ওড়িশাত ৫ ভোটগ্ৰহণ বিষয়াক নিলম্বন, দুজনক গ্ৰেপ্তাৰ - lok sabha election 2024
Polling official suspended in Odisha : ভাৰতীয় নিৰ্বাচন আয়োগে ওড়িশাৰ বঢ়মপুৰ লোকসভা সমষ্টিত পাঁচজন ভোটগ্ৰহণ বিষয়াক নিলম্বন কৰে । লগতে কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত তেওঁলোকৰ দুজনক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে ।

Published : May 13, 2024 at 10:20 PM IST
নিউজ ডেস্ক, ১৩ মে' : সোমবাৰে দেশৰ ১০ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত অনুষ্ঠিত হয় লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ । এই পৰ্যায়ৰ ভোটগ্ৰহণত বিভিন্ন কেন্দ্ৰত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় । আনহাতে, ভাৰতীয় নিৰ্বাচন আয়োগে ওড়িশাৰ বঢ়মপুৰ লোকসভা সমষ্টিত ভোটগ্ৰহণ বিষয়াসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । এই সময়ছোৱাত তেওঁলোকৰ মাজৰ পাঁচজনক নিলম্বন কৰা হয় । লগতে কৰ্তব্যত অৱহেলা কৰাৰ বাবে তেওঁলোকৰ দুজনক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে ।
ওড়িশাৰ মুখ্য নিৰ্বাচন বিষয়া (চিইঅ') নিকুঞ্জা বিহাৰী ধলে এই সন্দৰ্ভত কয় যে গঞ্জামৰ জিলা আয়ুক্তক নিৰ্বাচনী কামত অৱহেলা কৰাৰ বাবে দুজন প্ৰিজাইডিং বিষয়াক গ্ৰেপ্তাৰ আৰু নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
মুখ্য কাৰ্যবাহী বিষয়া নিকুঞ্জা বিহাৰী ধলে কয়, "আমি গঞ্জামৰ জিলা আয়ুক্তক তিনিটা ভোটকেন্দ্ৰৰ তিনিজন প্ৰিজাইডিং বিষয়াক নিলম্বন কৰিবলৈ আৰু কৰ্তব্যত গুৰুতৰ অৱহেলা কৰাৰ বাবে তেওঁলোকৰ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ ।" উল্লেখ্য যে গোপালপুৰ বিধানসভা সমষ্টিৰ ১৯৩ নম্বৰ ভোটকেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াজনক নিলম্বন কৰা হৈছে । আনহাতে, গঞ্জাম জিলাৰ চত্ৰপুৰ বিধানসভা সমষ্টিৰ ২৭ আৰু ১৬৩ বুথ নম্বৰৰ প্ৰিজাইডিং বিষয়াকো নিলম্বন কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্য কাৰ্যবাহী বিষয়াই কয় ।
ইফালে দিনটোৰ আৰম্ভণিতে মুখ্য কাৰ্যবাহী বিষয়াই কালাহাণ্ডি জিলাৰ নাৰলা বিধানসভা সমষ্টিত এজন আৰু গঞ্জাম জিলাৰ চিকিটি বিধানসভা সমষ্টিত আন এজন ভোটগ্ৰহণ বিষয়াক নিলম্বন কৰে । নিৰ্বাচনৰ সময়ত তেওঁলোকে জ্যেষ্ঠ ভোটাৰৰ সৈতে অসদাচৰণত লিপ্ত হোৱাৰ বাবে পাঁচজন ভোটগ্ৰহণ বিষয়াক নিলম্বন কৰা হৈছে । নিৰ্বাচন সমিতিৰ সূত্ৰত প্ৰকাশ ।
লগতে পঢ়ক :10 ৰাজ্যৰ 96 টা সমষ্টিত ভোটগ্ৰহণ; সন্ধিয়া 5 বজালৈ ভোটদানৰ হাৰ 62.31% - Lok Sabha Election 2024

