন দাখিল কৰিবলৈ অনুমতি দিছে ।

"ইডিক একত্ৰিত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে । আদালতে ২৭ ফেব্ৰুৱাৰীক চূড়ান্ত নিষ্পত্তিৰ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে । আমাৰ আবেদনৰ সংশোধনীৰ অনুমতি দিয়া হৈছে । এতিয়া শুনানি হ'ব পৰিস্থিতিৰ পাকত ৷ এইটো এটা ভাল ইংগিত, এতিয়া আমি সকলো তথ্য আদালতৰ সন্মুখত ৰাখিব পাৰিম ।’’ এইদৰে কয় ছোৰেনৰ অধিবক্তা ৰঞ্জনে ।

ৰঞ্জনে লগতে কয়, "আমাৰ সংশোধনী আবেদনত আমি কৈছো যে সমগ্ৰ প্ৰক্ৰিয়াটো (হেমন্ত ছোৰেনৰ বিৰুদ্ধে ইডিয়ে আৰম্ভ কৰা ) কু-অভিপ্ৰায়ৰ দ্বাৰা প্ৰেৰিত । কোনো অপৰাধ নাছিল যদিও শাসনত থকা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্ত চলি আছিল ৷ ইডিয়ে নিজৰ ক্ষমতাৰ বাহিৰত কাম কৰিছিল । আমি ইডিৰ সমগ্ৰ কাৰ্য্যবিধিক প্ৰত্যাহ্বান জনাইছে । ই অবৈধ ।’’ ৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক ছোৰেনৰ আবেদনৰ উত্তৰ দাখিল কৰিবলৈ কৈছিল ।

লগতে পঢ়ক: বিহাৰৰ মচনদ আকৌ নীতিশৰ হাতলৈ; ১৩০ গৰাকী বিধায়কৰ আস্থা ভোট নীতিশলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.