ETV Bharat / bharat

ভূমিৰ বিনিময়ত চাকৰি; ৰাবড়ী দেৱীসহ লালুৰ আত্মীয়ৰ অন্তৰ্ৱৰ্তীকালীন জামিন লাভ

Land For Job Scam : ইডিয়ে 1 জানুৱাৰীত ধন আত্মসাত প্ৰতিৰোধ আইন, 2002-ৰ অধীনত সংঘটিত এক কেলেংকাৰীত অমিত কাটিয়াল, ৰাবড়ী দেৱী, মিছা ভাৰতী, হেমা যাদৱ, হৰিদ্যানন্দ চৌধুৰী আৰু দুটা কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ।

কন্যাসহ আদালতত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী
কন্যাসহ আদালতত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 12:14 PM IST

|

Updated : February 9, 2024 at 1:09 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আৰু তেওঁৰ কন্যা মিছা ভাৰতী আৰু হেমা যাদৱক আদালতৰ সকাহ । শুকুৰবাৰে ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী গোচৰত ৰাউজ এভিনিউ আদালতে তেওঁলোকক পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে । আনহাতে, জামিনৰ বিষয়টো বিবেচনাৰ বাবে ২৮ ফেব্ৰুৱাৰীত তালিকাভুক্ত কৰা হৈছে ।

প্ৰৱৰ্তন সঞ্চালকালয়ে এক বিজ্ঞপ্তিত কয় যে অমিত কাটিয়াল, ৰাবড়ী দেৱী, মিছা ভাৰতী, হেমা যাদৱ আৰু হৰিদ্যানন্দ চৌধুৰীয়ে ইতিমধ্যে পিএমএলএ আদালতৰ পৰা জাননী লাভ কৰিছে, যাৰ বাবে তেওঁলোক গোচৰটোৰ পৰৱৰ্তী বিচাৰৰ বাবে ৯ ফেব্ৰুৱাৰীত হাজিৰ হ'ব লাগিব । ৰাবড়ী, মিছা আৰু হেমা আদালতত সোঁশৰীৰে উপস্থিত থকাৰ বিপৰীতে অমিত কাটিয়াল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উপস্থিত থাকে ।

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী আদালতত উপস্থিত হ'বৰ বাবে বুধবাৰে সন্ধিয়া দিল্লীত উপস্থিত হয় । ইয়াৰ পূৰ্বে ২৯ জানুৱাৰীত ইডিয়ে পাটনাত আৰজেডিৰ সভাপতি লালুপ্ৰসাদ যাদৱক ১০ ঘণ্টা আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ৩০ জানুৱাৰীত ৮ ঘণ্টা ধৰি সোধা-পোছা কৰে । আদালতে এই গোচৰটোৰ আন কেইবাজনো অভিযুক্তকো শুকুৰবাৰে আদালত হাজিৰ হ'বলৈ চমন জাৰি কৰিছিল ।

উল্লেখ্য যে ইডিয়ে ৮ জানুৱাৰীত ৰাবড়ী দেৱী, মিছা ভাৰতী, অমিত কাটিয়াল, হেমা যাদৱ, হৃদয়ানন্দ চৌধুৰী আৰু দুটা কোম্পানীৰ বিৰুদ্ধে পিএমএলএ, ২০০২-ৰ ধাৰাৰ অধীনত অভিযোগ দাখিল কৰে । ইয়াৰ পিছত ৰাবড়ী দেৱী আৰু মিছা ভাৰতী শুকুৰবাৰে গোচৰটো সন্দৰ্ভত আদালতত উপস্থিত হয় । এই গোচৰৰ অভিযোগনামা অনুসৰি, লালু পৰিয়ালৰ বিৰুদ্ধে ৬০০ কোটি টকাৰ ধন আত্মসাতৰ অভিযোগ আছে ।

এই গোচৰটোত ইডিয়ে বৰ্তমান চিবিআইৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আছে । ইয়াত অভিযোগ কৰা হৈছে যে ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে, লালুপ্ৰসাদ যাদৱ ইউপিএ চৰকাৰত ৰে'ল মন্ত্ৰী থকাৰ সময়ত ৰে'লৱেৰ গ্ৰুপ ডিত ভূমিৰ বিনিময়ত চাকৰি প্ৰদান কৰিছিল । অৰ্থাৎ চাকৰিৰ বিনিময়ত প্ৰাৰ্থীসকলৰ পৰা উপঢৌকন হিচাপে ভূমি লোৱা হৈছিল ।

একে সময়তে ইডিয়ে নিজৰ প্ৰেছ নোটত কৈছে যে লালুপ্ৰসাদ যাদৱৰ পাৰিবাৰিক দুৰ্নীতিত অভিযুক্ত ৰাবড়ী দেৱী, মিছা ভাৰতী, হেমা যাদৱে প্ৰাৰ্থীৰ পৰিয়ালৰ পৰা সামান্য পৰিমাণৰ ধনৰ বিনিময়ত মাটিৰ দখল লাভ কৰিছিল । আনহাতে, চিবিআয়ে দিল্লীৰ ৰাউজ এভিনিউ আদালতক জনাইছে যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এখন পৰিপূৰক অভিযোগনাম তেওঁলোকে দাখিল কৰাৰ কথা আছে । অৰ্থাৎ ইয়াৰ পৰা এইটো স্পষ্ট যে লালুপ্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালে এই মুহূৰ্তত এই গোচৰটোত কোনো সকাহ পোৱাৰ আশা নাই ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ বিমান ভ্ৰমণৰ ব্যয়; সংসদত আলোচনা বিচাৰিলে গৌৰৱ গগৈয়ে

Last Updated : February 9, 2024 at 1:09 PM IST