ETV Bharat / bharat

মুখ্যমন্ত্ৰীৰ বিমান ভ্ৰমণৰ ব্যয়; সংসদত আলোচনা বিচাৰিলে গৌৰৱ গগৈয়ে

author img

By ANI

Published : Feb 9, 2024, 11:34 AM IST

Updated : Feb 9, 2024, 12:29 PM IST

মুখ্যমন্ত্ৰীৰ বিমান ভ্ৰমণৰ ব্যয় সংসদত উত্থাপন গৌৰৱ গগৈৰ
মুখ্যমন্ত্ৰীৰ বিমান ভ্ৰমণৰ ব্যয় সংসদত উত্থাপন গৌৰৱ গগৈৰ

Gourav Gogoi on Assam CM : গৌৰৱ গগৈয়ে অভিযোগ কৰে যে কিছুমান চাৰ্টাৰ্ড বিমান অসমৰ বাহিৰৰ ৰাজনৈতিক অনুষ্ঠান আৰু বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি উলংঘা হোৱাৰ সম্ভাৱনা আছে ।

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : শুকুৰবাৰে লোকসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিমান ভ্ৰমণত অসম চৰকাৰৰ ব্যয় সন্দৰ্ভত আলোচনাৰ দাবীত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।

কলিয়াবৰৰ কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভিআইপিসকলৰ বেচৰকাৰী উদ্দেশ্যকে ধৰি অন্যান্যৰ বাবে বিমান ভ্ৰমণত ব্যয় কৰা ৫৮,২৩,০৭,১০৪ টকা অতি চিন্তাৰ বিষয় ।

"মই ইয়াৰ দ্বাৰা জৰুৰী গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনাৰ উদ্দেশ্যে সদনৰ কাম-কাজ স্থগিত ৰখাৰ বাবে এটা সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিবলৈ জাননী দিছোঁ । বিষয়টো হৈছে অসম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য ভিআইপিসকলৰ বাবে বিমান ভ্ৰমণত ৫৮,২৩,০৭,১০৪ টকা ব্যয় কৰাৰ শেহতীয়া প্ৰতিবেদন । বেচৰকাৰী উদ্দেশ্যৰ বাবে ইমান পৰিমাণৰ চৰকাৰী ধন খৰচ কৰাটো অতি চিন্তনীয় বিষয় । এই পৰিমাণটো হৈছে যথেষ্ট পৰিমাণৰ ৰাজহুৱা ধনৰ খৰচ । ইয়াক অসমত গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প বা সমাজ কল্যাণমূলক পদক্ষেপৰ বাবে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন । মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ইয়াৰ আৱণ্টন বিশেষকৈ বেচৰকাৰী উদ্দেশ্যৰ বাবে, বিত্তীয় অগ্ৰাধিকাৰ আৰু দায়বদ্ধতাৰ ক্ষেত্ৰত গুৰুতৰ উদ্বেগৰ সৃষ্টি কৰে ।" কংগ্ৰেছ সাংসদগৰাকীয়ে লোকসভাৰ মহাসচিবলৈ লিখা এখন পত্ৰত এনেদৰে লিখিছে ।

গৌৰৱ গগৈয়ে লগতে অভিযোগ কৰে যে কিছুমান চাৰ্টাৰ্ড বিমান অসমৰ বাহিৰৰ ৰাজনৈতিক অনুষ্ঠান আৰু বিবাহ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি উলংঘা হোৱাৰ সম্ভাৱনা আছে ।

"সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কিছুমান চাৰ্টাৰ্ড বিমান অসমৰ বাহিৰৰ ৰাজনৈতিক অনুষ্ঠান আৰু বিবাহ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ ফলত নিৰ্বাচন আয়োগৰ আদৰ্শ আচৰণ বিধি উলংঘা হোৱাৰ সম্ভাৱনা আছে । ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে ৰাজহুৱা সম্পদৰ এই অপব্যৱহাৰৰ তাৎক্ষণিকভাৱে তদন্তৰ প্ৰয়োজন । ভ্ৰমণ ব্যয়ৰ বিৱৰণ, যাৰ ভিতৰত আছে নিৰ্দিষ্ট উদ্দেশ্য, গন্তব্যস্থান আৰু বাণিজ্যিক বিকল্পৰ পৰিৱৰ্তে চাৰ্টাৰ্ড বিমান ব্যৱহাৰৰ যুক্তিযুক্ততা অস্পষ্ট হৈ আছে । যদি ভিআইপি ভ্ৰমণৰ ক্ষেত্ৰত এনে অত্যধিক ব্যয় নিয়ন্ত্ৰণহীন হয়, ই আন ৰাজ্যবোৰৰ বাবে এক বিপজ্জনক দৃষ্টান্ত স্থাপন কৰিব আৰু দায়িত্বশীল বাজেট আৱণ্টনৰ নীতিকো উপলুঙা কৰিব । এই বিষয়টোৱে নৈতিক শাসন বজাই ৰখা আৰু ভৱিষ্যতে একে ধৰণৰ অপব্যৱহাৰ প্ৰতিহত কৰিবলৈ তাৎক্ষণিক মনোযোগ দাবী কৰে । মই বিশ্বাস কৰোঁ যে এই বিষয়টো ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ এক বিষয় ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে শুকুৰবাৰে পুৱা ১১ বজাত সংসদ পুনৰ অনুষ্ঠিত হ'ব । লোকসভাৰ সদস্যসকলে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ ১০ বছৰৰ অৰ্থনৈতিক ব্যৱস্থাপনাক ভাৰতীয় জনতা পাৰ্টীশাসিত ১০ বছৰৰ কাৰ্যকালৰ সৈতে তুলনা কৰি উত্থাপন কৰা 'শ্বেতপত্ৰ' সন্দৰ্ভত এক আলোচনাত অংশগ্ৰহণ কৰিব ।

আনহাতে, ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে শুকুৰবাৰে জম্মু-কাশ্মীৰ স্থানীয় সংস্থা আইন (সংশোধনী) বিধেয়ক, ২০২৪ বিবেচনা আৰু গৃহীত কৰাৰ বাবে আবেদন কৰিব । বিধেয়কখনে জম্মু-কাশ্মীৰ পঞ্চায়তীৰাজ আইন, 1989 (1989 চনৰ নৱম), জম্মু-কাশ্মীৰ পৌৰ আইন, 2000 (2000 চনৰ বিংশতিতম) আৰু জম্মু-কাশ্মীৰ পৌৰ নিগম আইন, 2000 (2000 চনৰ একৈশ সংখ্যক)ত সংশোধনী প্ৰদান কৰে । এয়া লোকসভাই ইতিমধ্যে গৃহীত কৰিছে আৰু ৰাজ্যসভাত বিবেচনাৰ বাবে উত্থাপন কৰা হ'ব ।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে বিবেচনা আৰু গৃহীত কৰাৰ বাবে উচ্চ সদনত ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক, 2024 আবেদন জনাব । লোকসভাত গৃহীত হোৱা বিধেয়কখনৰ উদ্দেশ্য হৈছে ৰাজহুৱা পৰীক্ষাত নকল প্ৰতিৰোধ কৰা আৰু ইয়াৰ সৈতে সম্পৰ্কিত বা আনুষঙ্গিক বিষয়বোৰ ।

লগতে পঢ়ক : হেলিকপ্টাৰ উৰুৱাবলৈ এদিনত কিমান খৰচ কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে ?

Last Updated :Feb 9, 2024, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.